--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কন্যা ছুহানা খান সদায় শিৰোনামত থকা ষ্টাৰ কিডছৰ ভিতৰত অন্যতম। বন্ধু-বান্ধৱীৰ সৈতে তেওঁক পাৰ্টি কৰা দেখা যায় বা গ্লেমাৰাছ লুকৰ বাবেই ছুহানা চৰ্চাত থাকে। শীঘ্ৰে জোয়া আখতাৰৰ ছবি দ্য আৰ্চিজত দেখা যাব ছুহানাক। য’ত খুশী কাপুৰ আৰু অগস্ত্য নন্দয়েও তেওঁৰ সৈতে অভিনয় জগতত অভিষেক ঘটাব।

যদিও ছুহানাই অভিনয়ৰ জগতখনত ভৰি দিছে, কিন্তু এতিয়া নতুন পদক্ষেপ লৈ খেতিৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শেহতীয়াকৈ আলিবাগৰ থাল গাঁৱত ছুহানাই এখন  ক্ৰয় কৰিছে যাৰ মূল্য প্ৰায় ১৩ কোটি টকা বুলি জানিব পৰা গৈছে। আশ্চৰ্যজনক কথাটো হ’ল ছুহানাই পঞ্জীয়ন কাগজত নিজকে খেতিয়ক বুলি বৰ্ণনা কৰিছে। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১ জুনত চুহানাই ১.৫ একৰ মাটি ক্ৰয় কৰিছে। ইয়াৰ লেনদেন আৰু পঞ্জীয়নো একেদিনাই কৰা হৈছিল আৰু ইয়াৰ মূল্য ১২.৯১ কোটি বুলি কোৱা হৈছে। ২২১৮ বৰ্গফুট মাটিতো নিৰ্মাণ কাৰ্য কৰা হৈছে।

তথ্য অনুসৰি মাটি ক্ৰয় কৰাৰ সময়ত মাটিৰ মালিকক ষ্টাম্প ড্যুটি হিচাপে দিয়া হৈছে ৭৭ লাখ ৪৬ হাজাৰ টকা। এই সম্পত্তি তিনিগৰাকী ভগ্নীৰ যি তেওঁলোকে পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল।


আলিবাগত চুহানাৰ ফাৰ্ম ক্ৰয় কৰাৰ পূৰ্বে শ্বাহৰুখ খানেও ইয়াত এটা বিলাসী বাংলো নিৰ্মাণ কৰিছে। তেওঁৰ বিলাসী বাংলোটো সাগৰৰ পাৰত নিৰ্মাণ কৰা হৈছে। য’ত চুইমিং পুল আৰু হেলিপেডৰ দৰে সুবিধাও আছে। 

ছুহানা খানৰ অভিনয় কেৰিয়াৰৰ কথা কবলৈ গ'লে তেওঁৰ ছবি দ্য আৰ্চিজ শীঘ্ৰে নেটফ্লিক্সত মুক্তি পাবলৈ ওলাইছে। ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত ছবিখন দৰ্শকৰ বাবে উপলব্ধ কৰা হ’ব বুলি আশা কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু