--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তৰ ব্যক্তিগত জীৱন প্ৰায়ে চৰ্চাত থাকে। শেহতীয়াকৈ ৰাখীৰ মাতৃৰ মৃত্যু ঘটিছে। এই দুখৰ মাজতে ৰাখী নিজৰ বৈবাহিক জীৱনক লৈ চিন্তিত হৈ পৰিছে। ৰাখীৰ সংসাৰ আকৌ এবাৰ বিপদত পৰিছে। দ্বিতীয় স্বামী আদিল খান দুৰাণীয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে বুলি ভয় খাই আছে ৰাখীয়ে। অৱশ্যে ৰাখীয়ে আদিলক প্ৰত্যাহ্বান জনাইছে যে তেওঁ নিজৰ ন্যায় বিচাৰি পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাব। ইয়াৰ সমান্তৰালকৈ ৰাখীয়ে আদিলৰ সাক্ষাৎকাৰ নল’বলৈও সংবাদ মাধ্যমক অনুৰোধ জনাইছে৷ ইয়াৰ বাবে আনকি তেওঁ ফটোগ্ৰাফাৰসকলৰ ভৰিতো পৰে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ব্যক্তিগত জীৱনক লৈ দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে। ৰাখী সাৱন্তই যোৱা মাহত ছ’চিয়েল মিডিয়াৰ জৰিয়তে আদিল খান দুৰানীৰ সৈতে তেওঁৰ বিবাহ সম্পৰ্কীয় তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। ইয়াৰ পাছত তেওঁ চিন্তিত হৈ কৈছিল যে আদিলে বিয়াখন মানি লোৱা নাই। কিছুদিন পাছত আদিলে ৰাখীৰ লগত বিয়াখন মানি লয়। সকলো ঠিকেই হৈ গ’ল। এতিয়া হঠাৎ আকৌ ৰাখীৰ বিবাহিত জীৱনত ধুমুহা আহিছে।

ৰাখীয়ে কয়, ''মই এগৰাকী প্ৰকৃত পত্নী। মই ইছলাম আন্তৰিকতাৰে গ্ৰহণ কৰিছো। মই আদিলক সকলো দি দিছো। মোৰ যি হ’ল, কাৰো লগত হ’ব নালাগে। আদিল তুমি মোক বিবাহ বিচ্ছেদ কৰিব নোৱাৰা। মই পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাম। মই আল্লাহৰ দৰবাৰলৈ যাম। বিবাহ বিচ্ছেদৰ ভাবুকি নিদিবা মোক।''

আন এটা ভিডিঅ’ত ৰাখীয়ে আদিলৰ বিষয়ে বেছিকৈ ক’ভাৰ নকৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ কৰা দেখা গৈছে। ৰাখীয়ে পাপাৰাজীক কয় যে ''আদিলে মোক জখলা হিচাপে ব্যৱহাৰ কৰিলে। আদিলে ষ্টাৰ হ'বৰ বাবে এইবোৰ কৰিলে। আদিলৰ অন্য যুৱতীৰ সৈতে এফেয়াৰ আছে। আদিলে মোক কোৰাণ চুই শপত খাই কৈছিল যে সেই ছোৱালীজনীক তেওঁ ব্লক কৰি দিব কিন্তু তেওঁ ব্লক কৰা নাই আৰু সেই ছোৱালীজনীয়ে কিছুমান অশ্লীল ভিডিঅ'ৰে আদিলক ব্লেকমেইল কৰি আছে। আদিল দুৰাণী মিছাৰ প্ৰতিমূৰ্তি। মই মিডিয়াক অনুৰোধ কৰিছো যে আদিলক যাতে আপোনালোকে ষ্টাৰ নবনায়। মই সময়ত সেই ভিডিঅ আৰু ফটো ৰাজহুৱা কৰিম। আদিলে মোৰ লগত ল'য়েল হৈ থাকিব নোৱাৰিলে যেতিয়া পৃথিৱীৰ কোনো ছোৱালীৰ লগত ল'য়েল হ'ব নোৱাৰে। মই মোৰ সংসাৰ বচাবলৈ যুঁজ দি যাম।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক