--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ IPLৰ ১৭ সংখ্যক ছিজনৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱ যে IPLৰ প্ৰাৰম্ভিক মেচসমূহৰ পৰা বাহিৰ হ’ব সেয়া নিশ্চিত বুলি বিবেচিত হৈছে। সূৰ্যকুমাৰ যাদৱৰ হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। এই অস্ত্ৰোপচাৰৰ বাবেই সূৰ্যকুমাৰে প্ৰায় তিনিমাহ ক্ৰিকেট খেলপথাৰৰ পৰা আঁতৰি থাকিব পাৰে। যিহেতু মাৰ্চ মাহৰ শেষ সপ্তাহত আই পি এল আৰম্ভ হ’ব, গতিকে প্ৰাৰম্ভিক মেচত খেলাটো সূৰ্যকুমাৰ যাদৱৰ বাবে কঠিন হৈ পৰিছে।

হাৰ্নিয়াৰ উপৰিও সূৰ্যকুমাৰ যাদৱ গোৰোহাৰ আঘাতত ভুগি আছে। বিশ্বকাপৰ পাছত সূৰ্যকুমাৰ যাদৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন টি-২০ মেচ ছিৰিজত অংশ লৈছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজতো সূৰ্যকুমাৰ যাদৱে উৎকৃষ্ট ফৰ্ম দেখুৱাইছিল আৰু এই ছিৰিজৰ অন্তিমখন মেচত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। সূৰ্যকুমাৰ যাদৱৰ গোৰোহাত আঘাত পোৱাৰ ছবিও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ইনছাইড স্প’ৰ্টছৰ প্ৰতিবেদন অনুসৰি সূৰ্যকুমাৰ যাদৱক অস্ত্ৰোপচাৰৰ পাছত খেলপথাৰলৈ ঘূৰি আহিবলৈ ৮ৰ পৰা ৯ সপ্তাহ সময় লাগিব। সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে, “সূৰ্যকুমাৰ যাদৱৰ গোচৰটোৱে আশা কৰাতকৈ অধিক সময় লৈছে। হাৰ্নিয়া অপাৰেচনৰ পাছত পথাৰলৈ ঘূৰি আহিবলৈ ৮ৰ পৰা ৯ সপ্তাহ সময় লাগে। আমি আশা কৰিছো যে তেওঁ আই পি এললৈকে সুস্থ হৈ উঠিব।”

২০২৩ চনটো সূৰ্যকুমাৰ যাদৱৰ বাবে ভাল নাছিল। বিশ্বকাপত খেলাৰ সুযোগ পালে সূৰ্যকুমাৰ যাদৱে। কিন্তু এদিনীয়া মেচত সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শন উন্নত নহ’ল। সঞ্জু চেমছনৰ সলনি সূৰ্যকুমাৰ যাদৱক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক বহু সমালোচনা কৰা হৈছিল। অৱশ্যে এতিয়া বিশ্বাস কৰা হৈছে যে সূৰ্যকুমাৰ যাদৱৰ বাবে পুনৰ এদিনীয়া ফৰ্মেটত সুযোগ পোৱাটো অতি কঠিন।

টি-২০ত সূৰ্যকুমাৰ দলৰ এক গুৰুত্বপূৰ্ণ অংশ হৈয়েই আছে। অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সূৰ্যকুমাৰ যাদৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। এইবাৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত যে সূৰ্যকুমাৰ যাদৱে খেলিব সেয়া নিশ্চিত বুলি বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু