--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ পৰা সাগৰীয় পথেৰে ভাৰতলৈ অবাধ সৰবৰাহ চলিছে ড্ৰাগছৰ। দীৰ্ঘদিন ধৰি এই বিষয়ে চলি অহা চৰ্চাৰ মাজতে বৃহস্পতিবাৰে ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে যুটীয়াভাৱে অভিযান চলাই সাগৰৰ পৰা বৃহৎ পৰিমাণৰ আফগানিস্তানত তৈয়াৰী ড্ৰাগছ জব্দ কৰিছে। বৃহস্পতিবাৰে এখন ইৰানী জাহাজৰ পৰা ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে আনুমানিক ১,২০০ কোটি টকা মূল্যৰ ২০০ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে। 

আফগানিস্তানত প্ৰস্তুত কৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি প্ৰথমে পাকিস্তানলৈ অনা হৈছিল আৰু পাকিস্তানৰ পৰা এখন ইৰানী জাহাজৰ যোগেদি এই ড্ৰাগছখিনি ভাৰত আৰু শ্ৰীলংকাত বিক্ৰী কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে অভিযানকাৰী ভাৰতীয় বিষয়াসকলে জাহাজখন জব্দ কৰি ছয়গৰাকী ইৰানী নাগৰিকক গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে জানিবলৈ দিয়া মতে ইৰানৰ এই জাহাজখনে ড্ৰাগছৰ এক অংশ শ্ৰীলংকাৰ এখন জাহাজত বোজাই কৰাৰ কথা আছিল। অৱশ্যে এই শ্ৰীলংকান জাহাজখনৰ সন্ধান ওলোৱাত অভিযানকাৰী দলটো ব্যৰ্থ হয়। ইফালে ড্ৰাগছখিনি জব্দ কৰাৰ পিছত ধৃত ইৰানী নাগৰিক ছয়গৰাকীৰ সৈতে কেৰালাৰ কোচিলৈ লৈ যোৱা হয় বুলি অভিযানৰ তদাৰক কৰা এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ শীৰ্ষ বিষয়া গৰাকীয়ে লগতে কয় যে ইৰানৰ জাহাজখনত থকা লোকসকলে সাগৰত জঁপিয়াই পলাই যাবলৈ চেষ্টা কৰাৰ লগতে হেৰ’ইনখিনি পানীলৈ পেলাই দিয়াৰ চেষ্টা কৰিছিল। কিন্তু অভিযানকাৰী দলটোৰ বিচক্ষণতাৰ বাবে তেওঁলোকৰ এই প্ৰচেষ্টা বিফল হয় বুলি বিষয়াগৰাকীয়ে লগতে কয়।

ইফালে এক বিবৃতিত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে যোৱা কেইবছৰমানত সামুদ্ৰিক পথ, বিশেষকৈ আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰৰ জৰিয়তে ভাৰতলৈ আফগান হেৰ’ইনৰ সৰবৰাহ দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে। আফগানিস্তানৰ পৰা ইৰান আৰু পাকিস্তানৰ মাক্ৰান উপকূললৈ আৰু তাৰ পিছত ভাৰতকে ধৰি ভাৰত মহাসাগৰ অঞ্চলৰ বিভিন্ন দেশলৈ যোৱা কেইবছৰমানত ড্ৰাগছ সৰবৰাহ চক্ৰই প্ৰসাৰ লাভ কৰিছে বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু