--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্থা ৰুথ প্ৰভু দক্ষিণৰ চলচ্চিত্ৰৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। তেওঁ অলপতে এটা বিৰল ৰোগত আক্ৰান্ত হৈছিল। তথাপি তেওঁ থমকি ৰ’বলৈ ইচ্ছুক নহয়। ‘শকুন্তলম’ ছবিৰ মুক্তিৰ উপৰিও আন কেইবাখনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ আছে দক্ষিণৰ মোহময়ী অভিনেত্ৰীগৰাকী।

‘শকুন্তলম’ৰ ট্ৰেইলাৰ জানুৱাৰীত মুক্তি দিয়া হৈছিল। বাতৰি অনুসৰি, দক্ষিণৰ তাৰকা পৰিচালক গুণশেখৰৰ এই ছবিখনত সামান্থাই ৩০ কিলোগ্ৰাম ওজনৰ শাৰী পিন্ধি দৃশ্যগ্ৰহণ কৰিছিল। শাৰীয়েই নহয়, শকুন্তলা হ’বলৈ সামান্তাই পৰিধান কৰিছিল ৩ কোটি টকাৰ অলংকাৰো! সেই দৃশ্যৰ দৃশ্যগ্ৰহণ এদিন বা দুদিনৰ বাবে নহয়, এসপ্তাহ ধৰি চলিছিল।



‘শকুন্তলম’ ছবিখন কবি কালিদাসৰ নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ ওপৰত আধাৰিত। সামান্থাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আনহাতে দক্ষিণৰ অভিনেতা দেৱ মোহনে মহাৰাজা দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছে।

কবীৰ বেদী, প্ৰকাশ ৰাজ, অদিতি বালান, গৌতমী আৰু অন্যান্যসকল গুৰুত্বপূৰ্ণ ভূমিকাত আছে। এই চলচ্চিত্ৰখনত দক্ষিণৰ তাৰকা আল্লু অৰ্জুনৰ ৯ বছৰীয়া কন্যা আল্লু আৰহাৰে চেলুলইডত ভূমুকি মাৰিছে। শিশু আৰহাক দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰৰ ভাৰতৰ চৰিত্ৰত দেখা যাব।

গুণশেখৰৰ দ্বাৰা পৰিচালিত এই ছবিখন তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী পাঁচটা ভাষাত মুক্তি দিয়া হ’ব। ছবিখনৰ এটা থ্ৰি ডি সংস্কৰণো থাকিব। ‘শকুন্তলম’ অহা ১৭ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু