--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানি-হিণ্ডেনবাৰ্গ প্ৰসংগকলৈ উত্তাল হৈ আছে দেশ।এনে সময়তে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে শ্বেয়াৰ বজাৰত ভাৰতীয় বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত থকাটো নিশ্চিত কৰাৰ বাবে এক শক্তিশালী প্ৰণালী থাকিব লাগে আৰু  বিনিয়োগকাৰীৰ স্বাৰ্থসুৰক্ষিতহ'ব লাগে। 

আদানি গ্ৰুপৰ ষ্টক মূল্যৰ "কৃত্ৰিম বৃদ্ধি"ৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু বজাৰ নিয়ন্ত্ৰক ছেবিৰ মতামত বিচাৰিছে ন্যায়ালয়ে ।বিত্ত মন্ত্ৰালয়ৰ পৰাও এই বিষয়ত যাৱতীয় তথ্য বিচাৰিছে।আদালতে বজাৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিয়ামক প্ৰণালী শক্তিশালী কৰাৰ বিষয়তো পৰামৰ্শ দিছে।। ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ গঠিত বিচাৰপীঠখনে "বিনিয়োগকাৰীসকলক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী পদ্ধতি" উদ্ভাৱন  কৰাৰ উপৰি ডমেইন বিশেষজ্ঞ আৰু অন্যান্যসকলকলৈ সমিতি গঠন কৰাৰ পৰামৰ্শ দিছে।


ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডৰ (ছেবি) হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেলে কয় যে বজাৰ নিয়ন্ত্ৰক আৰু অন্যান্য আইনী সংস্থাই প্ৰয়োজনীয় কাম কৰি আছে।১৩ ফেব্ৰুৱাৰীত আদালতে পুনৰ বিষয়টোকলৈ শুনানি গ্ৰহণ কৰিব। অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা পিআইএলসমূহৰ এখনত হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ তদন্ত আৰু তদন্তৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা নিৰীক্ষণ কৰা এখন সমিতি গঠন কৰিবলৈ কেন্দ্ৰক নিৰ্দেশনা বিচাৰিছে।অধিবক্তা এম এল শৰ্মাৰ দ্বাৰা দাখিল কৰা আন এখন পিআইএলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গৰ নাথান এণ্ডাৰছন  আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু