--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত৷ অভিনেতাজনে মুখ্যমন্ত্ৰী সিন্দেক সাক্ষাৎ কৰাৰ পাছতে কালি ইনষ্টাগ্ৰামযোগে সাক্ষাৎকালৰ ফটোসমূহ শ্বেয়াৰ কৰিছে। ফটোসমূহত দেখা পোৱা গৈছে যে দুয়ো এখন চোফাত বহি গভীৰ আলোচনাত ব্যস্ত আছে।

ইনষ্টাগ্ৰামত সঞ্জয় দত্তই লিখিছে যে সিন্দেৰ দৰে এগৰাকী ‘ভিশ্যনেৰী’ আৰু সহজ সৰল লোকক লগ পাই তেওঁ অতিকৈ আনন্দিত।

আনহাতে, বুধবাৰে সঞ্জয় দত্তই তেওঁৰ অনুৰাগীসকলক দছেৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছিল৷ ইনষ্টাগ্ৰামত শ্ৰীৰামচন্দ্ৰই ধনুৰে কাঁড় নিক্ষেপ কৰি থকাৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ এইবাৰৰ দছেৰাই সকলোলৈকে সুখ-শান্তি কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছিল৷ তদুপৰি, আন এটা প’ষ্টযোগে তেওঁৰ দছেৰা উদযাপনৰো ফটোসমূহ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। তাত তেওঁ লিখে যে নৱৰাত্ৰি উপলক্ষে জ্ঞানৰ দেৱী বগলামুখীক প্ৰাৰ্থনা কৰি সকলোৰে সুখ শান্তি কামনা কৰিছে।

উল্লেখযোগ্য যে সঞ্জু বাবা নামেৰে পৰিচিত বলীউডৰ কিংম্বদন্তি অভিনেতাজনক শেষবাৰৰ বাবে ছামছেৰা নামৰ চিনেমাখনত দেখা পোৱা গৈছিল। ছামচেৰাত ৰণবীৰ কাপুৰ আৰু বানী কাপুৰে অভিনয় কৰিছিল। কিন্তু, বক্স অফিচত ছামছেৰাই সফলতা লাভ কৰা নাছিল। ইয়াৰ পূৰ্বে কে এফ জি চেপ্টাৰ টুত সঞ্জয় দত্তই সহযোগী অভিনেতা হিচাপে অভিনয় কৰিছিল। চিনেমাখনে ব্যাপক সফলতা লাভ কৰে কিন্তু কেৱল সঞ্জয় দত্তৰ বাবেই চিনেমাখনে সফলতা লাভ কৰা নাছিল।

অভিনেতাজনৰ পৰৱৰ্তী চিনেমা হিচাপে দ্য গুড মহাৰাজা আৰু ঘুদচাদী শীঘ্ৰে চিত্ৰগৃহলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু