--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছে আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে পৰিধান কৰা এটা ব্যয়বহুল টি-চাৰ্টক কেন্দ্ৰ কৰি শাসনাধিষ্ঠ বিজেপি দল নামি পৰিছে গান্ধীৰ উপহাসত। গান্ধীৰ এখন ফটোৰ সৈতে টি-চাৰ্টৰ দাম সংলগ্ন এখন ফটো শ্বেয়াৰ কৰি ৰাহুল গান্ধীক আক্ৰমণ কৰিছে বিজেপিয়ে। বিজেপিৰ এই কটাক্ষক পৰিৱৰ্তে কংগ্ৰেছেও সমুখলৈ আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে পৰিধান কৰা ১০ লাখ টকীয়া চ্যুটৰ প্ৰসঙ্গ। এই কাপোৰ বিতৰ্কৰ মাজতে কংগ্ৰেছ নেতাগৰাকীৰ সমৰ্থনত মন্তব্য আগবঢ়াইছে তৃণমূল নেত্ৰী মহুৱা মৈত্ৰই। 

বিগত সময়চোৱাত ধাৰাবাহিকভাৱে বিজেপিক তূলাধূনা দি অহা তৃণমূল সাংসদগৰাকীয়ে কাপোৰ বিতৰ্ক প্ৰসঙ্গতো প্ৰথম দিনাৰ পৰাই বিজেপিক আক্ৰমণ কৰি আহিছে। শনিবাৰে মহুয়াই ৰাহুল গান্ধীৰ সমৰ্থনত বিজেপি আৰু আৰ এছ এছক লক্ষ্য কৰি কেইবাটাও টুইট কৰিছিল। এক টুইটযোগে বিজেপিক সকীয়নি দি মৈত্ৰই শনিবাৰে কয়, "মই বিজেপিক সীমা অতিক্ৰম নকৰিবলৈ পৰামৰ্শ দিছো। কাৰোবাৰ ব্যক্তিগত কাপোৰ বা আন কোনো বিষয়ত মন্তব্য নকৰিব।” 

যদি বিজেপি সাংসদসকলে ব্যৱহাৰ কৰা ঘড়ী, কলম, আঙুঠি, কাপোৰৰ বিষয়ে প্ৰশ্ন উত্থাপন হয়, বিজেপিয়ে তেতিয়া হাত হাৰিব নোৱাৰিব বুলিও বিজেপিক সাৱধানবাণী শুনায় মৈত্ৰই। আন এক টুইটত সাংসদগৰাকীয়ে আৰ এছ এছকো কটাক্ষ কৰে। টুইটটোত মহুৱা মৈত্ৰই কয়, "বেগ বা টি-চাৰ্টৰ কথা পাহৰি যাওক। ভাৰতীয়সকলে এতিয়া খাকী হাফপেণ্টৰ মূল্য পৰিশোধ কৰাতে ব্যস্ত থাকিবলগীয়া হৈছে।” 

উল্লেখ্য যে কিছুদিন পূৰ্বে মহুৱা মৈত্ৰই ব্যৱহাৰ কৰা এটা দামী বেগক লক্ষ্য কৰি বিজেপিৰ কেইবাগৰাকীও নেতাই তৃণমূল সাংসদ গৰাকীক উপহাস কৰিছিল। সেই সময়তো মৈত্ৰই বিজেপিৰ এই বিতৰ্কক প্ৰত্যাহ্বান জনাই কঠোৰ আক্ৰমণ কৰিছিল।

মৈত্ৰই লগতে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দিল্লীৰ ঘাইপথৰ নাম সলনি কৰা কাৰ্যকো সমালোচনা কৰে। শেহতীয়াকৈ কেন্দ্ৰই ঘাইপথটোৰ নাম সলনি কৰি 'কৰ্তব্যপথ' হিচাপে নতুনকৈ নামাকৰণ কৰিছিল। এই সিদ্ধান্তৰ পিছতে ৬ ছেপ্টেম্বৰত মহুয়াই এক টুইট যোগে বিজেপি চৰকাৰক কটাক্ষ কৰি নতুন প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ নাম সলনি কৰি ‘কিংকৰ্তব্যবিমূঢ় মঠ’ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement