--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত এতিয়া গুড্ডু মুছলিম। যোগী চৰকাৰৰ এনকাউণ্টাৰত মৃত্যু হোৱা গেংষ্টাৰ আতিক আহমেদে মুখত শুনা গৈছিল গুড্ডু মুছলিমৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আতিকে কয় যে, "আচল কথাটো হ'ল গুড্ডু মুছলিম..."। এই কথাৰ মাজতে দুষ্কৃতিকাৰীয়ে আৰক্ষীৰ নিৰাপত্তা ভাঙি পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা আতিকৰ মূৰত গুলীচালনা কৰে। ফলত গুদ্দু মুছলিমৰ বিষয়ে আতিকে কি ক’ব বিচাৰিছিল সেয়া এতিয়াও লুকাই আছে। আতিকৰ শেষৰ কেইটামান কথাৰ উত্তৰ বিচাৰি আছে আৰক্ষীয়ে। একে সময়তে গুড্ডু মুছলিমকো বিচাৰিছে।

কিন্তু এই গুড্ডু কোন? আতিক-আশ্ৰফৰ সৈতে তেওঁৰ কি সম্পৰ্ক? উত্তৰ প্ৰদেশ কঁপাই যোৱা উমেশ পাল হত্যাকাণ্ডৰ বহু অভিযুক্তৰ নাম পোহৰলৈ আহিছে। আৰক্ষীৰ ‘এনকাউণ্টাৰ’ত ইতিমধ্যে এই ঘটনাৰ লগত জড়িত দুজন অভিযুক্তৰ মৃত্যু হৈছে। তেওঁলোক হৈছে আতিকৰ পুত্ৰ আছাদ আৰু তেওঁৰ সংগী গুলাম। কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আছে চোকা শ্বুটাৰ।

কিন্তু আতিকৰ মৃত্যুৰ পিছতে গুড্ডু মুছলিমৰ নাম বেছিকৈ চৰ্চা হৈছে। এই গুড্ডু উমেশ পাল হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত। ২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজৰ ঘৰৰ সন্মুখত হত্যা কৰা বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ একমাত্ৰ সাক্ষী আছিল উমেশ পাল। আৰক্ষীৰ সূত্ৰ অনুসৰি সেইদিনাৰ ঘটনাত এই গুড্ডুইয়ে ইটোৰ পিছত সিটোকৈ বোমা নিক্ষেপ কৰিছিল। বোমা বিস্ফোৰণত পাকৈত গুড্ডুৰ আন এটা নাম হ’ল ‘বোমাবাজ গুড্ডু’।

গুড্ডুৰ চিনাকি মানুহে দাবী কৰে যে তেওঁ সৰুৰে পৰা সাংঘাটিক আছিল। গুড্ডুৰ জন্ম হৈছিল তেতিয়াৰ এলাহাবাদ (বৰ্তমান প্ৰয়াগৰাজ)ত। স্কুলীয়া দিনৰে পৰা অপৰাধৰ জগতখনৰ লগত জড়িত হৈ আহিছিল গুড্ডুৱে। তেওঁ লুণ্ঠন, ধন দাবীৰ দৰে ঘটনাৰ লগত জড়িত আছিল। এই সময়ছোৱাত তেওঁ বহু অপৰাধীৰ সংস্পৰ্শলৈ আহিছিল। গুড্ডুৱে সেই সময়ৰ পৰাই বোমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। যিহেতু তেওঁৰ নামটো প্ৰতিদিনে কোনোবা নহয় কোনোবা অপৰাধৰ লগত জড়িত হৈ আছিল, সেয়েহে তেওঁৰ পৰিয়ালৰ লোকে তেওঁক পঢ়া-শুনাৰ বাবে লক্ষ্ণৌলৈ পঠিয়াইছিল।

কিন্তু ইয়াৰ পৰাই তেওঁ ডাঙৰ অপৰাধৰ লগত জড়িত হ’বলৈ ধৰিলে। গুড্ডুৰ ঘনিষ্ঠ লোকৰ মতে, তেওঁ লক্ষ্ণৌলৈ আহি দুজন গেংষ্টাৰ অভয় সিং আৰু ধনঞ্জয় সিঙক লগ পায়। সেই সময়ত গুড্ডুৱে লক্ষ্ণৌ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। ১৯৯৭ চনত মিছনেৰী স্কুলৰ এজন শিক্ষকক হত্যা কৰি তেওঁ শিৰোনাম দখল কৰিছিল। পিছত আতিক আহমেদে গেঙত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement