--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় কৃষকসকলে এই সাৰৰ নাটনিৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ অধিকাংশ অঞ্চলত প্রবল গ্রীষ্ম-প্রবাহ চলি থকাৰ মাজতে কৃষকসকলে সাৰৰ অভাৱত পথাৰত শস্য ৰোপণ কৰিব পৰা নাই। ভাৰতৰ দুটা খাদ্যশস্য ধান আৰু ঘেঁহুৰ খেতি বেয়াকৈ প্ৰভাৱিত হৈছে।

ডিজিটেল ডেস্ক: ইৰানত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিশ্বজুৰি পৰম্পৰাগত সাৰ যোগান শৃংখল গুৰতৰভাৱে প্ৰভাৱিত হৈছে। ইয়াৰ বাবে সমগ্র বিশ্বৰে কৃষকসকলে মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশ্বজুৰি কৃষকসকল গভীৰ সংকটৰ সন্মুখীন হৈছে।


উপসাগৰীয় অঞ্চলৰ পৰা অহা পৰম্পৰাগত নাইট্ৰ'জেন সাৰৰ যোগান শৃংখল ইৰান যুদ্ধৰ বাবে ব্যাহত হোৱাত ইউৰিয়া সাৰ যোগানত অধিক প্রভাৱ পৰিছে। ইৰানে আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পাছত কৌশলগতভাবে গুৰুত্বপূর্ণ জল পৰিবহণ পথ হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ পাছত সাৰৰ দাম বিশ্বজুৰি আকাশলংঘী হৈছে। 


খেতি ৰোৱা বতৰত এই সাৰৰ নাটনিয়ে বিশ্বজুৰি কৃষকৰ হাহাকাৰ অবস্থা হৈছে। সময়মতে শস্য ৰোপণ কৰিব নোৱাৰিলে, সমগ্ৰ বিশ্বতে খাদ্য যোগান শৃংখল ব্যাহত হোৱাৰ আশংকা বৃদ্ধি পাইছে। পৰম্পৰাগত সাৰৰ অভাৱত ব্ৰিটিছ কৃষকে য়র্কশায়াৰৰ খেতিপথাৰত শস্যত দিয়াৰ বাবে বিকল্প সাৰৰ সন্ধান কৰিছে। হৰমুজ প্রণালীৰ মাজেৰে উপসাগৰীয় দেশবোৰৰ পৰা সমগ্র বিশ্বলৈ ৪৬ শতাংশ ইউৰিয়া যোগান হয়। আনহাতে, ২৫ শতাংশ নাইট্ৰ'জেন সাৰ এই জলপথেৰে বিশ্বৰ দেশবোৰলৈ পৰিবহণ হয়। আনহাতে, আফ্রিকা, লেটিন আমেৰিকা, এছিয়াৰ অধিকাংশ দেশ আৰু ভাৰতেও ফছফেট আৰু পটাছিয়াম সাৰ (পটাছ) বিশেষকৈ ব্যৱহাৰ কৰে। 


আনহাতে, আফ্রিকাৰ অধিকাংশ দেশত গোবৰ সাৰ, কুকুৰাৰ মলেৰে তৈয়াৰী সাৰক বিকল্প ৰূপে লৈছে কৃষকসকলে। আনহাতে, ভাৰতীয় কৃষকসকলে এই সাৰৰ নাটনিৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে। দেশৰ অধিকাংশ অঞ্চলত প্রবল গ্রীষ্ম-প্রবাহ চলি থকাৰ মাজতে কৃষকসকলে সাৰৰ অভাৱত পথাৰত শস্য ৰোপণ কৰিব পৰা নাই। ভাৰতৰ দুটা খাদ্যশস্য ধান আৰু ঘেঁহুৰ খেতি বেয়াকৈ প্ৰভাৱিত হৈছে। বিশ্ব খাদ্য আৰু কৃষি সংস্থা আৰু বতৰ বিজ্ঞান সংস্থাই সতর্ক কৰি দিছে। শস্য ৰোপণৰ বতৰত সাৰৰ পৰিৱেশে বিশ্বজুৰি প্ৰবল খাদ্য নাটনিৰ সৃষ্টি কৰিব। ভাৰতত ইয়াৰ প্ৰভাৱ অধিক গুৰুতৰ হৈছে। পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে কৃষি-ভিত্তিক ৰাজ্যৰ কৃষকসকল অধিক ক্ষতিগ্রস্ত হৈছে। 


ঘেঁহু চপোৱাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে যদিও সাৰৰ অভাৱত আশানুৰূপ খেতি হোৱা নাই। আনহাতে, ধানখেতিৰ বতৰ আৰম্ভ হৈছে যদিও সাৰৰ নাটনি আৰু গ্রীষ্ম-প্ৰৱাহৰ বাবে দেশত ধান শস্য ৰোপণ কৰিব পৰা নাই অধিকাংশ কৃষকে। উল্লেখযোগ্য যে বিশ্বজুৰি কৃষকসকলে ইন্ধনৰ বৰ্ধিত দাম, সাৰৰ নাটনি, বিশ্বজনীন পৰিবহণৰ ব্যয় বৃদ্ধিৰ বাবে ভীষণ সংকটৰ সম্মুখীন হৈছে। বিশ্ব কৃষক সন্থাৰ সভাপতি আর্নল্ড পোৰেকে কয় যে শক্তি আৰু সাৰৰ বৰ্ধিত দামৰ আৰু অনিশ্চয়তাৰ সৈতে উৎপাদন ক্ষমতা বজাই ৰাখিবলৈ সমগ্র বিশ্বজুৰি কৃষকসকল গভীৰ সংকটৰ সন্মুখীন হৈছে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু