--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ মুখ্যমন্ত্ৰীসকলে দৰ্শকৰ অন্তৰত আঘাত দিয়াৰ বাবে ক্ষমা খুজিব লাগে। 'আদিপুৰুষ’ বিতৰ্কত নতুন দাবী উত্থাপন কৰিছে শিৱসেনা উদ্ধৱ থাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে।

উল্লেখ্য যে বিতৰ্কৰ মাজতে আদিপুৰুষৰ নিৰ্মাতাসকলে সংলাপ সলনি কৰাৰ সিদ্ধান্ত লৈছে। মুক্তিৰ পাছৰে পৰা আদিপুৰুষ ছবিখনে বিতৰ্কৰ শিৰোনাম দখল কৰি আহিছে। ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চৰিত্ৰসমূহৰ মুখত কম ৰুচিৰ সংলাপ শুনি দৰ্শক বিৰক্ত হৈ পৰে।

এই বিতৰ্কিত ছবিখনৰ সৈতে বিজেপিৰ শীৰ্ষ নেতৃত্বও প্ৰত্যক্ষভাৱে জড়িত। আৰম্ভণিতে দেখা গৈছে ছবিখনক বিজেপি শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আশীর্বাদ দিছে৷ ইয়াৰ পিছতে টুইটাৰত সৰৱ হৈ পৰিছে শিৱসেনাৰ সাংসদ।

আদিপুৰুষ ছবিখনৰ আৰম্ভণিতে আঠজন মন্ত্ৰীক বিশেষ ধন্যবাদ জনোৱা হৈছে। ইয়াৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। লগতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ আৰু মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰেও আদিপুৰুষ ছবিৰ সফলতাৰ বাবে আশীৰ্বাদ দিছে।

সংলাপ সলনি কৰাৰ সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পিছতে ক্ষোভ প্ৰকাশ কৰে শিৱসেনাৰ সাংসদগৰাকীয়ে। তেওঁ টুইট কৰি কয়- ''অধিক ধন ঘটাৰ আশাত সংলাপ সলনি কৰিলেই যথেষ্ট নহয়। ছবিখনৰ নিৰ্মাতাৰ পৰা আৰম্ভ কৰি চেঞ্চৰ ব’ৰ্ডলৈকে সকলোৱে ক্ষমা খুজিব লাগে। লগতে ছবিখনক আশীৰ্বাদ দিয়া বিজেপিৰ সকলো মুখ্যমন্ত্ৰীয়েও ক্ষমা খুজিব লাগে। কাৰণ তেওঁলোকে ঈশ্বৰক ৰাস্তাত নমাই অনাৰ দৰে আচৰণ কৰিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে