--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামায়ণৰ আধাৰত নিৰ্মিত 'আদিপুৰুষ' ছবিৰ বিতৰ্কৰ মাজতে  সৰু পৰ্দালৈ উভতি আহিব ৰামানন্দ সাগৰৰ 'ৰামায়ণ'।  এটা সময় আছিল, যিটো সময়ত ৰামানন্দ সাগৰৰ 'ৰামায়ণ' ধাৰাবাহিকে দেশ তথা বিদেশতো ধুমুহাৰ সৃষ্টি কৰিছিল।  'আদিপুৰুষ'  ছবি খনকো ৰামায়ণৰ সৈতে তুলনা কৰি প্ৰযোজক-পৰিচালকে চলোৱাৰ চেষ্টা কৰিছিল যদিও সেই চেষ্টা যেন সফল হোৱা নাই।

বহুলোকে ৰামানন্দ সাগৰৰ 'ৰামায়ণ'ৰ সৈতে 'আদিপুৰুষ' ৰ কোনো তুলনাই সম্ভৱ নহয় বুলি কৈ আহিছে।এতিয়া পুনৰ ৰামানন্দ সাগৰৰ 'ৰামায়ণ' সৰু পৰ্দালৈ উভতি আহিব। ৰাম, সীতা আৰু লক্ষ্মণক অহা সপ্তাহৰ পৰা পুনৰ সৰু পৰ্দাত দেখা যাব।

ধাৰাবাহিক 'ৰামায়ণ' ১৯৮৭ চনত ডিডি নেচনেলত স্প্ৰচাৰ  হৈছিল। ধাৰাবাহিক খনত অৰুণ গোভিলে ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল। সীতাৰ ভূমিকাত অভিনয় কৰিছিল  দীপিকা চিকালিয়াই। সুনীল লোহৰিয়ে  লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল।  অৰবিন্দ ত্ৰিবেদীয়ে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল। দাৰা সিঙক আকৌ হনুমানৰ চৰিত্ৰত দেখা গৈছিল। প্ৰতিটো চৰিত্ৰই যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। বহুতৰে  দৃষ্টিত  সেই  অভিনেতা-অভিনেত্ৰীসকল এতিয়াও ৰাম-সীতা-লক্ষ্মণ আৰু হনুমান।


ইফালে, ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰে 'আদিপুৰুষ' ছবি খনে । ভিএফএক্স চলচ্চিত্ৰখন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ছবিখনৰ বিৰুদ্ধে একাধিক  গোচৰ ৰুজু কৰা হৈছে। এনে পৰিস্থিতিত পুৰণি ৰামায়ণ 'চিমাৰু টিভি'লৈ উভতি আহিছে। শৃংখলাটো ৩ জুলাইৰ পৰা প্ৰতিদিনে সন্ধিয়া ৭.৩০ বজাৰ পৰা সম্প্ৰচাৰিত হ'ব। ইতিমধ্যে এই বিষয়ক এটা প্ৰমো মুকলি কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক