--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা ছুহানা খান সদায় শিৰোনামত থকা ষ্টাৰ কিডছৰ ভিতৰত অন্যতম। বন্ধু-বান্ধৱীৰ সৈতে তেওঁক পাৰ্টি কৰা দেখা যায় বা গ্লেমাৰাছ লুকৰ বাবেই ছুহানা চৰ্চাত থাকে। শীঘ্ৰে জোয়া আখতাৰৰ ছবি দ্য আৰ্চিজত দেখা যাব ছুহানাক। য’ত খুশী কাপুৰ আৰু অগস্ত্য নন্দয়েও তেওঁৰ সৈতে অভিনয় জগতত অভিষেক ঘটাব।

যদিও ছুহানাই অভিনয়ৰ জগতখনত ভৰি দিছে, কিন্তু এতিয়া নতুন পদক্ষেপ লৈ খেতিৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শেহতীয়াকৈ আলিবাগৰ থাল গাঁৱত ছুহানাই এখন  ক্ৰয় কৰিছে যাৰ মূল্য প্ৰায় ১৩ কোটি টকা বুলি জানিব পৰা গৈছে। আশ্চৰ্যজনক কথাটো হ’ল ছুহানাই পঞ্জীয়ন কাগজত নিজকে খেতিয়ক বুলি বৰ্ণনা কৰিছে। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১ জুনত চুহানাই ১.৫ একৰ মাটি ক্ৰয় কৰিছে। ইয়াৰ লেনদেন আৰু পঞ্জীয়নো একেদিনাই কৰা হৈছিল আৰু ইয়াৰ মূল্য ১২.৯১ কোটি বুলি কোৱা হৈছে। ২২১৮ বৰ্গফুট মাটিতো নিৰ্মাণ কাৰ্য কৰা হৈছে।

তথ্য অনুসৰি মাটি ক্ৰয় কৰাৰ সময়ত মাটিৰ মালিকক ষ্টাম্প ড্যুটি হিচাপে দিয়া হৈছে ৭৭ লাখ ৪৬ হাজাৰ টকা। এই সম্পত্তি তিনিগৰাকী ভগ্নীৰ যি তেওঁলোকে পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল।


আলিবাগত চুহানাৰ ফাৰ্ম ক্ৰয় কৰাৰ পূৰ্বে শ্বাহৰুখ খানেও ইয়াত এটা বিলাসী বাংলো নিৰ্মাণ কৰিছে। তেওঁৰ বিলাসী বাংলোটো সাগৰৰ পাৰত নিৰ্মাণ কৰা হৈছে। য’ত চুইমিং পুল আৰু হেলিপেডৰ দৰে সুবিধাও আছে। 

ছুহানা খানৰ অভিনয় কেৰিয়াৰৰ কথা কবলৈ গ'লে তেওঁৰ ছবি দ্য আৰ্চিজ শীঘ্ৰে নেটফ্লিক্সত মুক্তি পাবলৈ ওলাইছে। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত ছবিখন দৰ্শকৰ বাবে উপলব্ধ কৰা হ’ব বুলি আশা কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক