--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় কৃষকসকলে এই সাৰৰ নাটনিৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ অধিকাংশ অঞ্চলত প্রবল গ্রীষ্ম-প্রবাহ চলি থকাৰ মাজতে কৃষকসকলে সাৰৰ অভাৱত পথাৰত শস্য ৰোপণ কৰিব পৰা নাই। ভাৰতৰ দুটা খাদ্যশস্য ধান আৰু ঘেঁহুৰ খেতি বেয়াকৈ প্ৰভাৱিত হৈছে।

ডিজিটেল ডেস্ক: ইৰানত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিশ্বজুৰি পৰম্পৰাগত সাৰ যোগান শৃংখল গুৰতৰভাৱে প্ৰভাৱিত হৈছে। ইয়াৰ বাবে সমগ্র বিশ্বৰে কৃষকসকলে মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্বজুৰি কৃষকসকল গভীৰ সংকটৰ সন্মুখীন হৈছে।


উপসাগৰীয় অঞ্চলৰ পৰা অহা পৰম্পৰাগত নাইট্ৰ'জেন সাৰৰ যোগান শৃংখল ইৰান যুদ্ধৰ বাবে ব্যাহত হোৱাত ইউৰিয়া সাৰ যোগানত অধিক প্রভাৱ পৰিছে। ইৰানে আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পাছত কৌশলগতভাবে গুৰুত্বপূর্ণ জল পৰিবহণ পথ হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ পাছত সাৰৰ দাম বিশ্বজুৰি আকাশলংঘী হৈছে। 


খেতি ৰোৱা বতৰত এই সাৰৰ নাটনিয়ে বিশ্বজুৰি কৃষকৰ হাহাকাৰ অবস্থা হৈছে। সময়মতে শস্য ৰোপণ কৰিব নোৱাৰিলে, সমগ্ৰ বিশ্বতে খাদ্য যোগান শৃংখল ব্যাহত হোৱাৰ আশংকা বৃদ্ধি পাইছে। পৰম্পৰাগত সাৰৰ অভাৱত ব্ৰিটিছ কৃষকে য়র্কশায়াৰৰ খেতিপথাৰত শস্যত দিয়াৰ বাবে বিকল্প সাৰৰ সন্ধান কৰিছে। হৰমুজ প্রণালীৰ মাজেৰে উপসাগৰীয় দেশবোৰৰ পৰা সমগ্র বিশ্বলৈ ৪৬ শতাংশ ইউৰিয়া যোগান হয়। আনহাতে, ২৫ শতাংশ নাইট্ৰ'জেন সাৰ এই জলপথেৰে বিশ্বৰ দেশবোৰলৈ পৰিবহণ হয়। আনহাতে, আফ্রিকা, লেটিন আমেৰিকা, এছিয়াৰ অধিকাংশ দেশ আৰু ভাৰতেও ফছফেট আৰু পটাছিয়াম সাৰ (পটাছ) বিশেষকৈ ব্যৱহাৰ কৰে। 


আনহাতে, আফ্রিকাৰ অধিকাংশ দেশত গোবৰ সাৰ, কুকুৰাৰ মলেৰে তৈয়াৰী সাৰক বিকল্প ৰূপে লৈছে কৃষকসকলে। আনহাতে, ভাৰতীয় কৃষকসকলে এই সাৰৰ নাটনিৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ অধিকাংশ অঞ্চলত প্রবল গ্রীষ্ম-প্রবাহ চলি থকাৰ মাজতে কৃষকসকলে সাৰৰ অভাৱত পথাৰত শস্য ৰোপণ কৰিব পৰা নাই। ভাৰতৰ দুটা খাদ্যশস্য ধান আৰু ঘেঁহুৰ খেতি বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্ব খাদ্য আৰু কৃষি সংস্থা আৰু বতৰ বিজ্ঞান সংস্থাই সতর্ক কৰি দিছে। শস্য ৰোপণৰ বতৰত সাৰৰ পৰিৱেশে বিশ্বজুৰি প্ৰবল খাদ্য নাটনিৰ সৃষ্টি কৰিব। ভাৰতত ইয়াৰ প্ৰভাৱ অধিক গুৰুতৰ হৈছে। পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে কৃষি-ভিত্তিক ৰাজ্যৰ কৃষকসকল অধিক ক্ষতিগ্রস্ত হৈছে। 


ঘেঁহু চপোৱাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে যদিও সাৰৰ অভাৱত আশানুৰূপ খেতি হোৱা নাই। আনহাতে, ধানখেতিৰ বতৰ আৰম্ভ হৈছে যদিও সাৰৰ নাটনি আৰু গ্রীষ্ম-প্ৰৱাহৰ বাবে দেশত ধান শস্য ৰোপণ কৰিব পৰা নাই অধিকাংশ কৃষকে। উল্লেখযোগ্য যে বিশ্বজুৰি কৃষকসকলে ইন্ধনৰ বৰ্ধিত দাম, সাৰৰ নাটনি, বিশ্বজনীন পৰিবহণৰ ব্যয় বৃদ্ধিৰ বাবে ভীষণ সংকটৰ সম্মুখীন হৈছে। বিশ্ব কৃষক সন্থাৰ সভাপতি আর্নল্ড পোৰেকে কয় যে শক্তি আৰু সাৰৰ বৰ্ধিত দামৰ আৰু অনিশ্চয়তাৰ সৈতে উৎপাদন ক্ষমতা বজাই ৰাখিবলৈ সমগ্র বিশ্বজুৰি কৃষকসকল গভীৰ সংকটৰ সন্মুখীন হৈছে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement