--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানি-হিণ্ডেনবাৰ্গ প্ৰসংগকলৈ উত্তাল হৈ আছে দেশ।এনে সময়তে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে শ্বেয়াৰ বজাৰত ভাৰতীয় বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত থকাটো নিশ্চিত কৰাৰ বাবে এক শক্তিশালী প্ৰণালী থাকিব লাগে আৰু  বিনিয়োগকাৰীৰ স্বাৰ্থসুৰক্ষিতহ'ব লাগে। 

আদানি গ্ৰুপৰ ষ্টক মূল্যৰ "কৃত্ৰিম বৃদ্ধি"ৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু বজাৰ নিয়ন্ত্ৰক ছেবিৰ মতামত বিচাৰিছে ন্যায়ালয়ে ।বিত্ত মন্ত্ৰালয়ৰ পৰাও এই বিষয়ত যাৱতীয় তথ্য বিচাৰিছে।আদালতে বজাৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিয়ামক প্ৰণালী শক্তিশালী কৰাৰ বিষয়তো পৰামৰ্শ দিছে।। ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ গঠিত বিচাৰপীঠখনে "বিনিয়োগকাৰীসকলক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী পদ্ধতি" উদ্ভাৱন  কৰাৰ উপৰি ডমেইন বিশেষজ্ঞ আৰু অন্যান্যসকলকলৈ সমিতি গঠন কৰাৰ পৰামৰ্শ দিছে।


ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডৰ (ছেবি) হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেলে কয় যে বজাৰ নিয়ন্ত্ৰক আৰু অন্যান্য আইনী সংস্থাই প্ৰয়োজনীয় কাম কৰি আছে।১৩ ফেব্ৰুৱাৰীত আদালতে পুনৰ বিষয়টোকলৈ শুনানি গ্ৰহণ কৰিব। অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা পিআইএলসমূহৰ এখনত হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ তদন্ত আৰু তদন্তৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা নিৰীক্ষণ কৰা এখন সমিতি গঠন কৰিবলৈ কেন্দ্ৰক নিৰ্দেশনা বিচাৰিছে।অধিবক্তা এম এল শৰ্মাৰ দ্বাৰা দাখিল কৰা আন এখন পিআইএলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গৰ নাথান এণ্ডাৰছন  আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক