--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আদিপুৰুষ' ছবি খনকলৈ দেশত এতিয়া বলিছে গৰম বতাহ। বহুতে ইতিমধ্যে ছবি খনৰ বিৰুদ্ধে আদালতৰ কাষ চপিছে।ইয়াৰ মাজতে অল ইণ্ডিয়া চিনে ৱৰ্কৰ্ছ এছ'চিয়েচন (এআইচিৱাছ) 'আদিপুৰুষ'ৰ বিৰুদ্ধে  ওলাই আহিছে। সংগঠনটোৱে ছবিখনৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰাৰ  দাবীত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

 তেওঁলোকে দাবী কৰিছে যে 'আদিপুৰুষ'ক শীঘ্ৰে নিষিদ্ধ কৰা উচিত। এই ছবিখন কেৱল চিনেমাগৃহতে নহয় অ'টিটিতো প্ৰদৰ্শিত হোৱাটো বন্ধ কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনাইছে। পত্ৰখনত আদিপুৰুষৰ পৰিচালক ওম ৰাউত আৰু সংলাপ লেখক মনোজ মন্তেছিৰকো  গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে। উল্লেখ্য মুক্তিৰ পিছৰে পৰা আদিপুৰুষ  চলচ্চিত্ৰখন সংবাদ শিৰোনামলৈ আহিছে। ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত ছবিখনৰ চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপ শুনি দৰ্শকসকল বিচলিত হৈ পৰিছে। 
ইয়াৰ পূৰ্বে অখিল ভাৰতীয় হিন্দু মহাসভাৰ  মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়ে ছবি খনত পৌৰাণিক চৰিত্ৰসমূহক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি  হজৰতগঞ্জ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।অভিযোগত চতুৰ্বেদীয়ে কয় যে চলচ্চিত্ৰখন আপত্তিজনক সংলাপ, পোছাকেৰে হিন্দু দেৱতাৰ ছবি বিকৃত কৰি হিন্দুৰ ভাৱনাক অপমান কৰিছে।  ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে অনেকেই।

উল্লেখ্য হিন্দু সেনায়ো শেহতীয়াকৈ  দিল্লী উচ্চ ন্যায়ালয়ত 'আদিপুৰুষ ' ছবি খনৰ বিৰুদ্ধে  এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে। হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই দাখিল কৰা আবেদন খনত অভিযোগ কৰা হৈছে  যে "আদিপুৰুষে' হিন্দুসকলৰ অনুভূতিত আঘাত হানিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু