--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিয়েই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।  ৰাহুলে আজি পুনৰ কয়  "আদানি দুৰ্নীতিৰ প্ৰতীক। "

উল্লেখ্য কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন ১০ মে'ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাহুলে ৫ এপ্ৰিলত কোলাৰত এক ৰেলী সম্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ কথা আছিল। অৱশ্যে কোলাৰ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত নোহোৱাৰ বাবে ৰেলী বাতিল কৰা হৈছিল।  প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই প্ৰথমতে কোলাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিল। কিন্তু কংগ্ৰেছ হাইকমাণ্ডে তেওঁৰ অনুৰোধ গ্ৰহণ কৰা নাই।  ইয়াৰ পিছতে কংগ্ৰেছে জেডি(এছ)ৰ পৰা কংগ্ৰেছলৈ অহা সদানন্দ গৌড়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

ৰাহুলৰ ভ্ৰমণৰ এদিন আগতে তেওঁৰ নাম  ঘোষণা কৰা হৈছিল। দৰাচলতে কংগ্ৰেছে ৰাহুলক কোলাৰলৈ পঠিয়াই সহানুভূতিৰ ভোট আদায় কৰিব বিচাৰিছে।  ২০১৯ চনত ৰাহুলে কৈছিল যে সকলো মোদীয়েই চোৰ। ৰাহুলক তেওঁৰ মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড বিহা  হৈছিল। তেওঁৰ সংসদৰ সদস্য পদো কৰ্তন কৰা   হৈছিল। বিজেপিয়ে  এইবুলি প্ৰচাৰ আৰম্ভ কৰিছিল যে কংগ্ৰেছ নেতাজনে সকলো মোদী চোৰ বুলি কৈ দলিতসকলক অপমান কৰিছে।

 ৰাহুলে আজি কোলাৰত থিয় হৈ ইয়াৰ উত্তৰ দিয়ে। ৰাহুলে কয় "চৰকাৰে বাৰে বাৰে অ'বিচিসকলক অপমান কৰাৰ কথা কয়। কিন্তু চৰকাৰে জাতিগত লোকপিয়ল কিয় কৰা নাই? তেওঁলোকে কিয় নকয় যে দেশখনত কিমান অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি আছে আৰু তেওঁলোকৰ মাজৰ পৰা  চৰকাৰত কিমান লোকে প্ৰতিনিধিত্ব কৰিছে?"

 গান্ধীয়ে কয়, "বিজেপিয়ে বিৰোধীৰ কথা কোৱাৰ অধিকাৰ দেশত কাঢ়ি লৈছে । মোক আনকি সংসদত কথা ক'বলৈও অনুমতি দিয়া হোৱা নাছিল।’’   কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে দাবী কৰে  যে কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব আৰু প্ৰথম কেবিনেট বৈঠকতে সকলো নিৰ্বাচনী  প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ