--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই প্রস্তাৱটো ইৰানৰ বিৰুদ্ধে যুদ্ধৰ অন্ত পেলোৱাৰ দিশত চিনেটৰ এক পদক্ষেপ বুলি কোৱা হৈছে। এই প্রস্তাৱটো আইনত পৰিণত হোৱাৰ পাছত ট্রাম্পে ইৰানত আক্ৰমণ কৰাৰ বাবে সংসদৰ অনুমোদন ল'ব লাগিব।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সামৰিক ক্ষমতা হ্রাস কৰাৰ বাবে উত্থাপন কৰা এটা প্ৰস্তাৱত দেশখনৰ সংসদে অনুমোদন জনায়। দেশখনৰ উচ্চ সদন চিনেটত 'যুদ্ধৰ ক্ষমতা আইনৰ' অধীনত উত্থাপন কৰা প্ৰস্তাৱটোৰ জৰিয়তে ট্রাম্পৰ ব্যাপক সামৰিক ক্ষমতা নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা হৈছে।


এই প্রস্তাৱটো ইৰানৰ বিৰুদ্ধে যুদ্ধৰ অন্ত পেলোৱাৰ দিশত চিনেটৰ এক পদক্ষেপ বুলি কোৱা হৈছে। এই প্রস্তাৱটো আইনত পৰিণত হোৱাৰ পাছত ট্রাম্পে ইৰানত আক্ৰমণ কৰাৰ বাবে সংসদৰ অনুমোদন ল'ব লাগিব। 


উল্লেখযোগ্য যে প্রস্তাৱটোক লৈ হোৱা ভোটিঙত ট্রাম্পৰ ৰিপাব্লিক দলৰ চাৰিজন সদস্যই ডেম'ক্রেটিক দলৰ সাংসদসকলৰ সৈতে ইয়াৰ সপক্ষে ভোট দিয়ে। ৰিপাব্লিক দলৰ আন তিনিজন সদস্য ভোটিঙৰ সময়ত অনুপস্থিত থাকে। প্ৰস্তাৱটো ৫০-৪৭ ব্যৱধানত গৃহীত হয়। ৰিপাব্লিকান দলৰ চাৰিজন সদস্যই প্রস্তাৱটোৰ সপক্ষে ভোট দিয়াটোক ৰাষ্ট্ৰপতি ট্রাম্পৰ বাবে এক বৃহৎ বিপর্যয় বুলি কোৱা হৈছে। অৱশ্যে এই প্রস্তাৱটোক লৈ চিনেটত চূড়ান্ত ভোটিং হ'ব আৰু তাৰ পাছত প্রতিনিধি সভালৈ প্ৰেৰণ কৰা হ'ব। প্রতিনিধি সভাত গৃহীত হ'লে ই আইনত পৰিণত হ'ব। অৱশ্যে এই প্রস্তাৱটো আইনত পৰিণত হোৱাৰ বাবে আন কেইবাটাও বাধা আছে। প্ৰস্তাৱটো উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্পে ইয়াক ভেটো দিব পাৰে। তেতিয়া উভয় সদনে দুই তৃতীয়াংশ ভোটত ইয়াক গৃহীত কৰিব লাগিব। কিন্তু ই ইমান সহজ নহয়। 


ইফালে ডেম'ক্রেটিক দলৰ সদস্যসকলে ইয়াক এক ডাঙৰ জয় বুলি অভিহিত কৰে। তেওঁলোকৰ মতে, আমেৰিকাই আন দেশৰ সৈতে যুদ্ধ ঘোষণা কৰা বা সৈন্য প্ৰেৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ নহয় সংসদৰ অনুমোদনৰ প্ৰয়োজন হোৱা উচিত। আমেৰিকাৰ সংবিধানতো এই ব্যৱস্থা আছে। ইফালে ৰাষ্ট্ৰপতিট্রাম্পে কয় যে ইৰানৰ সৈতে যুদ্ধৰ অচিৰেই অন্ত পৰিব। তেওঁ হোৱাইট হাউছত কয়, 'এই যুদ্ধৰ অচিৰেই অন্ত পৰাৰ দিশত আগবাঢ়িছে। তেওঁলোকে (ইৰানে) চুক্তি কৰিবলৈ বিচাৰিছে। তেওঁলোক যুদ্ধক লৈ ভাগৰি পৰিছে বোধ হয়।' 


তেওঁ লগতে এই কথাও উল্লেখ কৰে যে ইৰানত কোনোপধ্যেই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ দিব নোৱাৰি। তেওঁ লগতে কয় যে আমেৰিকাই ইৰানত এক বিধ্বংসী আক্রমণ কৰিবলৈ আগবাঢ়িছিল, কিন্তু সম্প্রতি এই সিদ্ধান্ত স্থগিত ৰখা হৈছে। কাটাৰ, ছৌডি আৰব আৰু সংযুক্ত আৰব আমিৰাটে ইৰানত আলোচনাৰ সুযোগ দিয়াৰ বাবে এতিয়াই আক্রমণ নকৰিবলৈ পৰামৰ্শ দিয়ে আৰু সেয়েহে তেওঁ এই সিদ্ধান্ত স্থগিত ৰাখে বুলি কয়।

উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু