--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামায়ণৰ আধাৰত নিৰ্মিত 'আদিপুৰুষ' ছবিৰ বিতৰ্কৰ মাজতে  সৰু পৰ্দালৈ উভতি আহিব ৰামানন্দ সাগৰৰ 'ৰামায়ণ'।  এটা সময় আছিল, যিটো সময়ত ৰামানন্দ সাগৰৰ 'ৰামায়ণ' ধাৰাবাহিকে দেশ তথা বিদেশতো ধুমুহাৰ সৃষ্টি কৰিছিল।  'আদিপুৰুষ'  ছবি খনকো ৰামায়ণৰ সৈতে তুলনা কৰি প্ৰযোজক-পৰিচালকে চলোৱাৰ চেষ্টা কৰিছিল যদিও সেই চেষ্টা যেন সফল হোৱা নাই।

বহুলোকে ৰামানন্দ সাগৰৰ 'ৰামায়ণ'ৰ সৈতে 'আদিপুৰুষ' ৰ কোনো তুলনাই সম্ভৱ নহয় বুলি কৈ আহিছে।এতিয়া পুনৰ ৰামানন্দ সাগৰৰ 'ৰামায়ণ' সৰু পৰ্দালৈ উভতি আহিব। ৰাম, সীতা আৰু লক্ষ্মণক অহা সপ্তাহৰ পৰা পুনৰ সৰু পৰ্দাত দেখা যাব।

ধাৰাবাহিক 'ৰামায়ণ' ১৯৮৭ চনত ডিডি নেচনেলত স্প্ৰচাৰ  হৈছিল। ধাৰাবাহিক খনত অৰুণ গোভিলে ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল। সীতাৰ ভূমিকাত অভিনয় কৰিছিল  দীপিকা চিকালিয়াই। সুনীল লোহৰিয়ে  লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল।  অৰবিন্দ ত্ৰিবেদীয়ে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল। দাৰা সিঙক আকৌ হনুমানৰ চৰিত্ৰত দেখা গৈছিল। প্ৰতিটো চৰিত্ৰই যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। বহুতৰে  দৃষ্টিত  সেই  অভিনেতা-অভিনেত্ৰীসকল এতিয়াও ৰাম-সীতা-লক্ষ্মণ আৰু হনুমান।


ইফালে, ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰে 'আদিপুৰুষ' ছবি খনে । ভিএফএক্স চলচ্চিত্ৰখন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ছবিখনৰ বিৰুদ্ধে একাধিক  গোচৰ ৰুজু কৰা হৈছে। এনে পৰিস্থিতিত পুৰণি ৰামায়ণ 'চিমাৰু টিভি'লৈ উভতি আহিছে। শৃংখলাটো ৩ জুলাইৰ পৰা প্ৰতিদিনে সন্ধিয়া ৭.৩০ বজাৰ পৰা সম্প্ৰচাৰিত হ'ব। ইতিমধ্যে এই বিষয়ক এটা প্ৰমো মুকলি কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?