--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্থা ৰুথ প্ৰভু দক্ষিণৰ চলচ্চিত্ৰৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। তেওঁ অলপতে এটা বিৰল ৰোগত আক্ৰান্ত হৈছিল। তথাপি তেওঁ থমকি ৰ’বলৈ ইচ্ছুক নহয়। ‘শকুন্তলম’ ছবিৰ মুক্তিৰ উপৰিও আন কেইবাখনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ আছে দক্ষিণৰ মোহময়ী অভিনেত্ৰীগৰাকী।

‘শকুন্তলম’ৰ ট্ৰেইলাৰ জানুৱাৰীত মুক্তি দিয়া হৈছিল। বাতৰি অনুসৰি, দক্ষিণৰ তাৰকা পৰিচালক গুণশেখৰৰ এই ছবিখনত সামান্থাই ৩০ কিলোগ্ৰাম ওজনৰ শাৰী পিন্ধি দৃশ্যগ্ৰহণ কৰিছিল। শাৰীয়েই নহয়, শকুন্তলা হ’বলৈ সামান্তাই পৰিধান কৰিছিল ৩ কোটি টকাৰ অলংকাৰো! সেই দৃশ্যৰ দৃশ্যগ্ৰহণ এদিন বা দুদিনৰ বাবে নহয়, এসপ্তাহ ধৰি চলিছিল।



‘শকুন্তলম’ ছবিখন কবি কালিদাসৰ নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ ওপৰত আধাৰিত। সামান্থাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আনহাতে দক্ষিণৰ অভিনেতা দেৱ মোহনে মহাৰাজা দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছে।

কবীৰ বেদী, প্ৰকাশ ৰাজ, অদিতি বালান, গৌতমী আৰু অন্যান্যসকল গুৰুত্বপূৰ্ণ ভূমিকাত আছে। এই চলচ্চিত্ৰখনত দক্ষিণৰ তাৰকা আল্লু অৰ্জুনৰ ৯ বছৰীয়া কন্যা আল্লু আৰহাৰে চেলুলইডত ভূমুকি মাৰিছে। শিশু আৰহাক দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰৰ ভাৰতৰ চৰিত্ৰত দেখা যাব।

গুণশেখৰৰ দ্বাৰা পৰিচালিত এই ছবিখন তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী পাঁচটা ভাষাত মুক্তি দিয়া হ’ব। ছবিখনৰ এটা থ্ৰি ডি সংস্কৰণো থাকিব। ‘শকুন্তলম’ অহা ১৭ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক