--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি বাৰু কিমান দিনৰ মূৰত দাড়ি কাটে। আপুনি শুনি আচৰিত হ'ব যে এজন ব্যক্তিয়ে ২১ বছৰৰ মূৰত দাড়ি কাটিছে। ব্যক্তিজন ছত্তীশগড়ৰ বাসিন্দা। তেওঁ বিশেষ এটা ইচ্ছা পূৰণ নোহোৱালৈকে দাড়ি নাকাটো বুলি সংকল্প লৈছিল। মানেন্দ্ৰগড়-চিৰমিৰি-ভাৰতপুৰ (এমচিবি) নতুন জিলা নোহোৱালৈকে দাড়ি নাকাটো বুলি শপত খাইছিল ব্যক্তিজনে। শুকুৰবাৰে ছত্তীশগড় চৰকাৰে এম চি বিক ৰাজ্যৰ ৩২ নং জিলা হিচাপে স্বীকৃতি দিয়াৰ লগে লগে তেওঁৰ সংকল্প পূৰণ হয়।

এই ব্যক্তিজনৰ নাম ৰামশংকৰ গুপ্তা। তেওঁ এজন আৰটিআই কৰ্মী আৰু মহেন্দ্ৰগড়ৰ বাসিন্দা। মনেন্দ্ৰগড়-চিৰমিৰি-ভাৰতপুৰক নতুন জিলা হিচাপে   ঘোষণা কৰা হয়। নিজৰ সংকল্প পূৰণ হোৱাৰ বাবে ২১ বছৰৰ পাছত দাড়ি কাটে ৰামশংকৰ গুপ্তাই। 

গুপ্তাই প্ৰথমখন স্মাৰক পত্ৰ প্ৰদান কৰে এমচিবি জিলাৰ উপায়ুক্তক। ইয়াত তেওঁ লিখিছে, ‘মনেন্দ্ৰগড়-চিৰমিৰি-ভাৰতপুৰ জিলা গঠন নোহোৱালৈকে মই মোৰ দাড়ি নাকাটো বুলি সংকল্প লৈছিলোঁ। যদি মনেন্দ্ৰগড়-চিৰমিৰি-ভাৰতপুৰক জিলা বুলি ঘোষণা নকৰা হলে মই কেতিয়াও দাড়ি নাকাটিলোহেঁতেন। এয়া ৪০ বছৰীয়া সংগ্ৰাম। যিসকল লোকে প্ৰকৃততে জিলাৰ বাবে যুঁজিছিল, তেওঁলোক এতিয়া এই পৃথিৱীত নাই। অৱশ্যে এতিয়া তেওঁলোকৰ আত্মাই শান্তিৰে জিৰণি ল’ব।

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শুকুৰবাৰে ৰাজ্যৰ দুখন নতুন জিলা গঠনত অনুমোদন জনায়। ইয়াৰ লগে লগে ৰাজ্যৰ মুঠ জিলাৰ সংখ্যা এতিয়া ৩৩ খনলৈ বৃদ্ধি পাইছে। ৰাজ্যিক জনসংযোগ বিভাগৰ বিষয়াসকলে জনোৱা মতে, মুখ্যমন্ত্রী বাঘেলে দুখন নতুন জিলা মানেন্দ্ৰগড়-চিৰমিৰি-ভাৰতপুৰ আৰু শক্তি গঠনত অনুমোদন জনায়৷ উল্লেখযোগ্য যে প্ৰায় চাৰি বছৰৰ শাসনকালত ৰাজ্যত ৬খন নতুন জিলা, ৮৫খন নতুন তহচিল, বহু মহকুমা আৰু উপ-তেহচিল গঠন হৈছিল।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু