--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলিউডত প্ৰভাসৰ আগন্তুক ছবি ‘আদিপুৰুষ’ৰ বিষয়ে বহুদিনৰ পৰা চৰ্চা চলি আছিল। প্ৰভাসে এই ছবিখনত প্ৰভু শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰিছে। ভগৱান ৰামৰ মহাকাব্যিক কাহিনী ‘আদিপুৰুষ’ত দেখুওৱা হ’ব। অনুৰাগীসকলে ইয়াৰ আভাসৰ বাবে বহুদিন আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অৱশেষত কালি ২অক্টোবৰত অযোধ্যাৰ এক মহান অনুষ্ঠানত মুক্তি লাভ কৰিছিল ‘আদিপুৰুষ’ৰ টিজাৰ। প্ৰভাসে বহুত কষ্ট কৰি ছবিখনত ৰাম চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ভুল কৰিব পাৰে বুলি ভয় খাইছিল।

এইবাৰ টিজাৰ লঞ্চ ইভেণ্টত প্ৰভাসে কয়, ‘প্ৰভু ৰামৰ চৰিত্ৰত অভিনয় কৰি মই বৰ ভয় খাইছিলো। তিনিদিনৰ পিছত মই ওম ৰাউতকো ফোন কৰিছিলোঁ যে যদি মই কিবা ভুল কৰিছো তেন্তে... কিন্তু মই এই চৰিত্ৰত অভিনয় কৰিবলৈ সক্ষম হৈছো, আৰু এই সকলোবোৰ সম্ভৱ হৈছে কেৱল ভগৱান ৰামৰ কৃপাত। অযোধ্যাত ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ লাভ কৰাৰ লগতে ইয়াৰ জনসাধাৰণৰ পৰাও বহুত মৰম লাভ কৰিছোঁ। এনে অৱস্থাত সকলোলৈ জয়শ্ৰী ৰাম।'

প্ৰভাসে কেৱল কেইবামাহো নিজৰ শৰীৰৰ ওপৰত কাম আৰম্ভ কৰাই নহয়, প্ৰভু ৰামৰ চৰিত্ৰটো পৰ্দাত সঠিকভাৱে কৰিবৰ বাবে ধনুৰ্বিদ্যাও শিকিছিল। কেৱল এয়াই নহয়, তেওঁ ছবিখনত কথা কোৱাৰ সুৰটোৰ ওপৰতো কাম কৰিছিল। প্ৰভাসৰ উপৰি কৃতী ছানন, ছেইফ আলী খানকে ধৰি আন অভিনেতাসকলেও নিজৰ চৰিত্ৰসমূহৰ বাবে কেইবামাহো প্ৰশিক্ষণ লৈছিল। ‘আদিপুৰুষ’ত কৃতী ছাননক মাতা সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে লংকাপতি ৰাৱণৰ চৰিত্ৰত দেখা যাব ছেইফ আলী খানক।


আনহাতে ‘আদিপুৰুষ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰা কৃতী চাননে কয়, ‘শৈশৱৰ পৰাই মই আইতাৰ পৰা ঐতিহাসিক আৰু ধৰ্মীয় ৰামায়ণৰ কাহিনী শুনি আহিছো। ‘ৰামায়ণো' টিভিতো দেখিছিলো আৰু এতিয়া ডাঙৰ পৰ্দাত দেখা যাব ভগৱান ৰামৰ কাহিনী। ইয়াত কাম কৰি মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ। আশাকৰোঁ এই ছবিখনলৈ সকলোৰে আশীৰ্বাদ থাকিব।

২০২৩ চনৰ ১২ জানুৱাৰীত পাঁচটা ভাষাত মুক্তি পাব  ‘আদিপুৰুষ’

'আদিপুৰুষ'ৰ টিজাৰ লঞ্চত প্ৰযোজক ভূষণ কুমাৰ আৰু পৰিচালক ওম ৰাউতেও উপস্থিত আছিল। অযোধ্যাৰ মঞ্চত জয়শ্ৰী ৰাম আৰু জয় হনুমান জীৰ শ্লোগান লগোৱা হৈছিল। টিজাৰ মুকলিৰ বাবে নিৰ্মাতাসকলে অযোধ্যাৰ সৰয়ু নদীৰ পাৰত বিশেষ প্ৰস্তুতি চলাইছিল। এখন গ্ৰেণ্ড পোষ্টাৰ উন্মোচন কৰা হয় য’ত পানীৰ মাজৰ পৰা ওলাই আহিল ছবিখনৰ পোষ্টাৰ। ‘আদিপুৰুষ’ পাঁচটা ভাষাত মুক্তি পাব আৰু ইয়াৰ টিজাৰটোও পাঁচটা ভাষাত মুকলি কৰা হৈছিল। টিজাৰ লঞ্চত ২৫০ জনতকৈ অধিক নিৰাপত্তাৰক্ষী আৰু ২০০ জন বাউন্সাৰ মোতায়েন কৰা হয়। ২০২৩ চনৰ ১২ জানুৱাৰীত মুক্তি পাব ‘আদিপুৰুষ’। উল্লেখযোগ্য যে এই ছবিখনৰ বাজেট এছএছ ৰাজামৌলিৰ ‘বাহুবলী’তকৈ অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?