--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ পিতৃ হ’ল। বিয়াৰ ১১ বছৰৰ মূৰত তেওঁলোকৰ সংসাৰলৈ আহিল এটি কন্যা সন্তান। এই খবৰ পোৱাৰ পিছতে আনন্দে নধৰা হৈছে ৰামচৰণৰ অনুৰাগীসকলৰ হিয়া। চিকিৎসালয়ৰ বাহিৰত কেক কাটি, ফটকা ফুটাই ৰামচৰণৰ অনুৰাগীসকলে আনন্দ প্ৰকাশ কৰিছে। ৰামচৰণৰ   পত্নী উপাসনাই এটি  কন্যা সন্তান জন্ম দিছে।

সোমবাৰে ৰাম চৰণৰ পত্নী উপাসনাক হায়দৰাবাদৰ এপোলো চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছিল ।চিকিৎসালয়তেই তেওঁ  এটি  কন্যা সন্তান জন্ম দিয়ে । বিয়াৰ ১১ বছৰৰ পিছত সন্তানৰ মুখ দেখা পাই আনন্দিত হৈ পৰিছে ৰামচৰণ আৰু  উপাসনা।  এই খবৰটো হায়দৰাবাদৰ এপোলো চিকিৎসালয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে ৰামচৰণৰ অনুৰাগীসকলৰ মাজত আনন্দৰ লহৰ উঠে।तैयार

চিকিৎসালয়খনে প্ৰকাশ কৰা চিকিৎসা বুলেটিনত কোৱা হৈছে  যে "২০ জুন, ২০২৩ তাৰিখে  উপাসনা কামিনেনি কনিডেলা আৰু ৰাম চৰণৰ এটি কন্যা সন্তানৰ  জন্ম হৈছে। কেঁচুৱাটো হায়দৰাবাদৰ এপোলো হস্পিটেল জুবিলি হিলছত জন্ম হৈছে। কেঁচুৱা আৰু মাতৃ (উপাসনা) দুয়ো বৰ্তমান সুস্থ হৈ আছে।'ৰাম চৰণৰ পিতৃ  মেগাষ্টাৰ চিৰঞ্জীৱীয়েও তেওঁৰ অনুৰাগীসকলক  এই ভাল খবৰটো দিছে।

 মাইক্ৰ'ব্লগিং ছাইট টুইটাৰত এই খবৰ দি  মেগাষ্টাৰ চিৰঞ্জীৱীয়ে লিখিছে যে হনুমানজীৰ অনুগ্ৰহৰ বাবেই তেওঁৰ পুত্ৰ ৰাম চৰণ আৰু বোৱাৰী উপাসনাই তেওঁলোকৰ প্ৰথম সন্তানৰ মুখ দেখিছে। এই বছৰৰ আৰম্ভণিতে, মাতৃ দিৱস উপলক্ষে, ৰাম চৰণৰ পত্নী উপাসনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা টোকা লিখিছিল। এই টোকাটোত তেওঁ কৈছিল - মই মাতৃ হ’বলৈ পালে গৌৰৱান্বিত হ’ম। মই এটা সন্তান জন্ম দিয়াৰ দিশে আগবাঢ়িছো ।  মই চৰ্তহীন মৰম আৰু যত্নৰ বাবে আৱেগিকভাৱে সাজু অনুভৱ কৰিছো। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু