--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিয়েলিটি শ্ব’ বিগ বছকলৈ যেন বিতৰ্কৰ অন্ত নাই।  অনুষ্ঠানটোত  তাৰকাসকলৰ কেতবোৰ আচৰণে এতিয়া আচৰিত কৰি তুলিছে বহুতকে। অক্টোবৰৰ আৰম্ভণিতে, 'বিগ বছ' ৰ অনুষ্ঠান ১৬ চিজনৰ সৈতে সৰু পৰ্দাত দেখা গৈছে। 

এই অনুষ্ঠানটোক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইবুলি অভিযোগ উঠিছে যে অনুষ্ঠানটোৰ সময়ত প্ৰতিযোগীসকলৰ সম্পৰ্কক পৰ্দাৰ সন্মুখত বেলেগ ধৰণে উপস্থাপন কৰা হয় যদিও পৰ্দাৰ পিছত তেওঁলোকৰ সম্পৰ্ক বেলেগহে!। কেতিয়াবা তেওঁলোক শাৰীৰিকভাৱে ইমান ঘনিষ্ঠ হৈ পৰে যে বিগ বছৰ ঘৰতকি ঘটে তাকেলৈ বহুতে সন্দেহ কৰিবলৈ বাধ্য হৈছে।

বিগ বছ ৰিয়েলিটি শ্ব' বহু  বছৰ ধৰি চলি আছে । কিন্তু অনুষ্ঠানটোকলৈ বিতৰ্কৰ শেষ নাই।  অনুষ্ঠানত ভাগ লোৱাসকলে কেমেৰাৰ সন্মুখতে ’প্ৰেম’ৰ নামত যি উদ্দাম যৌনতা প্ৰদৰ্শন কৰি আহিছে তেনেবোৰ দৃশ্যই বহুতকে আচৰিত কৰি তুলিছে।

বিগ বছ ২০০৬ চনৰ পৰা চলি আছে। অৱশ্যে, প্ৰথম চিজনত, চলমান খান নহয়,  অভিনেতা আৰ্শাদ ৱাৰ্চী অনুষ্ঠানটো পৰিচালনা কৰাৰ দায়িত্বত আছিল। সেই সময়ত, বিগ বছ চনি টিভিত সম্প্ৰচাৰ  হৈছিল। অৱশ্যে, কেইদিনমানপিছত, বিগ বছ কালাৰ্ছ টিভিত সম্প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে।অনুষ্ঠানৰ  প্ৰতিযোগীসকলে একেটা ঘৰত একেলগে থাকিব লাগিব। ৰন্ধাৰ পৰা বাচন ধোৱালৈকে, সকলোবোৰ নিজে কৰিব লাগিব। তেওঁলোকৰ মাজত কেতিয়াবা কাজিয়াও হয়।

বিগ বছৰ প্ৰথম চিজনৰ পৰা  দৰ্শকে প্ৰতিযোগীসকলৰ নানান অদ্ভুত  আচৰণ প্ৰত্যক্ষ কৰি আহিছে। সময়ৰ লগে লগে অনুষ্ঠানটোত 'অশ্লীলতাৰ' মাত্ৰা আৰু বেছি বৃদ্ধি পাইছে। যিহেতু অনুষ্ঠানৰ  প্ৰতিযোগীসকলৰ সকলো কাৰ্যকলাপ কেমেৰাত ধৰা পৰে, সেয়ে কোনেও একো কথা লুকুৱাই ৰাখিব নোৱাৰে।  বিগ বছ এটা পাৰিবাৰিক অনুষ্ঠান, প্ৰতিযোগীসকলক যিকোনো ধৰণৰ ঘনিষ্ঠতা বা অশালীন আচৰণ কৰাত বাধা আছে। 

কিন্তু এই সতৰ্কবাৰ্তাটো কেৱল দৰ্শকক দেখুৱাবলৈহে। অনুষ্ঠানটোৰ মাজত প্ৰতিযোগীসকলে নিৰ্ভয়ে ইজনে-সিজনৰ  কাষ চাপিব পাৰে,  কোনো বাধা নাই। কেৱল  বাথৰুমতহে কোনো কেমেৰা ইনষ্টল কৰা নাই।  বহুতে  কেমেৰাৰ সন্মুখতে অতি  ঘনিষ্ঠ হৈ পৰে। বিগ বছ অ'টিটিত এনেকুৱাই ঘটিছিল। এসময়ৰ প্ৰতিযোগী উৰ্ফি জাভেদে কয়, "ইয়াত যৌন সম্ভোগ হোৱাটো ডাঙৰ কথা নহয়,  মই নাজানো যে সেয়া দৰ্শকক দেখুওৱা হৈছিল নে নাই, কিন্তু সেয়া হৈছিল। ' 

অভিযোগ অনুসৰি প্ৰতিযোগীসকলক ফলৰ ৰসৰ সৈতে সুৰাৰ  মিহলি কৰি দিয়া হয়। বিগ বছত প্ৰতিটো স্থানতে  কেমেৰা  লুকুৱাই ৰখা হয়। সেই সকলো ঘটনা  কেমেৰাৰসন্মুখতে  এনে দৰেই  কথা চলি থাকে।
অৱশ্যে প্ৰতিযোগীসকলক ইমান বছৰে পাই অহা  অসুবিধা, অসুবিধাৰ বাবে এক বৃহৎ মাননিও দিয়া হয়। বহুলোকে প্ৰতি সপ্তাহত মাননি পায়। আকৌ অনুষ্ঠানটোৰ শেষত বহুতে মোটা এংকৰ ধন পায়।উদাহৰণ স্বৰূপে, ৰশ্মি দেশায়ে প্ৰতি সপ্তাহৰ শেষত ১৫ লাখ টকা লাভ কৰিছিল। অনুষ্ঠানটোৰ শেষত ৰিমি সেনে  ২ কোটি টকা লাভ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী