--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ মুখ্যমন্ত্ৰীসকলে দৰ্শকৰ অন্তৰত আঘাত দিয়াৰ বাবে ক্ষমা খুজিব লাগে। 'আদিপুৰুষ’ বিতৰ্কত নতুন দাবী উত্থাপন কৰিছে শিৱসেনা উদ্ধৱ থাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে।

উল্লেখ্য যে বিতৰ্কৰ মাজতে আদিপুৰুষৰ নিৰ্মাতাসকলে সংলাপ সলনি কৰাৰ সিদ্ধান্ত লৈছে। মুক্তিৰ পাছৰে পৰা আদিপুৰুষ ছবিখনে বিতৰ্কৰ শিৰোনাম দখল কৰি আহিছে। ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চৰিত্ৰসমূহৰ মুখত কম ৰুচিৰ সংলাপ শুনি দৰ্শক বিৰক্ত হৈ পৰে।

এই বিতৰ্কিত ছবিখনৰ সৈতে বিজেপিৰ শীৰ্ষ নেতৃত্বও প্ৰত্যক্ষভাৱে জড়িত। আৰম্ভণিতে দেখা গৈছে ছবিখনক বিজেপি শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আশীর্বাদ দিছে৷ ইয়াৰ পিছতে টুইটাৰত সৰৱ হৈ পৰিছে শিৱসেনাৰ সাংসদ।

আদিপুৰুষ ছবিখনৰ আৰম্ভণিতে আঠজন মন্ত্ৰীক বিশেষ ধন্যবাদ জনোৱা হৈছে। ইয়াৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। লগতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ আৰু মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰেও আদিপুৰুষ ছবিৰ সফলতাৰ বাবে আশীৰ্বাদ দিছে।

সংলাপ সলনি কৰাৰ সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পিছতে ক্ষোভ প্ৰকাশ কৰে শিৱসেনাৰ সাংসদগৰাকীয়ে। তেওঁ টুইট কৰি কয়- ''অধিক ধন ঘটাৰ আশাত সংলাপ সলনি কৰিলেই যথেষ্ট নহয়। ছবিখনৰ নিৰ্মাতাৰ পৰা আৰম্ভ কৰি চেঞ্চৰ ব’ৰ্ডলৈকে সকলোৱে ক্ষমা খুজিব লাগে। লগতে ছবিখনক আশীৰ্বাদ দিয়া বিজেপিৰ সকলো মুখ্যমন্ত্ৰীয়েও ক্ষমা খুজিব লাগে। কাৰণ তেওঁলোকে ঈশ্বৰক ৰাস্তাত নমাই অনাৰ দৰে আচৰণ কৰিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু