--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই প্রস্তাৱটো ইৰানৰ বিৰুদ্ধে যুদ্ধৰ অন্ত পেলোৱাৰ দিশত চিনেটৰ এক পদক্ষেপ বুলি কোৱা হৈছে। এই প্রস্তাৱটো আইনত পৰিণত হোৱাৰ পাছত ট্রাম্পে ইৰানত আক্ৰমণ কৰাৰ বাবে সংসদৰ অনুমোদন ল'ব লাগিব।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সামৰিক ক্ষমতা হ্রাস কৰাৰ বাবে উত্থাপন কৰা এটা প্ৰস্তাৱত দেশখনৰ সংসদে অনুমোদন জনায়। দেশখনৰ উচ্চ সদন চিনেটত 'যুদ্ধৰ ক্ষমতা আইনৰ' অধীনত উত্থাপন কৰা প্ৰস্তাৱটোৰ জৰিয়তে ট্রাম্পৰ ব্যাপক সামৰিক ক্ষমতা নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা হৈছে।


এই প্রস্তাৱটো ইৰানৰ বিৰুদ্ধে যুদ্ধৰ অন্ত পেলোৱাৰ দিশত চিনেটৰ এক পদক্ষেপ বুলি কোৱা হৈছে। এই প্রস্তাৱটো আইনত পৰিণত হোৱাৰ পাছত ট্রাম্পে ইৰানত আক্ৰমণ কৰাৰ বাবে সংসদৰ অনুমোদন ল'ব লাগিব। 


উল্লেখযোগ্য যে প্রস্তাৱটোক লৈ হোৱা ভোটিঙত ট্রাম্পৰ ৰিপাব্লিক দলৰ চাৰিজন সদস্যই ডেম'ক্রেটিক দলৰ সাংসদসকলৰ সৈতে ইয়াৰ সপক্ষে ভোট দিয়ে। ৰিপাব্লিক দলৰ আন তিনিজন সদস্য ভোটিঙৰ সময়ত অনুপস্থিত থাকে। প্ৰস্তাৱটো ৫০-৪৭ ব্যৱধানত গৃহীত হয়। ৰিপাব্লিকান দলৰ চাৰিজন সদস্যই প্রস্তাৱটোৰ সপক্ষে ভোট দিয়াটোক ৰাষ্ট্ৰপতি ট্রাম্পৰ বাবে এক বৃহৎ বিপর্যয় বুলি কোৱা হৈছে। অৱশ্যে এই প্রস্তাৱটোক লৈ চিনেটত চূড়ান্ত ভোটিং হ'ব আৰু তাৰ পাছত প্রতিনিধি সভালৈ প্ৰেৰণ কৰা হ'ব। প্রতিনিধি সভাত গৃহীত হ'লে ই আইনত পৰিণত হ'ব। অৱশ্যে এই প্রস্তাৱটো আইনত পৰিণত হোৱাৰ বাবে আন কেইবাটাও বাধা আছে। প্ৰস্তাৱটো উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্পে ইয়াক ভেটো দিব পাৰে। তেতিয়া উভয় সদনে দুই তৃতীয়াংশ ভোটত ইয়াক গৃহীত কৰিব লাগিব। কিন্তু ই ইমান সহজ নহয়। 


ইফালে ডেম'ক্রেটিক দলৰ সদস্যসকলে ইয়াক এক ডাঙৰ জয় বুলি অভিহিত কৰে। তেওঁলোকৰ মতে, আমেৰিকাই আন দেশৰ সৈতে যুদ্ধ ঘোষণা কৰা বা সৈন্য প্ৰেৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ নহয় সংসদৰ অনুমোদনৰ প্ৰয়োজন হোৱা উচিত। আমেৰিকাৰ সংবিধানতো এই ব্যৱস্থা আছে। ইফালে ৰাষ্ট্ৰপতিট্রাম্পে কয় যে ইৰানৰ সৈতে যুদ্ধৰ অচিৰেই অন্ত পৰিব। তেওঁ হোৱাইট হাউছত কয়, 'এই যুদ্ধৰ অচিৰেই অন্ত পৰাৰ দিশত আগবাঢ়িছে। তেওঁলোকে (ইৰানে) চুক্তি কৰিবলৈ বিচাৰিছে। তেওঁলোক যুদ্ধক লৈ ভাগৰি পৰিছে বোধ হয়।' 


তেওঁ লগতে এই কথাও উল্লেখ কৰে যে ইৰানত কোনোপধ্যেই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ দিব নোৱাৰি। তেওঁ লগতে কয় যে আমেৰিকাই ইৰানত এক বিধ্বংসী আক্রমণ কৰিবলৈ আগবাঢ়িছিল, কিন্তু সম্প্রতি এই সিদ্ধান্ত স্থগিত ৰখা হৈছে। কাটাৰ, ছৌডি আৰব আৰু সংযুক্ত আৰব আমিৰাটে ইৰানত আলোচনাৰ সুযোগ দিয়াৰ বাবে এতিয়াই আক্রমণ নকৰিবলৈ পৰামৰ্শ দিয়ে আৰু সেয়েহে তেওঁ এই সিদ্ধান্ত স্থগিত ৰাখে বুলি কয়।

উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ