--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তৰ ব্যক্তিগত জীৱন প্ৰায়ে চৰ্চাত থাকে। শেহতীয়াকৈ ৰাখীৰ মাতৃৰ মৃত্যু ঘটিছে। এই দুখৰ মাজতে ৰাখী নিজৰ বৈবাহিক জীৱনক লৈ চিন্তিত হৈ পৰিছে। ৰাখীৰ সংসাৰ আকৌ এবাৰ বিপদত পৰিছে। দ্বিতীয় স্বামী আদিল খান দুৰাণীয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে বুলি ভয় খাই আছে ৰাখীয়ে। অৱশ্যে ৰাখীয়ে আদিলক প্ৰত্যাহ্বান জনাইছে যে তেওঁ নিজৰ ন্যায় বিচাৰি পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাব। ইয়াৰ সমান্তৰালকৈ ৰাখীয়ে আদিলৰ সাক্ষাৎকাৰ নল’বলৈও সংবাদ মাধ্যমক অনুৰোধ জনাইছে৷ ইয়াৰ বাবে আনকি তেওঁ ফটোগ্ৰাফাৰসকলৰ ভৰিতো পৰে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ব্যক্তিগত জীৱনক লৈ দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে। ৰাখী সাৱন্তই যোৱা মাহত ছ’চিয়েল মিডিয়াৰ জৰিয়তে আদিল খান দুৰানীৰ সৈতে তেওঁৰ বিবাহ সম্পৰ্কীয় তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। ইয়াৰ পাছত তেওঁ চিন্তিত হৈ কৈছিল যে আদিলে বিয়াখন মানি লোৱা নাই। কিছুদিন পাছত আদিলে ৰাখীৰ লগত বিয়াখন মানি লয়। সকলো ঠিকেই হৈ গ’ল। এতিয়া হঠাৎ আকৌ ৰাখীৰ বিবাহিত জীৱনত ধুমুহা আহিছে।

ৰাখীয়ে কয়, ''মই এগৰাকী প্ৰকৃত পত্নী। মই ইছলাম আন্তৰিকতাৰে গ্ৰহণ কৰিছো। মই আদিলক সকলো দি দিছো। মোৰ যি হ’ল, কাৰো লগত হ’ব নালাগে। আদিল তুমি মোক বিবাহ বিচ্ছেদ কৰিব নোৱাৰা। মই পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাম। মই আল্লাহৰ দৰবাৰলৈ যাম। বিবাহ বিচ্ছেদৰ ভাবুকি নিদিবা মোক।''

আন এটা ভিডিঅ’ত ৰাখীয়ে আদিলৰ বিষয়ে বেছিকৈ ক’ভাৰ নকৰিবলৈ সংবাদ মাধ্যমক অনুৰোধ কৰা দেখা গৈছে। ৰাখীয়ে পাপাৰাজীক কয় যে ''আদিলে মোক জখলা হিচাপে ব্যৱহাৰ কৰিলে। আদিলে ষ্টাৰ হ'বৰ বাবে এইবোৰ কৰিলে। আদিলৰ অন্য যুৱতীৰ সৈতে এফেয়াৰ আছে। আদিলে মোক কোৰাণ চুই শপত খাই কৈছিল যে সেই ছোৱালীজনীক তেওঁ ব্লক কৰি দিব কিন্তু তেওঁ ব্লক কৰা নাই আৰু সেই ছোৱালীজনীয়ে কিছুমান অশ্লীল ভিডিঅ'ৰে আদিলক ব্লেকমেইল কৰি আছে। আদিল দুৰাণী মিছাৰ প্ৰতিমূৰ্তি। মই মিডিয়াক অনুৰোধ কৰিছো যে আদিলক যাতে আপোনালোকে ষ্টাৰ নবনায়। মই সময়ত সেই ভিডিঅ আৰু ফটো ৰাজহুৱা কৰিম। আদিলে মোৰ লগত ল'য়েল হৈ থাকিব নোৱাৰিলে যেতিয়া পৃথিৱীৰ কোনো ছোৱালীৰ লগত ল'য়েল হ'ব নোৱাৰে। মই মোৰ সংসাৰ বচাবলৈ যুঁজ দি যাম।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু