--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে ভাৰতে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক সেই দলত ৰখা হৈছে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছত পুনৰ ভাৰতৰ হৈ টি-২০ খেলা দেখা যাব ৰোহিত আৰু বিৰাটে। অনুমান কৰা হৈছে যে ২০২৪ চনত টি-২০ বিশ্বকাপত তেওঁলোকক দেখা যাব।

আফগানিস্তানৰ বিৰুদ্ধে ঘোষণা কৰা দলত তিনিগৰাকী অ’পেনাৰ আছে। ৰোহিতৰ উপৰিও দলটোত আছে শুবমান গিল আৰু ইয়াছৱী জয়ছৱাল। বিৰাট হ’ব তিনি নম্বৰ। আঘাতপ্ৰাপ্ত সূৰ্যকুমাৰ যাদৱৰ ঠাইত মিডল অৰ্ডাৰ চম্ভালিবলৈ আছে তিলক ভাৰ্মা আৰু ৰিংকু সিঙক ৰখা হৈছে। জিতেশ শৰ্মা আৰু সঞ্জু চেমছনক উইকেটৰক্ষক হিচাপে দলত আছে।

আঘাতপ্ৰাপ্ত হৰ্দিক পাণ্ডিয়াও। শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰে আৰু অক্ষৰ পেটেল অল ৰাউণ্ডাৰ হিচাপে দলত আছে। স্পিন বিভাগৰ দায়িত্বত আছে ৰবি বিষ্ণয় আৰু কুলদীপ যাদৱ। দলটোত তিনিজন পেচাৰ আছে। বংগৰ মুকেশ কুমাৰৰ লগতে পেচ বিভাগ চম্ভালিবলৈ বাকী আছে আৰ্শদীপ সিং আৰু মুকেশ কুমাৰ।

ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে তিনিখন টি-২০ মেচ খেলিব। ১১ জানুৱাৰীৰ প্ৰথমখন খেল মোহালীত। দ্বিতীয়খন খেল ইন্দোৰত। সেই মেচখন হ’ব ১৪ জানুৱাৰীত। বেংগালুৰুত শেষৰখন খেল। সেই মেচখন হ’ব ১৭ জানুৱাৰীত। সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব সকলো খেল।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল, যশৱী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, ৰিংকু সিং, জীতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, কুলদীপ যাদৱ , আৰ্শদীপ সিং, আবেশ খান আৰু মুকেশ কুমাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক