--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলিউডত প্ৰভাসৰ আগন্তুক ছবি ‘আদিপুৰুষ’ৰ বিষয়ে বহুদিনৰ পৰা চৰ্চা চলি আছিল। প্ৰভাসে এই ছবিখনত প্ৰভু শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰিছে। ভগৱান ৰামৰ মহাকাব্যিক কাহিনী ‘আদিপুৰুষ’ত দেখুওৱা হ’ব। অনুৰাগীসকলে ইয়াৰ আভাসৰ বাবে বহুদিন আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অৱশেষত কালি ২অক্টোবৰত অযোধ্যাৰ এক মহান অনুষ্ঠানত মুক্তি লাভ কৰিছিল ‘আদিপুৰুষ’ৰ টিজাৰ। প্ৰভাসে বহুত কষ্ট কৰি ছবিখনত ৰাম চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ভুল কৰিব পাৰে বুলি ভয় খাইছিল।

এইবাৰ টিজাৰ লঞ্চ ইভেণ্টত প্ৰভাসে কয়, ‘প্ৰভু ৰামৰ চৰিত্ৰত অভিনয় কৰি মই বৰ ভয় খাইছিলো। তিনিদিনৰ পিছত মই ওম ৰাউতকো ফোন কৰিছিলোঁ যে যদি মই কিবা ভুল কৰিছো তেন্তে... কিন্তু মই এই চৰিত্ৰত অভিনয় কৰিবলৈ সক্ষম হৈছো, আৰু এই সকলোবোৰ সম্ভৱ হৈছে কেৱল ভগৱান ৰামৰ কৃপাত। অযোধ্যাত ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ লাভ কৰাৰ লগতে ইয়াৰ জনসাধাৰণৰ পৰাও বহুত মৰম লাভ কৰিছোঁ। এনে অৱস্থাত সকলোলৈ জয়শ্ৰী ৰাম।'

প্ৰভাসে কেৱল কেইবামাহো নিজৰ শৰীৰৰ ওপৰত কাম আৰম্ভ কৰাই নহয়, প্ৰভু ৰামৰ চৰিত্ৰটো পৰ্দাত সঠিকভাৱে কৰিবৰ বাবে ধনুৰ্বিদ্যাও শিকিছিল। কেৱল এয়াই নহয়, তেওঁ ছবিখনত কথা কোৱাৰ সুৰটোৰ ওপৰতো কাম কৰিছিল। প্ৰভাসৰ উপৰি কৃতী ছানন, ছেইফ আলী খানকে ধৰি আন অভিনেতাসকলেও নিজৰ চৰিত্ৰসমূহৰ বাবে কেইবামাহো প্ৰশিক্ষণ লৈছিল। ‘আদিপুৰুষ’ত কৃতী ছাননক মাতা সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে লংকাপতি ৰাৱণৰ চৰিত্ৰত দেখা যাব ছেইফ আলী খানক।


আনহাতে ‘আদিপুৰুষ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰা কৃতী চাননে কয়, ‘শৈশৱৰ পৰাই মই আইতাৰ পৰা ঐতিহাসিক আৰু ধৰ্মীয় ৰামায়ণৰ কাহিনী শুনি আহিছো। ‘ৰামায়ণো' টিভিতো দেখিছিলো আৰু এতিয়া ডাঙৰ পৰ্দাত দেখা যাব ভগৱান ৰামৰ কাহিনী। ইয়াত কাম কৰি মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ। আশাকৰোঁ এই ছবিখনলৈ সকলোৰে আশীৰ্বাদ থাকিব।

২০২৩ চনৰ ১২ জানুৱাৰীত পাঁচটা ভাষাত মুক্তি পাব  ‘আদিপুৰুষ’

'আদিপুৰুষ'ৰ টিজাৰ লঞ্চত প্ৰযোজক ভূষণ কুমাৰ আৰু পৰিচালক ওম ৰাউতেও উপস্থিত আছিল। অযোধ্যাৰ মঞ্চত জয়শ্ৰী ৰাম আৰু জয় হনুমান জীৰ শ্লোগান লগোৱা হৈছিল। টিজাৰ মুকলিৰ বাবে নিৰ্মাতাসকলে অযোধ্যাৰ সৰয়ু নদীৰ পাৰত বিশেষ প্ৰস্তুতি চলাইছিল। এখন গ্ৰেণ্ড পোষ্টাৰ উন্মোচন কৰা হয় য’ত পানীৰ মাজৰ পৰা ওলাই আহিল ছবিখনৰ পোষ্টাৰ। ‘আদিপুৰুষ’ পাঁচটা ভাষাত মুক্তি পাব আৰু ইয়াৰ টিজাৰটোও পাঁচটা ভাষাত মুকলি কৰা হৈছিল। টিজাৰ লঞ্চত ২৫০ জনতকৈ অধিক নিৰাপত্তাৰক্ষী আৰু ২০০ জন বাউন্সাৰ মোতায়েন কৰা হয়। ২০২৩ চনৰ ১২ জানুৱাৰীত মুক্তি পাব ‘আদিপুৰুষ’। উল্লেখযোগ্য যে এই ছবিখনৰ বাজেট এছএছ ৰাজামৌলিৰ ‘বাহুবলী’তকৈ অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’