--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সংক্ৰমণৰ ক্ষেত্ৰত দেশত যোৱা চাৰিদিনৰ সংক্ৰমণৰ ঘটনাসমূহে এতিয়াও বহুতকে চিন্তিত কৰি ৰখা পৰিলক্ষিত হৈছে।  দেওবাৰে শনিবাৰৰ তুলনাত সংক্ৰমণৰ ঘটনা  নাম মাত্ৰ হ্ৰাস হৈছে। তথাপিও সংক্ৰমণৰ সংখ্যাটো ১০,০০০ তকৈও অধিক হৈয়েই আছে। 
বিশেষজ্ঞসকলে কৈছে যে  অনাগত দিনবোৰত কোভিডৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি হ'ব।বিশেষকৈ মে’ মাহত সংক্ৰমণ অধিক হোৱাৰ আশংকা থকা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে। 

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি দেশত যোৱা ২৪  ঘণ্টাত ১০,০৯৩ গৰাকী লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। কালি সেই সংখ্যা ১১,০০০ তকৈ অলপ কম আছিল। সংক্ৰমণৰ ঘটনাএদিনতে সামান্য হ্ৰাস পাইছে। অৱশ্যে উদ্বেগজনক কথাটো হ'ল এয়াই যে দেশৰ দৈনিক ইতিবাচকৰ  হাৰ প্ৰায় ৬.৭৮ শতাংশলৈ বৃদ্ধি হৈছে। 

সাপ্তাহিক ইতিবাচকৰ  হাৰও ৪.৪৯ শতাংশলৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫৭,৫৪২ গৰাকী।

যোৱা ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মুঠ ১৯  জন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা ৫,৩১,১১৪ লৈ বৃদ্ধি পাইছে। ৰোগ আৰোগ্যৰ হাৰো অলপ কম হৈ আছে। বৰ্তমান কোভিডৰ পৰা মুক্ত হোৱাৰ  হাৰ হৈছে ৯৮.৬৮  শতাংশ। কেইদিনমান আগতে এই হাৰ প্ৰায় ৯৯ শতাংশত উপনীত হৈছিল।

 মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক হৈ আছে। কেৱল দিল্লীতে  যোৱা ২৪  ঘণ্টাত ১,৩৯৬ গৰাকী লোক কোভিডত আক্ৰান্ত  হৈছে। দিল্লীত ইতিবাচকৰ হাৰ ৩১.৯ শতাংশলৈ বৃদ্ধি পাইছে।বিশেষজ্ঞসকলে কয় যে এই পৰ্যায়ত সংক্ৰমণ চলি থাকিলে  মে' মাহত দেশত কৰোনা সংক্ৰমণ সৰ্বাধিক হ'ব। মে’ মাহত দৈনিক সংক্ৰমণ ৫০,০০০ৰ পৰা ৬০,০০০ হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন