--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেলেংকাৰীৰ অভিযোগ উঠিছে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ সমিতিৰ বিষয়াসকলৰ বিৰুদ্ধে। এজন জ্যেষ্ঠ পুৰোহিতে মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত সোণৰ আৱৰণৰ ব্যৱস্থা কৰাৰ নামত ১২৫ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰিছে।

অভিযোগকাৰী পুৰোহিত সন্তোষ ত্ৰিবেদী চাৰধাম মহাপঞ্চায়তৰ উপ-সভাপতিও। তেওঁ অভিযোগ কৰে যে গৰ্ভগৃহৰ ভিতৰত স্থাপন কৰা সোণৰ প্লেটবোৰ সোণ নহয়, দৰাচলতে পিতলৰেহে নিৰ্মিত। যোৱা বছৰ কেদাৰনাথৰ গৰ্ভগৃহৰ দেৱালবোৰত থকা ৰূপৰ ফলকবোৰৰ ঠাইত মুম্বাইৰ এজন নাম প্ৰকাশত অনিচ্ছুক ব্যৱসায়ীয়ে দান কৰা সোণৰ ফলকেৰে প্ৰতিস্থাপন কৰা হৈছিল।

উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে ব্যৱসায়ীজনৰ মন্দিৰলৈ ২৩০ কেজি সোণ দানৰ প্ৰস্তাৱত অনুমোদন জনায়। ব্যৱসায়ীজনে কয় যে কেদাৰনাথ গৰ্ভগৃহৰ দেৱাল সোণেৰে আবৃত হোৱাটো তেওঁৰ “দীৰ্ঘদিনীয়া ইচ্ছা”।

স্থানীয় একাংশ পুৰোহিতে অৱশ্যে এই পদক্ষেপৰ বিৰোধিতা কৰে। তেওঁলোকে দাবী কৰিছিল যে সোণ হৈছে সম্পদ আৰু ই সাংসাৰিক সুখৰ প্ৰতীক। যিটো এই মন্দিৰৰ প্ৰাচীন মূল্যবোধৰ বিৰোধী। কাৰণ, এই মন্দিৰ ভৌতিক জগতৰ পৰা বিচ্ছিন্নতাৰ প্ৰতীক।

কিন্তু অৱশেষত মন্দিৰৰ গৰ্ভগৃহৰ দেৱালবোৰ সোণেৰে আবৃত হৈ পৰিল। এনে পৰিপ্ৰেক্ষিতত মন্দিৰৰ পুৰোহিত ত্ৰিবেদীয়ে ভিডিঅ’ বাৰ্তাযোগে অভিযোগ কৰে যে, ‘কেইমাহমান পূৰ্বে মন্দিৰৰ গৰ্ভগৃহত সোণৰ ঢাকনিৰ কাম সম্পূৰ্ণ হৈছিল। কিন্তু, আজি ভিতৰলৈ যাওঁতে দেখিলো সোণখিনি পিতললৈ পৰিণত হৈছে। সোণৰ পৰীক্ষা কিয় নহ’ল? ইয়াৰ বাবে কোন দায়ী? সোণৰ নামত কেদাৰনাথত সংঘটিত হৈছে ১২৫ কোটি টকাৰ কেলেংকাৰী। ভক্তসকলৰ আৱেগৰ বিৰুদ্ধে ই এক প্ৰৱঞ্চনা।”

ভিডিঅ’টো শ্বেয়াৰ কৰি সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে কয় যে এই অভিযোগ অতি গুৰুতৰ। অখিলেশে টুইট কৰি কয়, ‘’কেদাৰনাথ মন্দিৰত সোণৰ প্লেটৰ সলনি পিতলৰ প্লেট ব্যৱহাৰ কৰাৰ অভিযোগ অপৰাধৰ লগতে বিশ্বাসৰ সৈতে খেলাৰ দৰে অতি স্পৰ্শকাতৰ বিষয়। এই ষড়যন্ত্ৰৰ সৰ্বোচ্চ পৰ্যায়ত তদন্ত কৰি মিছাৰ আৱৰণ আঁতৰাই পেলাব লাগে।‘’

শ্ৰীবদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে। সমিতিখনে কয় যে, “দাতাজনে কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহ সোণেৰে আবৃত কৰাৰ ইচ্ছা প্ৰকাশ কৰে।” দাতাৰ আৱেগক সন্মান জনাই মন্দিৰ সমিতিৰ ব’ৰ্ডৰ বৈঠকত প্ৰস্তাৱটো পৰীক্ষা কৰা হয়। আৰু, তেতিয়াহে সোণৰ প্লেটিংৰ অনুমতি দিয়া হৈছিল। বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতি আইন, ১৯৩৯ৰ অধীনত এই অনুদান গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ পৰা অনুমতি লোৱা হৈছিল। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ বিশেষজ্ঞৰ তত্বাৱধানত মন্দিৰত সোণৰ প্ৰলেপ দিয়া হৈছে।‘’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু