--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : পাঞ্জশ্বিৰৰ প্ৰতিৰোধ ওফৰালে তালিবানে। আফগান ভূমিৰপৰা আমেৰিকাৰ পশ্চাৎগমন আৰু আফগান বাহিনীৰ অনায়াস আত্মসমৰ্পনৰ পাছত তালিবানৰ সন্মুখত কেৱল নৰ্ডাৰ্ন এলায়েন্সৰ প্ৰতিৰোধহে বাকী আছিল। মাৰ্কিন বাহিনীৰ পৰা লাভ কৰা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তালিবানৰ সন্মুখত পাছে পাঞ্জশ্বিৰৰ নৰ্ডাৰ্ন এলায়েন্সৰ প্ৰতিৰোধ দীঘলীয়া নহ’ল। তালিবানৰ তিনিটাকৈ সূত্ৰই দাবী কৰা মতে, শুকুবাৰৰ তুমুল সংঘৰ্ষৰ পাছত আফগানিস্তানৰ উত্তৰ প্ৰান্তৰ পাঞ্জশ্বিৰ উপত্যকা নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে তেওঁলোকে।

প্ৰতিৰোধ বাহিনীয়ে এই দাবী অস্বীকাৰ কৰাৰ সময়তে তালিবানে সগৌৰৱে ঘোষণা কৰিছে যে, ‘সৰ্বশক্তিমান আল্লাৰ অনুগ্ৰহত আমি এতিয়া সমগ্ৰ আফগানিস্তানকে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছোঁ। যিসকলে সমস্যাৰ সৃষ্টি কৰি আহিছিল তেওঁলোকক পৰাজিত কৰা হৈছে আৰু পাঞ্জশ্বিৰ এতিয়া আমাৰ অধীনলৈ আহিছে।’ তালিবান এজন কমাণ্ডাৰে এই ঘোষণা কৰে।

ইতিমধ্যে পাঞ্জশ্বিৰ দখলৰ উল্লাসত উৎফুল্লিত তালিবানৰ গুলীবৰ্ষণৰ ভিডিঅ’ আৰু বাৰ্তা বিভিন্ন মাধ্যমত ভৰি পৰিছে। অৱশ্যে সংবাদ মাধ্যমে তালিবানৰ এই দাবীৰ সত্যতা এতিয়ালৈ নিশ্চিত কৰাটো সম্ভৱ হোৱা নাই। উল্লেখ্য যে, তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিছিল নৰ্ডাৰ্ন এলায়েন্সে। আহমদ মাছুদ নেতৃত্বৰ এই শক্তিটোৱে তালিবানৰ ওচৰত শিৰনত কৰিবলৈ অস্বীকাৰ কৰি প্ৰতিৰোধ সংগ্ৰাম আৰম্ভ কৰিছিল।

আফগান সেনাৰ এটা বৃহৎ অংশও এই বাহিনীৰ অংশীদাৰ হৈছিল। শেহতীয়া কেইবাদিনো ধৰি তালিবানৰে তুমুল সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল নৰ্ডাৰ্ন এনায়েন্সৰ। সম্প্ৰতি তালিবানৰ পাঞ্জশ্বিৰ দখলৰ দাবীক কিন্তু নস্যাৎ কৰিছে আমৰুল্লাহ ছালেহে। ছালেহ হৈছে আফগানিস্তানৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আৰু প্ৰতিৰোধ বাহিনীৰ এজন অন্যতম নেতা। তেওঁ তালিবানৰ দাবীক অস্বীকাৰ কৰি কয় যে, তেওঁ তেতিয়াও তাতেই আছে আৰু তালিবান আৰু নৰ্ডাৰ্ন এলায়েন্সৰ মাজৰ সংঘৰ্ষই অধিক তীব্ৰ ৰূপ ধাৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ