--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওম ৰাউত পৰিচালিত  ছবি 'আদিপুৰুষ' এতিয়া  বিতৰ্কৰ মাজত সোমাই পৰিছে। ছবি খনৰ সংলাপকলৈয়ো বহুতে সমালোচনা কৰিছে। ছবি খনে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত  আঘাত হনাৰ অভিযোগত  আইনী বাধাৰো সন্মুখীন হৈছে। অৱশ্যে কৃতি চানন আৰু প্ৰভাস অভিনীত ছবিখন নানান বাধাৰ মাতে  ১৬ জুনত মুক্তি দিয়া হয়।

ছবি খনৰ  পৰিচালকৰ বাহিৰেও এই মুহূৰ্তত আটাইতকৈ বেছি সমালোচিত  ব্যক্তি  জন হৈছে ছবিখনৰ সংলাপ লেখক মনোজ মুনতাছিৰ। অভিযোগ কৰা হৈছে যে হনুমানকে ধৰি ৰামায়ণৰ পৌৰাণিক চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপ অতি কুৎসিত । বহু দৰ্শক  আৰু বিভিন্ন ধৰ্মীয় সংগঠনে ছবি খনৰ চৰিত্ৰসমূহৰ ভাষাকলৈ সমালোচনামুখৰ হৈ পৰিছে । এনে বিতৰ্কৰ মাজতে মনোজ মুন্তাছিৰ আন এক মন্তব্যই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।  "বজৰংবলী ঈশ্বৰ নহয়, তেওঁ কেৱল  ৰামৰ ভক্তহে। আমিহে তেওঁক ভগৱান সজাইছো।’’ ছবি খনত বজৰংবলীৰ মুখত দিয়া সংলাপৰ বিষয়ে মন্তব্য কৰি  মনোজে নিজৰ  সপক্ষে কয়, "হনুমানে কেতিয়াও দাৰ্শনিকৰ দৰে কথা নকয়। '' কিন্তু বহুতে ছবিখনৰ সংলাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

 প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ' আদিপুৰুষ''-এ ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে। ওম ৰাউতে পৰিচালনা কৰা ছবি খনক  আধুনিক সময়ৰ ৰামায়ণ বুলি কোৱা হৈছে। চলচ্চিত্ৰখন মুক্তি পোৱাৰ লগে লগে ছবি খনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰভাসৰ অভিনয় খুব ভাল পাইছে, আনহাতে কিছুমানে ছবিখনৰ ভিএফএক্স আৰু সংলাপ পছন্দ কৰা নাই৷ 

সেয়ে ছ'চিয়েল মিডিয়াত বহুতে  ছবিখনৰ সংলাপকলৈ সমালোচনা কৰিছে। মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত  নিৰ্মিত চলচ্চিত্ৰখনত শালীন ভাষা ব্যৱহাৰ কৰা হ’ব, কিন্তু তাৰ বিপৰীতে  ছবিখনত'কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...', 'তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ ৰ দৰে সংলাপসমূহ বহুতে ভাল পোৱা নাই৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু