--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ নেপালত বিতৰ্কৰ সৃষ্টি কৰিছে 'আদিপুৰুষ’-এ। কাঠমাণ্ডু মহানগৰীৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে সেই দেশৰ ৰাজধানীত এই ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। বিৰোধিতাৰ বাবে মুক্তিৰ দিনা মৰ্নিং শ্ব’ বাতিল কৰা হয়।

আপত্তিৰ কেন্দ্ৰবিন্দু হৈছে ছবিখনৰ এটা সংলাপ। জানকীৰ ৰূপত কৃতি ছাননৰ মুখত এটা সংলাপ আছে- “মই জানকী যি ভাৰতৰ কন্যা”। কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে ছবিখনৰ পৰা সংলাপটো সলনি কৰিবলৈ দাবী জনায়। অন্যথা হিন্দী ছবিখন নেপালত দেখুৱাবলৈ দিয়া নহ’ব।

কাঠমাণ্ডু মহানগৰীৰ মেয়ৰে তিনিদিনৰ সময় দিছে। সেই তিনিদিনৰ ভিতৰতে সংলাপটো সলনি কৰিব লাগিব বুলি দাবী কৰিছে।

উল্লেখ্য যে নেপালৰ জনসাধাৰণৰ মতে মহাকাব্য ৰামায়ণ অনুসৰি সীতাৰ জন্ম নেপালৰ জনকপুৰত। ৰামচন্দ্ৰ তালৈ গৈছিল সীতাক বিবাহ কৰাবলৈ। এই ঘটনাৰ পিছত এতিয়া নেপালত আদিপুৰুষ ছবিখনৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement