--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিয়েই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।  ৰাহুলে আজি পুনৰ কয়  "আদানি দুৰ্নীতিৰ প্ৰতীক। "

উল্লেখ্য কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন ১০ মে'ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাহুলে ৫ এপ্ৰিলত কোলাৰত এক ৰেলী সম্বোধন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ কথা আছিল। অৱশ্যে কোলাৰ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত নোহোৱাৰ বাবে ৰেলী বাতিল কৰা হৈছিল।  প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই প্ৰথমতে কোলাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিল। কিন্তু কংগ্ৰেছ হাইকমাণ্ডে তেওঁৰ অনুৰোধ গ্ৰহণ কৰা নাই।  ইয়াৰ পিছতে কংগ্ৰেছে জেডি(এছ)ৰ পৰা কংগ্ৰেছলৈ অহা সদানন্দ গৌড়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। 

ৰাহুলৰ ভ্ৰমণৰ এদিন আগতে তেওঁৰ নাম  ঘোষণা কৰা হৈছিল। দৰাচলতে কংগ্ৰেছে ৰাহুলক কোলাৰলৈ পঠিয়াই সহানুভূতিৰ ভোট আদায় কৰিব বিচাৰিছে।  ২০১৯ চনত ৰাহুলে কৈছিল যে সকলো মোদীয়েই চোৰ। ৰাহুলক তেওঁৰ মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড বিহা  হৈছিল। তেওঁৰ সংসদৰ সদস্য পদো কৰ্তন কৰা   হৈছিল। বিজেপিয়ে  এইবুলি প্ৰচাৰ আৰম্ভ কৰিছিল যে কংগ্ৰেছ নেতাজনে সকলো মোদী চোৰ বুলি কৈ দলিতসকলক অপমান কৰিছে।

 ৰাহুলে আজি কোলাৰত থিয় হৈ ইয়াৰ উত্তৰ দিয়ে। ৰাহুলে কয় "চৰকাৰে বাৰে বাৰে অ'বিচিসকলক অপমান কৰাৰ কথা কয়। কিন্তু চৰকাৰে জাতিগত লোকপিয়ল কিয় কৰা নাই? তেওঁলোকে কিয় নকয় যে দেশখনত কিমান অনুসূচীত জাতি, অনুসূচীত জনজাতি, অ'বিচি আছে আৰু তেওঁলোকৰ মাজৰ পৰা  চৰকাৰত কিমান লোকে প্ৰতিনিধিত্ব কৰিছে?"

 গান্ধীয়ে কয়, "বিজেপিয়ে বিৰোধীৰ কথা কোৱাৰ অধিকাৰ দেশত কাঢ়ি লৈছে । মোক আনকি সংসদত কথা ক'বলৈও অনুমতি দিয়া হোৱা নাছিল।’’   কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে দাবী কৰে  যে কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব আৰু প্ৰথম কেবিনেট বৈঠকতে সকলো নিৰ্বাচনী  প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন