--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সংক্ৰমণৰ ক্ষেত্ৰত দেশত যোৱা চাৰিদিনৰ সংক্ৰমণৰ ঘটনাসমূহে এতিয়াও বহুতকে চিন্তিত কৰি ৰখা পৰিলক্ষিত হৈছে।  দেওবাৰে শনিবাৰৰ তুলনাত সংক্ৰমণৰ ঘটনা  নাম মাত্ৰ হ্ৰাস হৈছে। তথাপিও সংক্ৰমণৰ সংখ্যাটো ১০,০০০ তকৈও অধিক হৈয়েই আছে। 
বিশেষজ্ঞসকলে কৈছে যে  অনাগত দিনবোৰত কোভিডৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি হ'ব।বিশেষকৈ মে’ মাহত সংক্ৰমণ অধিক হোৱাৰ আশংকা থকা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰি আহিছে। 

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি দেশত যোৱা ২৪  ঘণ্টাত ১০,০৯৩ গৰাকী লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। কালি সেই সংখ্যা ১১,০০০ তকৈ অলপ কম আছিল। সংক্ৰমণৰ ঘটনাএদিনতে সামান্য হ্ৰাস পাইছে। অৱশ্যে উদ্বেগজনক কথাটো হ'ল এয়াই যে দেশৰ দৈনিক ইতিবাচকৰ  হাৰ প্ৰায় ৬.৭৮ শতাংশলৈ বৃদ্ধি হৈছে। 

সাপ্তাহিক ইতিবাচকৰ  হাৰও ৪.৪৯ শতাংশলৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫৭,৫৪২ গৰাকী।

যোৱা ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মুঠ ১৯  জন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা ৫,৩১,১১৪ লৈ বৃদ্ধি পাইছে। ৰোগ আৰোগ্যৰ হাৰো অলপ কম হৈ আছে। বৰ্তমান কোভিডৰ পৰা মুক্ত হোৱাৰ  হাৰ হৈছে ৯৮.৬৮  শতাংশ। কেইদিনমান আগতে এই হাৰ প্ৰায় ৯৯ শতাংশত উপনীত হৈছিল।

 মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক হৈ আছে। কেৱল দিল্লীতে  যোৱা ২৪  ঘণ্টাত ১,৩৯৬ গৰাকী লোক কোভিডত আক্ৰান্ত  হৈছে। দিল্লীত ইতিবাচকৰ হাৰ ৩১.৯ শতাংশলৈ বৃদ্ধি পাইছে।বিশেষজ্ঞসকলে কয় যে এই পৰ্যায়ত সংক্ৰমণ চলি থাকিলে  মে' মাহত দেশত কৰোনা সংক্ৰমণ সৰ্বাধিক হ'ব। মে’ মাহত দৈনিক সংক্ৰমণ ৫০,০০০ৰ পৰা ৬০,০০০ হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ