--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

আফগানিস্থানৰ ইছলামিক আমিৰাতৰ অধীনত থকা উচ্চ শিক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ আফগানী বিশ্ববিদ্যালয় সমূহত  ধৰ্মীয় বিষয়সমূহৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সেই সমূহ বিষয় অধ্যয়ন কৰাটো বাধ্যতামূলক কৰিছে৷ 

তালিবাণী উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী আব্দুল বাকী হকৱানী কয় যে ,ৰাজনীতি, চৰকাৰকে ধৰি পাঁচটা নতুন ধৰ্মীয় বিষয় অন্তভূক্ত কৰিছে৷  

পূৰ্বতে তালিবানে কৈছিল যে , আন্তজাৰ্তিক সম্প্ৰদায় সমূহৰ সৈতে বন্ধুত্ব কৰিবলৈ  আগ্ৰহী। কিন্তু সেই সম্প্ৰদায় সমূহ ইছলাম বিৰোধী হয় তেন্তে তেওঁলোকক গ্ৰহণ কৰিব নোৱাৰি৷ 

আমি মাত্ৰ আল্লাকহে , প্ৰফেট মহম্মদ, খলীফ ৰাছিদুনকহে মানো। ইছলামৰ বিপক্ষে কোনো কথা আমি সহ্য নকৰোঁ বুলিও তীব্ৰ মন্তব্য কৰে মহম্মদ খালিদ হানফিয়ে ৷ 
সকলো প্ৰদেশ, জিলা, মন্ত্ৰালয়ৰ সকলো কৰ্মচাৰী ইছলামিক আদৰ্শৰে অনুপ্ৰাণিত হোৱা উচিত বুলিও মন্ত্ৰীজনে মন্তব্য কৰে৷ 
আনফালে, ৰাষ্ট্ৰসংঘৰ ইউ এন এ এম প্ৰতিবেদনে প্ৰকাশ কৰিছে যে তালিবানৰ দ্বাৰা ধাৰাবাহিকভাৱে মানৱ অধিকাৰ ভংগ হৈ আছে৷ তালিবানে আফগানিস্থানৰ শাসনভাৰ লোৱাৰে পৰা প্ৰায় দহ মাহ ধৰি এনে পৰিৱেশ আফগানিস্থানত বিৰাজ কৰিছে৷ 
এই প্ৰতিবেদনে আফগানিস্থানত বে আইনীভাৱে হত্যা, একনায়কত্ববাদ, বলপূৰ্বক স্থানান্তৰিতকৰণো চলি আছে বুলি জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু