--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওম ৰাউট পৰিচালিত 'আদিপুৰুষ' নিষিদ্ধ কৰাৰ দাবীত অমিত শ্বাহলৈ পত্ৰ লিখিলে অল ইণ্ডিয়া চিনে ৱৰ্কৰ্ছ এছ'চিয়েশ্যনে। এআইচিডব্লিউএ-য়ে অমিত শ্বাহলৈ লিখা পত্ৰ খনত  'আদিপুৰুষ'ৰ প্ৰযোজক, পৰিচালক, লেখকৰ প্ৰদৰ্শনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।  

অল ইণ্ডিয়া চিনে ৱৰ্কৰ্ছ এছ'চিয়েশ্যনে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুম্বাই আৰক্ষীলৈ লিখা পত্ৰখনত ছবিখনৰ প্ৰদৰ্শন তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু ভৱিষ্যতে অ'টিটি প্লেটফৰ্মত ছবি খন নিদিবলৈ দাবী জনাইছে। উল্লেখ্য মুক্তিৰ পিছত  ছবি খন  নিৰন্তৰ বিতৰ্কৰ মাজত সোমাই পৰিছে।
সংগঠনটোৰ পত্ৰখনত কোৱা হৈছে যে পৰিচালক ওম ৰাউত, সংলাপ লেখক মনোজ মুন্তাশিৰ শুক্লা আৰু ছবিখনৰ প্ৰযোজকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে। 

পত্ৰখনত লগতে  কোৱা হৈছে যে ছবিখনত ভগৱান ৰাম আৰু ভগৱান হনুমানক  বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। ছবি খনে হিন্দু আৰু সনাতন ধৰ্মৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে। প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত  ছবি খনকলৈ ইতিমধ্যে বহুতেই আপত্তি দৰ্শাইছে। ইয়াৰ পূৰ্বে অখিল ভাৰতীয় হিন্দু মহাসভাৰ  মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়ে ছবি খনত পৌৰাণিক চৰিত্ৰসমূহক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি  হজৰতগঞ্জ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

অভিযোগত চতুৰ্বেদীয়ে কয় যে চলচ্চিত্ৰখন আপত্তিজনক সংলাপ, পোছাকেৰে হিন্দু দেৱতাৰ ছবি বিকৃত কৰি হিন্দুৰ ভাৱনাক অপমান কৰিছে।  ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে অনেকেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু