--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ১৬ জনীয়া দল ঘোষণা কৰিছে ভাৰতে। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক সেই দলত ৰখা হৈছে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছত পুনৰ ভাৰতৰ হৈ টি-২০ খেলা দেখা যাব ৰোহিত আৰু বিৰাটে। অনুমান কৰা হৈছে যে ২০২৪ চনত টি-২০ বিশ্বকাপত তেওঁলোকক দেখা যাব।

আফগানিস্তানৰ বিৰুদ্ধে ঘোষণা কৰা দলত তিনিগৰাকী অ’পেনাৰ আছে। ৰোহিতৰ উপৰিও দলটোত আছে শুবমান গিল আৰু ইয়াছৱী জয়ছৱাল। বিৰাট হ’ব তিনি নম্বৰ। আঘাতপ্ৰাপ্ত সূৰ্যকুমাৰ যাদৱৰ ঠাইত মিডল অৰ্ডাৰ চম্ভালিবলৈ আছে তিলক ভাৰ্মা আৰু ৰিংকু সিঙক ৰখা হৈছে। জিতেশ শৰ্মা আৰু সঞ্জু চেমছনক উইকেটৰক্ষক হিচাপে দলত আছে।

আঘাতপ্ৰাপ্ত হৰ্দিক পাণ্ডিয়াও। শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰে আৰু অক্ষৰ পেটেল অল ৰাউণ্ডাৰ হিচাপে দলত আছে। স্পিন বিভাগৰ দায়িত্বত আছে ৰবি বিষ্ণয় আৰু কুলদীপ যাদৱ। দলটোত তিনিজন পেচাৰ আছে। বংগৰ মুকেশ কুমাৰৰ লগতে পেচ বিভাগ চম্ভালিবলৈ বাকী আছে আৰ্শদীপ সিং আৰু মুকেশ কুমাৰ।

ভাৰতে আফগানিস্তানৰ বিৰুদ্ধে তিনিখন টি-২০ মেচ খেলিব। ১১ জানুৱাৰীৰ প্ৰথমখন খেল মোহালীত। দ্বিতীয়খন খেল ইন্দোৰত। সেই মেচখন হ’ব ১৪ জানুৱাৰীত। বেংগালুৰুত শেষৰখন খেল। সেই মেচখন হ’ব ১৭ জানুৱাৰীত। সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব সকলো খেল।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল, যশৱী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, ৰিংকু সিং, জীতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, কুলদীপ যাদৱ , আৰ্শদীপ সিং, আবেশ খান আৰু মুকেশ কুমাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু