--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আফগানিস্তানত আৰম্ভ হৈছে গভীৰ মানৱীয় সংকট। দেশৰ সীমা অতিক্ৰম কৰি ইৰাণ, পাকিস্তানত আশ্ৰয় ল’বলৈ উদ্বাউল অগনিত মানুহেৰে ভৰি পৰিছে দেশখনৰ সীমান্ত অঞ্চল। ঘটনা প্ৰৱাহে উদ্বিগ্ন কৰি তুলিছে ৰাষ্ট্ৰসংঘকো। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা ইউ এন এইছ চি আৰে শুকুৰবাৰে এইসকল আফগান শৰণাৰ্থীক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে। সংকট মোচনৰ বাবে ৰাষ্ট্ৰসংঘই ঘোষণা কৰে যে, অহা ১৩ ছেপ্টেম্বৰত জেনেভাত অনুষ্ঠিত কৰা হ’ব এখন গুৰুত্বপূৰ্ণ পুঁজি সংগ্ৰহ সন্মিলন।

ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰই শুকুৰবাৰে জাৰি কৰা এক বিবৃতিযোগে কয় যে, ১৩ ছেপ্টেম্বৰত অনুষ্ঠিতব্য উক্ত সন্মিলনে দ্ৰুতভাৱে পুঁজি সংগ্ৰহৰ চেষ্টা কৰিব যাতে আফগানসকলে তেওঁলোকৰ প্ৰয়োজনীয় সেৱাসমূহ বাধাহীনভাৱে লাভ কৰিব পাৰে আৰু নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰ কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয় যে ৰাষ্ট্ৰসংঘ সমগ্ৰ আফগানিস্তানৰ লাখ লাখ সৰ্বস্বান্ত লোকক মানৱীয় সেৱা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। উল্লেখ্য যে, চলিত বৰ্ষত প্ৰায় ৬লাখ আফগান লোক নিজ দেশৰ পৰা স্থানান্তৰিত হ’বলগীয়া হৈছে। এইসকলৰ ৮০ শতাংশই হৈছে মহিলা আৰু শিশু।


পাকিস্তানৰ সৈতে দেশখনৰ সীমান্ত অঞ্চলৰ পৰিস্থিতি বৰ্ণনা কৰি ইউ এন এইছ চি আৰৰ মুখপাত্ৰ বাবৰ বেলুচে কয় যে, ইউ এন এইছ চি আৰে কাহানিও পাকিস্তান আৰু ইৰাণলৈ ইমান উচ্চহাৰত শৰণাৰ্থীৰ প্ৰৱেশ দেখা নাছিল। উল্লেখ্য যে, ইতিমধ্যেই ইউ এন এইছ চি আৰে আফগানিস্তানৰ সীমামূৰীয়া দেশসমূহক আফগান শৰণাৰ্থীসকলৰ বাবে নিজৰ সীমাৰ দ্বাৰ মুকলি কৰি ৰাখিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সুৰক্ষা জৰুৰীভাৱে নিশ্চিত কৰিবলৈকো সংস্থাটোৱে বাৰম্বাৰ আহ্বান জনাই আহিছে। যি নহওঁক, আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পিছতে আৰম্ভ হোৱা এই গভীৰ মানৱীয় সংকট মোচন কৰাৰ বাবে ৰাষ্ট্ৰসংঘ আৰু ইউ এন এইছ চি আৰে গ্ৰহণ কৰা সমূহ পদক্ষেপে সঁচাকৈয়ে সফলতা লাভ কৰেনে নাই সেয়া সময়তহে গম পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু