--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডঃ ভূপেন হাজৰিকাই কৈ গৈছিল যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। বৰ্তমান অসমীয়াৰ অৱস্থা এনেকুৱাই হৈছে। আচলতে অসমীয়া মানুহে নিজৰ বিষয়েই নাজানে। সদায় পৰমুখাপেখী হোৱাটো অসমীয়াৰ স্বভাৱ হৈ পৰিছে। এই বিষয়টো অৱতাৰণা কৰা হৈছে সৌৰভ কুমাৰ চলিহাক কেন্দ্ৰ কৰি।

আজি সৌৰভ কুমাৰ চলিহাৰ মৃত্যুবাৰ্ষিকী। বাৰ বছৰৰ আগতে আজিৰ দিনটোতে পৃথিৱী এৰি গৈছিল অসমীয়া সাহিত্যক বিশ্বমুখী গতি দিয়া চলিহা। চৰম প্ৰচাৰবিমুখিতাৰে চলিহাই লিখি গৈছিল এটাৰ পাছত আন এটাকৈ কালজয়ী গল্প। গল্পসমূহ অসমীয়া সাহিত্যৰ অগ্ৰগতিৰ উদাহৰণ, চলিহাৰ গল্প বাদ দি অসমীয়া ভাষা-সাহিত্যৰ কথা ভাবিবই নোৱাৰি।

কিন্তু অসমীয়াৰ পৰমুখাপেখী স্বভাৱৰ বাবেই আজি সৌৰভ কুমাৰ চলিহাৰ বিষয়ে নাজানে নতুন প্ৰজন্মই। অথচ চলিহাৰ ব্যক্তিত্ব-সাহিত্য আছিল নতুন প্ৰজন্মৰ বাবেই। সময়তকৈ আগত আছিল চলিহাৰ সাহিত্য।

অসমৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তি কালিৰাম মেধিৰ সন্তান সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম সুৰেন্দ্ৰ নাথ মেধি। ১৯৩০ চনত দৰঙত জন্ম হোৱা চলিহাই উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈও গৈছিল। চলিহা আছিল পদাৰ্থবিজ্ঞানৰ ছাত্র।

বিজ্ঞানৰ ছাত্ৰ হোৱাৰ বাবেই তেওঁৰ জ্ঞান আৰু বিশ্লেষণৰ পৰিসৰ আছিল ব্যাপক। কটন কলেজত পঢ়ি থাকোতেই 'অশান্ত ইলেক্ট্ৰন’ গল্প লিখি চমক সৃষ্টি কৰিছিল। গল্পটোত পঞ্চাশৰ দশকৰ অসমীয়া নগৰীয়া মধ্যবিত্তৰ আদৰ্শ-সংঘাত-নৈৰাশ্যক প্ৰতিফলিত কৰোৱা হয়। অসমীয়া সাহিত্যক 'অশান্ত ইলেক্ট্ৰন’-এ জোকাৰি গৈছিল।

তাৰপাছৰে পৰা চলিহাই গোলাম, বাৰকাৰ’ল, এহাত ডাবা, বাসন্তিকা, দুপৰীয়াৰ দৰে অলেখ গল্পৰে অসমীয়া সাহিত্যক বৰ্ণাঢ্য কৰি গৈছে। প্ৰতিটো গল্পই আছিল একোটা নতুন প্ৰকাশভংগী, নতুন আংগিকৰ। 

চলিহাৰ 'গোলাম’ গল্পটোত গুৱাহাটিৰ অভিজাত্য আৰু দুৰ্দশা, 'এহাত ডাবা’ত মানৱীয় মননৰ সূক্ষ্ম প্ৰকাশ প্ৰত্যক্ষ কৰা যায়। গল্পৰ উপৰিও বিভিন্ন ৰচনা আৰু বিজ্ঞানমূলক লেখাৰেও চলিহাই নিজকে প্ৰকাশ কৰিছিল। 'চিন্তাৰ বেগ কিমান’, 'একৈশ শতিকা ধেমালি নহয়’ৰ দৰে ৰচনামূলক গ্ৰন্থ প্ৰকাশ কৰিছিল। অসম আন্দোলনৰ সময়ত 'নিস্প্ৰদীপ’ নামৰ ৰচনাখনেৰে ব্যাপক চৰ্চা লাভ কৰিছিল। 'ভাল খবৰ’ৰ দৰে লেখাৰে ৰাজ্যখনৰ সংঘাতজৰ্জৰ পৰিস্থিতিক প্ৰতিফলিত কৰিছিল।

সাহিত্য জগতলৈ অসামান্য অৱদানৰ বাবেই চলিহাই 'গোলাম’ নামৰ গল্পসংকলনৰ বাবে ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। কিন্তু ৰাজ্যখনৰ আগশাৰীৰ গল্পকাৰ-সাহিত্যিক হোৱাৰ স্বত্বেও চলিহা আছিল প্ৰচাৰৰ পৰা আঁৰত থাকিব বিচৰা এজন লোক। আনকি ফটোগ্ৰাফাৰৰ পৰাও আঁতৰি ফুৰিছিল।

২০১১ চনৰ ২৫ জুনত তেওঁ গুৱাহাটীৰ ইণ্টাৰনেচনেল হস্পিতালত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ নিজৰ পত্নী আৰু একমাত্ৰ জীয়েকক এৰি থৈ যায়। চলিহাৰ মৃত্যুৰ বাৰ বছৰ পূৰ্তিত প্ৰাগ ডিজিটেলৰ তৰফৰ পৰা কৰিছো সশ্ৰদ্ধ সোঁৱৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু