--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আফগানিস্তানত আৰম্ভ হৈছে গভীৰ মানৱীয় সংকট। দেশৰ সীমা অতিক্ৰম কৰি ইৰাণ, পাকিস্তানত আশ্ৰয় ল’বলৈ উদ্বাউল অগনিত মানুহেৰে ভৰি পৰিছে দেশখনৰ সীমান্ত অঞ্চল। ঘটনা প্ৰৱাহে উদ্বিগ্ন কৰি তুলিছে ৰাষ্ট্ৰসংঘকো। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা ইউ এন এইছ চি আৰে শুকুৰবাৰে এইসকল আফগান শৰণাৰ্থীক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে। সংকট মোচনৰ বাবে ৰাষ্ট্ৰসংঘই ঘোষণা কৰে যে, অহা ১৩ ছেপ্টেম্বৰত জেনেভাত অনুষ্ঠিত কৰা হ’ব এখন গুৰুত্বপূৰ্ণ পুঁজি সংগ্ৰহ সন্মিলন।

ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰই শুকুৰবাৰে জাৰি কৰা এক বিবৃতিযোগে কয় যে, ১৩ ছেপ্টেম্বৰত অনুষ্ঠিতব্য উক্ত সন্মিলনে দ্ৰুতভাৱে পুঁজি সংগ্ৰহৰ চেষ্টা কৰিব যাতে আফগানসকলে তেওঁলোকৰ প্ৰয়োজনীয় সেৱাসমূহ বাধাহীনভাৱে লাভ কৰিব পাৰে আৰু নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰ কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয় যে ৰাষ্ট্ৰসংঘ সমগ্ৰ আফগানিস্তানৰ লাখ লাখ সৰ্বস্বান্ত লোকক মানৱীয় সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। উল্লেখ্য যে, চলিত বৰ্ষত প্ৰায় ৬লাখ আফগান লোক নিজ দেশৰ পৰা স্থানান্তৰিত হ’বলগীয়া হৈছে। এইসকলৰ ৮০ শতাংশই হৈছে মহিলা আৰু শিশু।


পাকিস্তানৰ সৈতে দেশখনৰ সীমান্ত অঞ্চলৰ পৰিস্থিতি বৰ্ণনা কৰি ইউ এন এইছ চি আৰৰ মুখপাত্ৰ বাবৰ বেলুচে কয় যে, ইউ এন এইছ চি আৰে কাহানিও পাকিস্তান আৰু ইৰাণলৈ ইমান উচ্চহাৰত শৰণাৰ্থীৰ প্ৰৱেশ দেখা নাছিল। উল্লেখ্য যে, ইতিমধ্যেই ইউ এন এইছ চি আৰে আফগানিস্তানৰ সীমামূৰীয়া দেশসমূহক আফগান শৰণাৰ্থীসকলৰ বাবে নিজৰ সীমাৰ দ্বাৰ মুকলি কৰি ৰাখিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সুৰক্ষা জৰুৰীভাৱে নিশ্চিত কৰিবলৈকো সংস্থাটোৱে বাৰম্বাৰ আহ্বান জনাই আহিছে। যি নহওঁক, আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পিছতে আৰম্ভ হোৱা এই গভীৰ মানৱীয় সংকট মোচন কৰাৰ বাবে ৰাষ্ট্ৰসংঘ আৰু ইউ এন এইছ চি আৰে গ্ৰহণ কৰা সমূহ পদক্ষেপে সঁচাকৈয়ে সফলতা লাভ কৰেনে নাই সেয়া সময়তহে গম পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ