--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওম ৰাউত পৰিচালিত  ছবি 'আদিপুৰুষ' এতিয়া  বিতৰ্কৰ মাজত সোমাই পৰিছে। ছবি খনৰ সংলাপকলৈয়ো বহুতে সমালোচনা কৰিছে। ছবি খনে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত  আঘাত হনাৰ অভিযোগত  আইনী বাধাৰো সন্মুখীন হৈছে। অৱশ্যে কৃতি চানন আৰু প্ৰভাস অভিনীত ছবিখন নানান বাধাৰ মাতে  ১৬ জুনত মুক্তি দিয়া হয়।

ছবি খনৰ  পৰিচালকৰ বাহিৰেও এই মুহূৰ্তত আটাইতকৈ বেছি সমালোচিত  ব্যক্তি  জন হৈছে ছবিখনৰ সংলাপ লেখক মনোজ মুনতাছিৰ। অভিযোগ কৰা হৈছে যে হনুমানকে ধৰি ৰামায়ণৰ পৌৰাণিক চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপ অতি কুৎসিত । বহু দৰ্শক  আৰু বিভিন্ন ধৰ্মীয় সংগঠনে ছবি খনৰ চৰিত্ৰসমূহৰ ভাষাকলৈ সমালোচনামুখৰ হৈ পৰিছে । এনে বিতৰ্কৰ মাজতে মনোজ মুন্তাছিৰ আন এক মন্তব্যই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।  "বজৰংবলী ঈশ্বৰ নহয়, তেওঁ কেৱল  ৰামৰ ভক্তহে। আমিহে তেওঁক ভগৱান সজাইছো।’’ ছবি খনত বজৰংবলীৰ মুখত দিয়া সংলাপৰ বিষয়ে মন্তব্য কৰি  মনোজে নিজৰ  সপক্ষে কয়, "হনুমানে কেতিয়াও দাৰ্শনিকৰ দৰে কথা নকয়। '' কিন্তু বহুতে ছবিখনৰ সংলাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

 প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ' আদিপুৰুষ''-এ ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে। ওম ৰাউতে পৰিচালনা কৰা ছবি খনক  আধুনিক সময়ৰ ৰামায়ণ বুলি কোৱা হৈছে। চলচ্চিত্ৰখন মুক্তি পোৱাৰ লগে লগে ছবি খনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰভাসৰ অভিনয় খুব ভাল পাইছে, আনহাতে কিছুমানে ছবিখনৰ ভিএফএক্স আৰু সংলাপ পছন্দ কৰা নাই৷ 

সেয়ে ছ'চিয়েল মিডিয়াত বহুতে  ছবিখনৰ সংলাপকলৈ সমালোচনা কৰিছে। মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত  নিৰ্মিত চলচ্চিত্ৰখনত শালীন ভাষা ব্যৱহাৰ কৰা হ’ব, কিন্তু তাৰ বিপৰীতে  ছবিখনত'কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...', 'তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ ৰ দৰে সংলাপসমূহ বহুতে ভাল পোৱা নাই৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক