--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : পাঞ্জশ্বিৰৰ প্ৰতিৰোধ ওফৰালে তালিবানে। আফগান ভূমিৰপৰা আমেৰিকাৰ পশ্চাৎগমন আৰু আফগান বাহিনীৰ অনায়াস আত্মসমৰ্পনৰ পাছত তালিবানৰ সন্মুখত কেৱল নৰ্ডাৰ্ন এলায়েন্সৰ প্ৰতিৰোধহে বাকী আছিল। মাৰ্কিন বাহিনীৰ পৰা লাভ কৰা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তালিবানৰ সন্মুখত পাছে পাঞ্জশ্বিৰৰ নৰ্ডাৰ্ন এলায়েন্সৰ প্ৰতিৰোধ দীঘলীয়া নহ’ল। তালিবানৰ তিনিটাকৈ সূত্ৰই দাবী কৰা মতে, শুকুবাৰৰ তুমুল সংঘৰ্ষৰ পাছত আফগানিস্তানৰ উত্তৰ প্ৰান্তৰ পাঞ্জশ্বিৰ উপত্যকা নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে তেওঁলোকে।

প্ৰতিৰোধ বাহিনীয়ে এই দাবী অস্বীকাৰ কৰাৰ সময়তে তালিবানে সগৌৰৱে ঘোষণা কৰিছে যে, ‘সৰ্বশক্তিমান আল্লাৰ অনুগ্ৰহত আমি এতিয়া সমগ্ৰ আফগানিস্তানকে নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছোঁ। যিসকলে সমস্যাৰ সৃষ্টি কৰি আহিছিল তেওঁলোকক পৰাজিত কৰা হৈছে আৰু পাঞ্জশ্বিৰ এতিয়া আমাৰ অধীনলৈ আহিছে।’ তালিবান এজন কমাণ্ডাৰে এই ঘোষণা কৰে।

ইতিমধ্যে পাঞ্জশ্বিৰ দখলৰ উল্লাসত উৎফুল্লিত তালিবানৰ গুলীবৰ্ষণৰ ভিডিঅ’ আৰু বাৰ্তা বিভিন্ন মাধ্যমত ভৰি পৰিছে। অৱশ্যে সংবাদ মাধ্যমে তালিবানৰ এই দাবীৰ সত্যতা এতিয়ালৈ নিশ্চিত কৰাটো সম্ভৱ হোৱা নাই। উল্লেখ্য যে, তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিছিল নৰ্ডাৰ্ন এলায়েন্সে। আহমদ মাছুদ নেতৃত্বৰ এই শক্তিটোৱে তালিবানৰ ওচৰত শিৰনত কৰিবলৈ অস্বীকাৰ কৰি প্ৰতিৰোধ সংগ্ৰাম আৰম্ভ কৰিছিল।

আফগান সেনাৰ এটা বৃহৎ অংশও এই বাহিনীৰ অংশীদাৰ হৈছিল। শেহতীয়া কেইবাদিনো ধৰি তালিবানৰে তুমুল সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল নৰ্ডাৰ্ন এনায়েন্সৰ। সম্প্ৰতি তালিবানৰ পাঞ্জশ্বিৰ দখলৰ দাবীক কিন্তু নস্যাৎ কৰিছে আমৰুল্লাহ ছালেহে। ছালেহ হৈছে আফগানিস্তানৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আৰু প্ৰতিৰোধ বাহিনীৰ এজন অন্যতম নেতা। তেওঁ তালিবানৰ দাবীক অস্বীকাৰ কৰি কয় যে, তেওঁ তেতিয়াও তাতেই আছে আৰু তালিবান আৰু নৰ্ডাৰ্ন এলায়েন্সৰ মাজৰ সংঘৰ্ষই অধিক তীব্ৰ ৰূপ ধাৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু