--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত৷ অভিনেতাজনে মুখ্যমন্ত্ৰী সিন্দেক সাক্ষাৎ কৰাৰ পাছতে কালি ইনষ্টাগ্ৰামযোগে সাক্ষাৎকালৰ ফটোসমূহ শ্বেয়াৰ কৰিছে। ফটোসমূহত দেখা পোৱা গৈছে যে দুয়ো এখন চোফাত বহি গভীৰ আলোচনাত ব্যস্ত আছে।

ইনষ্টাগ্ৰামত সঞ্জয় দত্তই লিখিছে যে সিন্দেৰ দৰে এগৰাকী ‘ভিশ্যনেৰী’ আৰু সহজ সৰল লোকক লগ পাই তেওঁ অতিকৈ আনন্দিত।

আনহাতে, বুধবাৰে সঞ্জয় দত্তই তেওঁৰ অনুৰাগীসকলক দছেৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছিল৷ ইনষ্টাগ্ৰামত শ্ৰীৰামচন্দ্ৰই ধনুৰে কাঁড় নিক্ষেপ কৰি থকাৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ এইবাৰৰ দছেৰাই সকলোলৈকে সুখ-শান্তি কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছিল৷ তদুপৰি, আন এটা প’ষ্টযোগে তেওঁৰ দছেৰা উদযাপনৰো ফটোসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। তাত তেওঁ লিখে যে নৱৰাত্ৰি উপলক্ষে জ্ঞানৰ দেৱী বগলামুখীক প্ৰাৰ্থনা কৰি সকলোৰে সুখ শান্তি কামনা কৰিছে।

উল্লেখযোগ্য যে সঞ্জু বাবা নামেৰে পৰিচিত বলীউডৰ কিংম্বদন্তি অভিনেতাজনক শেষবাৰৰ বাবে ছামছেৰা নামৰ চিনেমাখনত দেখা পোৱা গৈছিল। ছামচেৰাত ৰণবীৰ কাপুৰ আৰু বানী কাপুৰে অভিনয় কৰিছিল। কিন্তু, বক্স অফিচত ছামছেৰাই সফলতা লাভ কৰা নাছিল। ইয়াৰ পূৰ্বে কে এফ জি চেপ্টাৰ টুত সঞ্জয় দত্তই সহযোগী অভিনেতা হিচাপে অভিনয় কৰিছিল। চিনেমাখনে ব্যাপক সফলতা লাভ কৰে কিন্তু কেৱল সঞ্জয় দত্তৰ বাবেই চিনেমাখনে সফলতা লাভ কৰা নাছিল।

অভিনেতাজনৰ পৰৱৰ্তী চিনেমা হিচাপে দ্য গুড মহাৰাজা আৰু ঘুদচাদী শীঘ্ৰে চিত্ৰগৃহলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক