--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ একলগে দেখা যাব দীপিকা পাডুকন আৰু কেটৰিনা কাঈফক। দীৰ্ঘদিনীয়া সংঘাত সামৰি একেলগ হ’ব দুয়োগৰাকী তাৰকা।

কেইবাবছৰৰ অন্তত বলীউডে বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। 'পাঠান'ৰ ধুমুহাত চিনেমাপ্ৰেমীসকলে আকৌ ঢাপলি মেলিছে চিনেমাহললৈ।

‘পাঠান’ মুক্তিৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফে ছ’চিয়েল মিডিয়াত ছবিখনৰ প্ৰচাৰ কৰিছিল। তেতিয়াৰ পৰা অনুৰাগীসকলে প্ৰশ্ন কৰি আহিছে যে দীপিকা আৰু তেওঁক কেতিয়া একেলগে পৰ্দাত দেখা যাব! শুনা যায় যে অতি সোনকালেই যশ ৰাজ ফিল্মছৰ প্ৰযোজনাত তাৰকা দুগৰাকীক ৰূপালী পৰ্দাত একেলগে দেখা পোৱা যায়।

দৰ্শকে ‘পাঠান’ত চলমান আৰু শ্বাহৰুখ, দুয়োজন খানক একেলগে দেখিছিল। ইমান দিনৰ মূৰত একলগে দৰ্শকৰ আগত হাজিৰ হ’ল বলীউডৰ ‘বাদশ্বাহ’ আৰু ‘ভাইজান’। শ্বাহৰুখৰ 'পাঠান’ৰ দৰেই ভাইজানৰো আছে 'টাইগাৰ’। শ্বাহৰুখৰ নায়িকা দীপিকা হোৱাৰ বিপৰীতে 'টাইগাৰ’ চিৰিজত চলমানৰ নায়িকা কেটৰিনা। 'পাঠান’ত দীপিকাই ৰুবিনা নামৰ চৰিত্ৰটোত অৱতীৰ্ণ হোৱাৰ বিপৰীতে কেটৰিনাই 'টাইগাৰ জিন্দা হেঁ’ত জয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।

'পাঠান’ৰ সফলতাৰ পিছতে সংবাদ মাধ্যমৰ মুখামুখি হৈছিল চিত্ৰনাট্যকাৰ শ্ৰীধৰ ৰাঘৱনে। তেওঁক সোধা হ’ল, ৰুবিনা আৰু জ’য়াক কেতিয়াবা যশৰাজ ফিল্মছৰ চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডত একেলগে দেখা পোৱা যাবনে? ৰাঘৱনৰ উত্তৰ- "এই সকলোবোৰ আদিত্য চোপ্ৰাই চিন্তা-চৰ্চা কৰি আছে।’’

প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক লৈ দীপিকা আৰু কেটৰিনাৰ মাজত হোৱা কাজিয়াৰ খবৰ বালিউডত কাৰো অজ্ঞাত নহয়। এটা সময়ত দুয়োগৰাকী অভিনেত্ৰীৰ শত্ৰুতা চৰম পৰ্যায়লৈ গতি কৰিছিল। দুয়োৰে মাত-বোল পৰ্যন্ত বন্ধ আছিল। এতিয়া  পুৰণি কাজিয়া নিষ্পত্তি কৰি অদূৰ ভৱিষ্যতে দুয়োগৰাকী অভিনেত্ৰীয়ে একেলগে কাম কৰিবলৈ ওলাইছে নেকি? তাৰ জল্পনা-কল্পনা চলিব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু