--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰামচৰণ পিতৃ হ’ল। বিয়াৰ ১১ বছৰৰ মূৰত তেওঁলোকৰ সংসাৰলৈ আহিল এটি কন্যা সন্তান। এই খবৰ পোৱাৰ পিছতে আনন্দে নধৰা হৈছে ৰামচৰণৰ অনুৰাগীসকলৰ হিয়া। চিকিৎসালয়ৰ বাহিৰত কেক কাটি, ফটকা ফুটাই ৰামচৰণৰ অনুৰাগীসকলে আনন্দ প্ৰকাশ কৰিছে। ৰামচৰণৰ   পত্নী উপাসনাই এটি  কন্যা সন্তান জন্ম দিছে।

সোমবাৰে ৰাম চৰণৰ পত্নী উপাসনাক হায়দৰাবাদৰ এপোলো চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছিল ।চিকিৎসালয়তেই তেওঁ  এটি  কন্যা সন্তান জন্ম দিয়ে । বিয়াৰ ১১ বছৰৰ পিছত সন্তানৰ মুখ দেখা পাই আনন্দিত হৈ পৰিছে ৰামচৰণ আৰু  উপাসনা।  এই খবৰটো হায়দৰাবাদৰ এপোলো চিকিৎসালয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে ৰামচৰণৰ অনুৰাগীসকলৰ মাজত আনন্দৰ লহৰ উঠে।तैयार

চিকিৎসালয়খনে প্ৰকাশ কৰা চিকিৎসা বুলেটিনত কোৱা হৈছে  যে "২০ জুন, ২০২৩ তাৰিখে  উপাসনা কামিনেনি কনিডেলা আৰু ৰাম চৰণৰ এটি কন্যা সন্তানৰ  জন্ম হৈছে। কেঁচুৱাটো হায়দৰাবাদৰ এপোলো হস্পিটেল জুবিলি হিলছত জন্ম হৈছে। কেঁচুৱা আৰু মাতৃ (উপাসনা) দুয়ো বৰ্তমান সুস্থ হৈ আছে।'ৰাম চৰণৰ পিতৃ  মেগাষ্টাৰ চিৰঞ্জীৱীয়েও তেওঁৰ অনুৰাগীসকলক  এই ভাল খবৰটো দিছে।

 মাইক্ৰ'ব্লগিং ছাইট টুইটাৰত এই খবৰ দি  মেগাষ্টাৰ চিৰঞ্জীৱীয়ে লিখিছে যে হনুমানজীৰ অনুগ্ৰহৰ বাবেই তেওঁৰ পুত্ৰ ৰাম চৰণ আৰু বোৱাৰী উপাসনাই তেওঁলোকৰ প্ৰথম সন্তানৰ মুখ দেখিছে। এই বছৰৰ আৰম্ভণিতে, মাতৃ দিৱস উপলক্ষে, ৰাম চৰণৰ পত্নী উপাসনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা টোকা লিখিছিল। এই টোকাটোত তেওঁ কৈছিল - মই মাতৃ হ’বলৈ পালে গৌৰৱান্বিত হ’ম। মই এটা সন্তান জন্ম দিয়াৰ দিশে আগবাঢ়িছো ।  মই চৰ্তহীন মৰম আৰু যত্নৰ বাবে আৱেগিকভাৱে সাজু অনুভৱ কৰিছো। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক