--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আদিপুৰুষ' ছবি খনকলৈ দেশত এতিয়া বলিছে গৰম বতাহ। বহুতে ইতিমধ্যে ছবি খনৰ বিৰুদ্ধে আদালতৰ কাষ চপিছে।ইয়াৰ মাজতে অল ইণ্ডিয়া চিনে ৱৰ্কৰ্ছ এছ'চিয়েচন (এআইচিৱাছ) 'আদিপুৰুষ'ৰ বিৰুদ্ধে  ওলাই আহিছে। সংগঠনটোৱে ছবিখনৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰাৰ  দাবীত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

 তেওঁলোকে দাবী কৰিছে যে 'আদিপুৰুষ'ক শীঘ্ৰে নিষিদ্ধ কৰা উচিত। এই ছবিখন কেৱল চিনেমাগৃহতে নহয় অ'টিটিতো প্ৰদৰ্শিত হোৱাটো বন্ধ কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনাইছে। পত্ৰখনত আদিপুৰুষৰ পৰিচালক ওম ৰাউত আৰু সংলাপ লেখক মনোজ মন্তেছিৰকো  গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে। উল্লেখ্য মুক্তিৰ পিছৰে পৰা আদিপুৰুষ  চলচ্চিত্ৰখন সংবাদ শিৰোনামলৈ আহিছে। ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত ছবিখনৰ চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপ শুনি দৰ্শকসকল বিচলিত হৈ পৰিছে। 
ইয়াৰ পূৰ্বে অখিল ভাৰতীয় হিন্দু মহাসভাৰ  মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়ে ছবি খনত পৌৰাণিক চৰিত্ৰসমূহক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি  হজৰতগঞ্জ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।অভিযোগত চতুৰ্বেদীয়ে কয় যে চলচ্চিত্ৰখন আপত্তিজনক সংলাপ, পোছাকেৰে হিন্দু দেৱতাৰ ছবি বিকৃত কৰি হিন্দুৰ ভাৱনাক অপমান কৰিছে।  ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে অনেকেই।

উল্লেখ্য হিন্দু সেনায়ো শেহতীয়াকৈ  দিল্লী উচ্চ ন্যায়ালয়ত 'আদিপুৰুষ ' ছবি খনৰ বিৰুদ্ধে  এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে। হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই দাখিল কৰা আবেদন খনত অভিযোগ কৰা হৈছে  যে "আদিপুৰুষে' হিন্দুসকলৰ অনুভূতিত আঘাত হানিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক