--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিয়েলিটি শ্ব’ বিগ বছকলৈ যেন বিতৰ্কৰ অন্ত নাই।  অনুষ্ঠানটোত  তাৰকাসকলৰ কেতবোৰ আচৰণে এতিয়া আচৰিত কৰি তুলিছে বহুতকে। অক্টোবৰৰ আৰম্ভণিতে, 'বিগ বছ' ৰ অনুষ্ঠান ১৬ চিজনৰ সৈতে সৰু পৰ্দাত দেখা গৈছে। 

এই অনুষ্ঠানটোক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইবুলি অভিযোগ উঠিছে যে অনুষ্ঠানটোৰ সময়ত প্ৰতিযোগীসকলৰ সম্পৰ্কক পৰ্দাৰ সন্মুখত বেলেগ ধৰণে উপস্থাপন কৰা হয় যদিও পৰ্দাৰ পিছত তেওঁলোকৰ সম্পৰ্ক বেলেগহে!। কেতিয়াবা তেওঁলোক শাৰীৰিকভাৱে ইমান ঘনিষ্ঠ হৈ পৰে যে বিগ বছৰ ঘৰতকি ঘটে তাকেলৈ বহুতে সন্দেহ কৰিবলৈ বাধ্য হৈছে।

বিগ বছ ৰিয়েলিটি শ্ব' বহু  বছৰ ধৰি চলি আছে । কিন্তু অনুষ্ঠানটোকলৈ বিতৰ্কৰ শেষ নাই।  অনুষ্ঠানত ভাগ লোৱাসকলে কেমেৰাৰ সন্মুখতে ’প্ৰেম’ৰ নামত যি উদ্দাম যৌনতা প্ৰদৰ্শন কৰি আহিছে তেনেবোৰ দৃশ্যই বহুতকে আচৰিত কৰি তুলিছে।

বিগ বছ ২০০৬ চনৰ পৰা চলি আছে। অৱশ্যে, প্ৰথম চিজনত, চলমান খান নহয়,  অভিনেতা আৰ্শাদ ৱাৰ্চী অনুষ্ঠানটো পৰিচালনা কৰাৰ দায়িত্বত আছিল। সেই সময়ত, বিগ বছ চনি টিভিত সম্প্ৰচাৰ  হৈছিল। অৱশ্যে, কেইদিনমানপিছত, বিগ বছ কালাৰ্ছ টিভিত সম্প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে।অনুষ্ঠানৰ  প্ৰতিযোগীসকলে একেটা ঘৰত একেলগে থাকিব লাগিব। ৰন্ধাৰ পৰা বাচন ধোৱালৈকে, সকলোবোৰ নিজে কৰিব লাগিব। তেওঁলোকৰ মাজত কেতিয়াবা কাজিয়াও হয়।

বিগ বছৰ প্ৰথম চিজনৰ পৰা  দৰ্শকে প্ৰতিযোগীসকলৰ নানান অদ্ভুত  আচৰণ প্ৰত্যক্ষ কৰি আহিছে। সময়ৰ লগে লগে অনুষ্ঠানটোত 'অশ্লীলতাৰ' মাত্ৰা আৰু বেছি বৃদ্ধি পাইছে। যিহেতু অনুষ্ঠানৰ  প্ৰতিযোগীসকলৰ সকলো কাৰ্যকলাপ কেমেৰাত ধৰা পৰে, সেয়ে কোনেও একো কথা লুকুৱাই ৰাখিব নোৱাৰে।  বিগ বছ এটা পাৰিবাৰিক অনুষ্ঠান, প্ৰতিযোগীসকলক যিকোনো ধৰণৰ ঘনিষ্ঠতা বা অশালীন আচৰণ কৰাত বাধা আছে। 

কিন্তু এই সতৰ্কবাৰ্তাটো কেৱল দৰ্শকক দেখুৱাবলৈহে। অনুষ্ঠানটোৰ মাজত প্ৰতিযোগীসকলে নিৰ্ভয়ে ইজনে-সিজনৰ  কাষ চাপিব পাৰে,  কোনো বাধা নাই। কেৱল  বাথৰুমতহে কোনো কেমেৰা ইনষ্টল কৰা নাই।  বহুতে  কেমেৰাৰ সন্মুখতে অতি  ঘনিষ্ঠ হৈ পৰে। বিগ বছ অ'টিটিত এনেকুৱাই ঘটিছিল। এসময়ৰ প্ৰতিযোগী উৰ্ফি জাভেদে কয়, "ইয়াত যৌন সম্ভোগ হোৱাটো ডাঙৰ কথা নহয়,  মই নাজানো যে সেয়া দৰ্শকক দেখুওৱা হৈছিল নে নাই, কিন্তু সেয়া হৈছিল। ' 

অভিযোগ অনুসৰি প্ৰতিযোগীসকলক ফলৰ ৰসৰ সৈতে সুৰাৰ  মিহলি কৰি দিয়া হয়। বিগ বছত প্ৰতিটো স্থানতে  কেমেৰা  লুকুৱাই ৰখা হয়। সেই সকলো ঘটনা  কেমেৰাৰসন্মুখতে  এনে দৰেই  কথা চলি থাকে।
অৱশ্যে প্ৰতিযোগীসকলক ইমান বছৰে পাই অহা  অসুবিধা, অসুবিধাৰ বাবে এক বৃহৎ মাননিও দিয়া হয়। বহুলোকে প্ৰতি সপ্তাহত মাননি পায়। আকৌ অনুষ্ঠানটোৰ শেষত বহুতে মোটা এংকৰ ধন পায়।উদাহৰণ স্বৰূপে, ৰশ্মি দেশায়ে প্ৰতি সপ্তাহৰ শেষত ১৫ লাখ টকা লাভ কৰিছিল। অনুষ্ঠানটোৰ শেষত ৰিমি সেনে  ২ কোটি টকা লাভ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
দেৰগাঁৱত লোকপিয়লত নিয়োজিত শিক্ষয়িত্ৰী কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত
পেলনীয়া সামগ্ৰীৰে সৃষ্টিৰ অনন্য নিদৰ্শন কমাৰগাঁৱৰ প্ৰতিভাধৰ শিল্পী অতুল হাজৰিকাৰ
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
শিশুৰ এই ৬টা লক্ষণক আওকাণ নকৰিব! লুকাই থাকিব পাৰে ভয়ংকৰ ৰোগ
বোল বমৰ তীৰ্থযাত্ৰীৰ পোছাক পৰিধান কৰি মোবাইল চুৰি বাবুল আলী আৰু শুকুৰ আলীৰ; দুয়োকে আটক বশিষ্ঠ আৰক্ষীৰ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল