--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেলেংকাৰীৰ অভিযোগ উঠিছে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ সমিতিৰ বিষয়াসকলৰ বিৰুদ্ধে। এজন জ্যেষ্ঠ পুৰোহিতে মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত সোণৰ আৱৰণৰ ব্যৱস্থা কৰাৰ নামত ১২৫ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰিছে।

অভিযোগকাৰী পুৰোহিত সন্তোষ ত্ৰিবেদী চাৰধাম মহাপঞ্চায়তৰ উপ-সভাপতিও। তেওঁ অভিযোগ কৰে যে গৰ্ভগৃহৰ ভিতৰত স্থাপন কৰা সোণৰ প্লেটবোৰ সোণ নহয়, দৰাচলতে পিতলৰেহে নিৰ্মিত। যোৱা বছৰ কেদাৰনাথৰ গৰ্ভগৃহৰ দেৱালবোৰত থকা ৰূপৰ ফলকবোৰৰ ঠাইত মুম্বাইৰ এজন নাম প্ৰকাশত অনিচ্ছুক ব্যৱসায়ীয়ে দান কৰা সোণৰ ফলকেৰে প্ৰতিস্থাপন কৰা হৈছিল।

উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে ব্যৱসায়ীজনৰ মন্দিৰলৈ ২৩০ কেজি সোণ দানৰ প্ৰস্তাৱত অনুমোদন জনায়। ব্যৱসায়ীজনে কয় যে কেদাৰনাথ গৰ্ভগৃহৰ দেৱাল সোণেৰে আবৃত হোৱাটো তেওঁৰ “দীৰ্ঘদিনীয়া ইচ্ছা”।

স্থানীয় একাংশ পুৰোহিতে অৱশ্যে এই পদক্ষেপৰ বিৰোধিতা কৰে। তেওঁলোকে দাবী কৰিছিল যে সোণ হৈছে সম্পদ আৰু ই সাংসাৰিক সুখৰ প্ৰতীক। যিটো এই মন্দিৰৰ প্ৰাচীন মূল্যবোধৰ বিৰোধী। কাৰণ, এই মন্দিৰ ভৌতিক জগতৰ পৰা বিচ্ছিন্নতাৰ প্ৰতীক।

কিন্তু অৱশেষত মন্দিৰৰ গৰ্ভগৃহৰ দেৱালবোৰ সোণেৰে আবৃত হৈ পৰিল। এনে পৰিপ্ৰেক্ষিতত মন্দিৰৰ পুৰোহিত ত্ৰিবেদীয়ে ভিডিঅ’ বাৰ্তাযোগে অভিযোগ কৰে যে, ‘কেইমাহমান পূৰ্বে মন্দিৰৰ গৰ্ভগৃহত সোণৰ ঢাকনিৰ কাম সম্পূৰ্ণ হৈছিল। কিন্তু, আজি ভিতৰলৈ যাওঁতে দেখিলো সোণখিনি পিতললৈ পৰিণত হৈছে। সোণৰ পৰীক্ষা কিয় নহ’ল? ইয়াৰ বাবে কোন দায়ী? সোণৰ নামত কেদাৰনাথত সংঘটিত হৈছে ১২৫ কোটি টকাৰ কেলেংকাৰী। ভক্তসকলৰ আৱেগৰ বিৰুদ্ধে ই এক প্ৰৱঞ্চনা।”

ভিডিঅ’টো শ্বেয়াৰ কৰি সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে কয় যে এই অভিযোগ অতি গুৰুতৰ। অখিলেশে টুইট কৰি কয়, ‘’কেদাৰনাথ মন্দিৰত সোণৰ প্লেটৰ সলনি পিতলৰ প্লেট ব্যৱহাৰ কৰাৰ অভিযোগ অপৰাধৰ লগতে বিশ্বাসৰ সৈতে খেলাৰ দৰে অতি স্পৰ্শকাতৰ বিষয়। এই ষড়যন্ত্ৰৰ সৰ্বোচ্চ পৰ্যায়ত তদন্ত কৰি মিছাৰ আৱৰণ আঁতৰাই পেলাব লাগে।‘’

শ্ৰীবদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে। সমিতিখনে কয় যে, “দাতাজনে কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহ সোণেৰে আবৃত কৰাৰ ইচ্ছা প্ৰকাশ কৰে।” দাতাৰ আৱেগক সন্মান জনাই মন্দিৰ সমিতিৰ ব’ৰ্ডৰ বৈঠকত প্ৰস্তাৱটো পৰীক্ষা কৰা হয়। আৰু, তেতিয়াহে সোণৰ প্লেটিংৰ অনুমতি দিয়া হৈছিল। বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতি আইন, ১৯৩৯ৰ অধীনত এই অনুদান গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ পৰা অনুমতি লোৱা হৈছিল। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ বিশেষজ্ঞৰ তত্বাৱধানত মন্দিৰত সোণৰ প্ৰলেপ দিয়া হৈছে।‘’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে