--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি লাভ কৰা ওম ৰাৱটৰ আদিপুৰুষ শীৰ্ষক চলচ্চিত্ৰখনে সমালোচক আৰু দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হৈছে। ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত মুক্তিৰ অন্যতম এই পৌৰাণিক ছবিখনে যদিও বক্স অফিচত বাম্পাৰ অপেনিং লাভ কৰিছিল, প্ৰভাশ অভিনীত ছবিখনক বহু কাৰণত ট্ৰ’ল কৰা দেখা গৈছে৷ সংলাপ আৰু ভিএফএক্সৰ বাবে ছবিখনক কঠোৰভাৱে সমালোচনা কৰা হৈছে৷

বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে আদিপুৰুষৰ ‘জলী না’ সংলাপ আপত্তিজনক বুলি বিবেচনা কৰিছে। অৱশ্যে ছবিখনৰ সংলাপসমূহৰ বাবে সহ-লেখক মনোজ মুণ্টাশ্বিৰেও একে কথাৰ পক্ষ লৈছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজ মুন্টাশ্বিৰে কয়, "এয়া কোনো ভুল নহয়। ই এক অতি নিখুঁত চিন্তা প্ৰক্ৰিয়া যিটো বজৰংবলীৰ বাবে আৰু সকলো চৰিত্ৰৰ বাবে সংলাপ লিখাৰ ক্ষেত্ৰত দেখা গৈছে। আমি ইয়াক সহজ কৰি তুলিছো কাৰণ আমি এনে কৰিব লাগিব।এটা কথা বুজিব লাগিব যদি ছবি এখনত একাধিক চৰিত্ৰ থাকে, সকলোৱে একে ভাষা ক'ব নোৱাৰে। ই এক প্ৰকাৰৰ ডাইভাৰচন, এইয়া অতি প্ৰয়োজনীয়৷''

উল্লেখযোগ্য যে ওম ৰাৱটৰ দ্বাৰা পৰিচালিত আদিপুৰুষত প্ৰভাশে ভগৱান ৰামৰ চৰিত্ৰত, কৃতি চেননে দেৱী সীতাৰ চৰিত্ৰত, ছানী সিং লক্ষ্মণৰ চৰিত্ৰত আৰু ছেইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনে ২০২৩ চনৰ ১৬ জুনত চিনেমা হলত মুক্তি লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু