--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ একলগে দেখা যাব দীপিকা পাডুকন আৰু কেটৰিনা কাঈফক। দীৰ্ঘদিনীয়া সংঘাত সামৰি একেলগ হ’ব দুয়োগৰাকী তাৰকা।

কেইবাবছৰৰ অন্তত বলীউডে বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। 'পাঠান'ৰ ধুমুহাত চিনেমাপ্ৰেমীসকলে আকৌ ঢাপলি মেলিছে চিনেমাহললৈ।

‘পাঠান’ মুক্তিৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফে ছ’চিয়েল মিডিয়াত ছবিখনৰ প্ৰচাৰ কৰিছিল। তেতিয়াৰ পৰা অনুৰাগীসকলে প্ৰশ্ন কৰি আহিছে যে দীপিকা আৰু তেওঁক কেতিয়া একেলগে পৰ্দাত দেখা যাব! শুনা যায় যে অতি সোনকালেই যশ ৰাজ ফিল্মছৰ প্ৰযোজনাত তাৰকা দুগৰাকীক ৰূপালী পৰ্দাত একেলগে দেখা পোৱা যায়।

দৰ্শকে ‘পাঠান’ত চলমান আৰু শ্বাহৰুখ, দুয়োজন খানক একেলগে দেখিছিল। ইমান দিনৰ মূৰত একলগে দৰ্শকৰ আগত হাজিৰ হ’ল বলীউডৰ ‘বাদশ্বাহ’ আৰু ‘ভাইজান’। শ্বাহৰুখৰ 'পাঠান’ৰ দৰেই ভাইজানৰো আছে 'টাইগাৰ’। শ্বাহৰুখৰ নায়িকা দীপিকা হোৱাৰ বিপৰীতে 'টাইগাৰ’ চিৰিজত চলমানৰ নায়িকা কেটৰিনা। 'পাঠান’ত দীপিকাই ৰুবিনা নামৰ চৰিত্ৰটোত অৱতীৰ্ণ হোৱাৰ বিপৰীতে কেটৰিনাই 'টাইগাৰ জিন্দা হেঁ’ত জয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।

'পাঠান’ৰ সফলতাৰ পিছতে সংবাদ মাধ্যমৰ মুখামুখি হৈছিল চিত্ৰনাট্যকাৰ শ্ৰীধৰ ৰাঘৱনে। তেওঁক সোধা হ’ল, ৰুবিনা আৰু জ’য়াক কেতিয়াবা যশৰাজ ফিল্মছৰ চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডত একেলগে দেখা পোৱা যাবনে? ৰাঘৱনৰ উত্তৰ- "এই সকলোবোৰ আদিত্য চোপ্ৰাই চিন্তা-চৰ্চা কৰি আছে।’’

প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক লৈ দীপিকা আৰু কেটৰিনাৰ মাজত হোৱা কাজিয়াৰ খবৰ বালিউডত কাৰো অজ্ঞাত নহয়। এটা সময়ত দুয়োগৰাকী অভিনেত্ৰীৰ শত্ৰুতা চৰম পৰ্যায়লৈ গতি কৰিছিল। দুয়োৰে মাত-বোল পৰ্যন্ত বন্ধ আছিল। এতিয়া  পুৰণি কাজিয়া নিষ্পত্তি কৰি অদূৰ ভৱিষ্যতে দুয়োগৰাকী অভিনেত্ৰীয়ে একেলগে কাম কৰিবলৈ ওলাইছে নেকি? তাৰ জল্পনা-কল্পনা চলিব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক