--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গ্রীষ্ম প্রবাহে আটাইতকৈ জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ, মধ্য আৰু পূব ভাৰতত। এই অঞ্চলবোৰত সর্বোচ্চ তাপমাত্রাই অভিলেখৰ সৃষ্টি কৰি ৪৫ ডিগ্রী চেলছিয়াছৰ সীমা পাৰ হৈছে।

ডিজিটেল ডেস্ক: এইবাৰ গ্ৰীষ্ম কালত এল নিনোৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি বতৰ বিজ্ঞানীসকলে সতর্কবাণী শুনোৱাৰ সময়ত সমগ্ৰ উত্তৰ ভাৰত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। 


উল্লেখযোগ্য যে বিশ্বত এল নিনোৰ প্ৰভাৱ এতিয়াও পৰা নাই। সেই সময়তে গ্রীষ্ম প্রৱাহে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ প্রকোপ ইমানেই বৃদ্ধি পাইছে যে বিশ্বৰ আটাইতকৈ গৰম ১০০খন মহানগৰৰ তালিকাত ভাৰতৰ ৯৭খন মহানগৰে স্থান পাইছে।


গ্রীষ্ম প্রবাহে আটাইতকৈ জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ, মধ্য আৰু পূব ভাৰতত। এই অঞ্চলবোৰত সর্বোচ্চ তাপমাত্রাই অভিলেখৰ সৃষ্টি কৰি ৪৫ ডিগ্রী চেলছিয়াছৰ সীমা পাৰ হৈছে। 


'এ কিউ আই ৰাডাৰ'ৰ তথ্য মতে বিশ্বৰ আটাইতকৈ গৰম ১০০খন মহানগৰৰ ভিতৰত ৯৭খনেই ভাৰতৰ। ওড়িশাৰ বালাংগীৰ আৰু বিহাৰৰ ছাচাৰাম হ'ল দেশৰ ভিতৰতে আটাইতকৈ গৰম চহৰ। বালাংগীৰত সর্বোচ্চ তাপমাত্রা ৪৮ ডিগ্রী চেলছিয়াছ হৈছিল। আনহাতে ছাছাৰামতো সর্বোচ্চ তাপমাত্রা ৪৮ ডিগ্রী চেলছিয়াছ হৈছিল। ইফালে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ৪৭ ডিগ্রী চেলছিয়াছ। 


ভাৰতৰ আটাইতকৈ গৰম মহানগৰসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মজযফৰনগৰ, অযোধ্যা, পাটিয়ালা, ৱাৰংগল, হৰিদ্বাৰ, গোৱালিয়ৰ, ধানবাদ, চণ্ডীগড়, আগ্রা, ভৰতপুৰ আৰু ছিংগৰলাও আছে। এই মহানগৰসমূহসৰ তাপমাত্রা ৪৫-৪৬ ডিগ্রী চেলছিয়াছৰ ভিতৰত আছিল। কেইবাখনো মহানগৰত আর্দ্রতা ৬-৮ শতাংশৰ ভিতৰত থকাত অধিক গৰম অনুভৱ কৰা হয় আৰু জনসাধাৰণৰ জীৱন দুর্বিষহ কৰি তোলে। 


বিশ্বৰ আটাইতকৈ গৰম মহানগৰৰ তালিকাত মাত্র তিনিখন মহানগৰহে ভাৰতৰ বাহিৰৰ আৰু তিনিওখনেই নেপালৰ। ৰাজস্থানৰ শ্রীগংগানগৰৰ তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ আছিল আৰু উক্ত তালিকাত ৬২সংখ্যক স্থানত আছে।


উত্তৰ, মধ্য আৰু পূব ভাৰতত সূৰ্যই অগ্নি বৰষাৰ সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ ভাৰতত গৰমৰ প্ৰকোপ অধিক বৃদ্ধি পাব বুলি আগলি বতৰা শুনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে,সমগ্ৰ উত্তৰ ভাৰতত প্ৰচণ্ডৰ পৰা অতি প্রচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ আশংকা কৰা হৈছে। দেশৰ গ্রীষ্মৰ প্রকোপ বৃদ্ধি পোৱাৰ ফলত দেশৰ বিভিন্ন স্থানত চিকিৎসালয়ত পেটৰ অসুখ তথা ডিহাইড্রেশ্যন হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 


বতৰ বিজ্ঞান বিভাগৰ মতে, ৰাজস্থানত গুৰুতৰ গ্ৰীষ্ম প্ৰৱাহৰ আশংকা কৰা হৈছে আৰু নিশাৰ ভাগতো গৰমৰ প্রকোপ থাকিব। ছট্টিশগড়, হাৰিয়ানা, দিল্লী, মধ্য প্রদেশ, পঞ্জাব, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰও গুৰুতৰ গ্ৰীষ্ম প্ৰৱাহৰ কবলত বুলি কোৱা হৈছে।


ইয়াৰ বিপৰীতে অসম, মেঘালয়, কেৰালা, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, কৰ্ণাটক আৰু তামিলনাডুত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পশ্চিম বংগ, ওড়িশা আৰু তামিলনাডুতো গ্রীষ্ম প্ৰৱাহৰ আশংকা কৰা হৈছে। মধ্য প্রদেশৰ চাৰিখন জিলাত তাপমাত্রা ৪৬ ডিগ্রী চেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। মধ্য প্রদেশ অহা ৩১ মে'লৈকে প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত থাকিব বুলি সতর্কবাণী শুনোৱা হৈছে। উত্তৰ প্ৰদেশৰ বান্দা, চিত্রকূট, কৌশম্বী আৰু প্রয়াগৰাজকে ধৰি দহখন জিলা গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। বান্দাত পঞ্চম দিনৰ বাবে প্ৰচণ্ড গ্রীষ্ম প্রৱাহ অব্যাহত আছে আৰু মহানগৰখনৰ তাপমাত্রা ৪৭ ডিগ্ৰীৰ অধিক হোৱাৰ সম্ভাৱনা আছে। 


ছট্টিশগড়ৰ ৫খন, বিহাৰৰ ১০খন জিলা আৰু হাৰিয়ানাতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কোৱা হৈছে। হাৰিয়ানাত নিশাৰ ভাগৰ তাপমাত্রাই ৩৮ বছৰৰ অভিলেখ ভংগ কৰে। ৰাজ্যখনৰ ভিৱানীত বৃহস্পতিবাৰে নিশা তাপমাত্রা ৩৬.৬ ডিগ্রী আছিল। উত্তৰাখণ্ডৰ ছখন জিলাত গ্ৰচণ্ড গৰমৰ সতর্কবাণী জাৰি কৰা হৈছে। ইফালে দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী এলেকাত থৰ মৰুভূমিৰ পৰা অহা প্রচণ্ড গৰম বতাহে জীৱন দুর্বিষহ কৰি তুলিছে। দিল্লীত সর্বোচ্চ তাপমাত্রা ৪৪-৪৬ ডিগ্ৰীৰ ভিতৰত আছে।


ইফালে পূব দিল্লীৰ ত্রিলোকপুৰী অঞ্চলত থকা সঞ্জয় হ্ৰদৰ পানী গৰম হৈ পৰে। ফলত হ্রদটোত থকা হাজাৰ হাজাৰ মাছ মৃত্যুৰ মুখত পৰে। তাপমাত্রা বৃদ্ধিত পোৱাৰ ফলত পানীত অক্সিজেনৰ মাত্রা হ্রাস পোৱা আৰু পানী স্থিৰ হৈ থকাত মাছবোৰৰ শ্বাস-প্রশ্বাসত অসুবিধাৰ সৃষ্টি হয়।

উৎস: দৈনিক জনমভূমি











FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement