--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ পৰা সাগৰীয় পথেৰে ভাৰতলৈ অবাধ সৰবৰাহ চলিছে ড্ৰাগছৰ। দীৰ্ঘদিন ধৰি এই বিষয়ে চলি অহা চৰ্চাৰ মাজতে বৃহস্পতিবাৰে ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে যুটীয়াভাৱে অভিযান চলাই সাগৰৰ পৰা বৃহৎ পৰিমাণৰ আফগানিস্তানত তৈয়াৰী ড্ৰাগছ জব্দ কৰিছে। বৃহস্পতিবাৰে এখন ইৰানী জাহাজৰ পৰা ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে আনুমানিক ১,২০০ কোটি টকা মূল্যৰ ২০০ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে। 

আফগানিস্তানত প্ৰস্তুত কৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি প্ৰথমে পাকিস্তানলৈ অনা হৈছিল আৰু পাকিস্তানৰ পৰা এখন ইৰানী জাহাজৰ যোগেদি এই ড্ৰাগছখিনি ভাৰত আৰু শ্ৰীলংকাত বিক্ৰী কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে অভিযানকাৰী ভাৰতীয় বিষয়াসকলে জাহাজখন জব্দ কৰি ছয়গৰাকী ইৰানী নাগৰিকক গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে জানিবলৈ দিয়া মতে ইৰানৰ এই জাহাজখনে ড্ৰাগছৰ এক অংশ শ্ৰীলংকাৰ এখন জাহাজত বোজাই কৰাৰ কথা আছিল। অৱশ্যে এই শ্ৰীলংকান জাহাজখনৰ সন্ধান ওলোৱাত অভিযানকাৰী দলটো ব্যৰ্থ হয়। ইফালে ড্ৰাগছখিনি জব্দ কৰাৰ পিছত ধৃত ইৰানী নাগৰিক ছয়গৰাকীৰ সৈতে কেৰালাৰ কোচিলৈ লৈ যোৱা হয় বুলি অভিযানৰ তদাৰক কৰা এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ শীৰ্ষ বিষয়া গৰাকীয়ে লগতে কয় যে ইৰানৰ জাহাজখনত থকা লোকসকলে সাগৰত জঁপিয়াই পলাই যাবলৈ চেষ্টা কৰাৰ লগতে হেৰ’ইনখিনি পানীলৈ পেলাই দিয়াৰ চেষ্টা কৰিছিল। কিন্তু অভিযানকাৰী দলটোৰ বিচক্ষণতাৰ বাবে তেওঁলোকৰ এই প্ৰচেষ্টা বিফল হয় বুলি বিষয়াগৰাকীয়ে লগতে কয়।

ইফালে এক বিবৃতিত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে যোৱা কেইবছৰমানত সামুদ্ৰিক পথ, বিশেষকৈ আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰৰ জৰিয়তে ভাৰতলৈ আফগান হেৰ’ইনৰ সৰবৰাহ দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে। আফগানিস্তানৰ পৰা ইৰান আৰু পাকিস্তানৰ মাক্ৰান উপকূললৈ আৰু তাৰ পিছত ভাৰতকে ধৰি ভাৰত মহাসাগৰ অঞ্চলৰ বিভিন্ন দেশলৈ যোৱা কেইবছৰমানত ড্ৰাগছ সৰবৰাহ চক্ৰই প্ৰসাৰ লাভ কৰিছে বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক