--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি লাভ কৰা ওম ৰাৱটৰ আদিপুৰুষ শীৰ্ষক চলচ্চিত্ৰখনে সমালোচক আৰু দৰ্শকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হৈছে। ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত মুক্তিৰ অন্যতম এই পৌৰাণিক ছবিখনে যদিও বক্স অফিচত বাম্পাৰ অপেনিং লাভ কৰিছিল, প্ৰভাশ অভিনীত ছবিখনক বহু কাৰণত ট্ৰ’ল কৰা দেখা গৈছে৷ সংলাপ আৰু ভিএফএক্সৰ বাবে ছবিখনক কঠোৰভাৱে সমালোচনা কৰা হৈছে৷

বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে আদিপুৰুষৰ ‘জলী না’ সংলাপ আপত্তিজনক বুলি বিবেচনা কৰিছে। অৱশ্যে ছবিখনৰ সংলাপসমূহৰ বাবে সহ-লেখক মনোজ মুণ্টাশ্বিৰেও একে কথাৰ পক্ষ লৈছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোজ মুন্টাশ্বিৰে কয়, "এয়া কোনো ভুল নহয়। ই এক অতি নিখুঁত চিন্তা প্ৰক্ৰিয়া যিটো বজৰংবলীৰ বাবে আৰু সকলো চৰিত্ৰৰ বাবে সংলাপ লিখাৰ ক্ষেত্ৰত দেখা গৈছে। আমি ইয়াক সহজ কৰি তুলিছো কাৰণ আমি এনে কৰিব লাগিব।এটা কথা বুজিব লাগিব যদি ছবি এখনত একাধিক চৰিত্ৰ থাকে, সকলোৱে একে ভাষা ক'ব নোৱাৰে। ই এক প্ৰকাৰৰ ডাইভাৰচন, এইয়া অতি প্ৰয়োজনীয়৷''

উল্লেখযোগ্য যে ওম ৰাৱটৰ দ্বাৰা পৰিচালিত আদিপুৰুষত প্ৰভাশে ভগৱান ৰামৰ চৰিত্ৰত, কৃতি চেননে দেৱী সীতাৰ চৰিত্ৰত, ছানী সিং লক্ষ্মণৰ চৰিত্ৰত আৰু ছেইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনে ২০২৩ চনৰ ১৬ জুনত চিনেমা হলত মুক্তি লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ