--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওম ৰাউট পৰিচালিত 'আদিপুৰুষ' নিষিদ্ধ কৰাৰ দাবীত অমিত শ্বাহলৈ পত্ৰ লিখিলে অল ইণ্ডিয়া চিনে ৱৰ্কৰ্ছ এছ'চিয়েশ্যনে। এআইচিডব্লিউএ-য়ে অমিত শ্বাহলৈ লিখা পত্ৰ খনত  'আদিপুৰুষ'ৰ প্ৰযোজক, পৰিচালক, লেখকৰ প্ৰদৰ্শনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।  

অল ইণ্ডিয়া চিনে ৱৰ্কৰ্ছ এছ'চিয়েশ্যনে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুম্বাই আৰক্ষীলৈ লিখা পত্ৰখনত ছবিখনৰ প্ৰদৰ্শন তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ আৰু ভৱিষ্যতে অ'টিটি প্লেটফৰ্মত ছবি খন নিদিবলৈ দাবী জনাইছে। উল্লেখ্য মুক্তিৰ পিছত  ছবি খন  নিৰন্তৰ বিতৰ্কৰ মাজত সোমাই পৰিছে।
সংগঠনটোৰ পত্ৰখনত কোৱা হৈছে যে পৰিচালক ওম ৰাউত, সংলাপ লেখক মনোজ মুন্তাশিৰ শুক্লা আৰু ছবিখনৰ প্ৰযোজকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে। 

পত্ৰখনত লগতে  কোৱা হৈছে যে ছবিখনত ভগৱান ৰাম আৰু ভগৱান হনুমানক  বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। ছবি খনে হিন্দু আৰু সনাতন ধৰ্মৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে। প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত  ছবি খনকলৈ ইতিমধ্যে বহুতেই আপত্তি দৰ্শাইছে। ইয়াৰ পূৰ্বে অখিল ভাৰতীয় হিন্দু মহাসভাৰ  মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়ে ছবি খনত পৌৰাণিক চৰিত্ৰসমূহক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি  হজৰতগঞ্জ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

অভিযোগত চতুৰ্বেদীয়ে কয় যে চলচ্চিত্ৰখন আপত্তিজনক সংলাপ, পোছাকেৰে হিন্দু দেৱতাৰ ছবি বিকৃত কৰি হিন্দুৰ ভাৱনাক অপমান কৰিছে।  ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে অনেকেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক