--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল শৌচাগাৰত যিকোনো ধৰণৰ জন্তুৰ সন্মুখীন হোৱাৰ চিন্তাটোৱেই নিজৰ বাবেই এক দুঃস্বপ্ন। এতিয়া কল্পনা কৰকচোন আগ্ৰাৰ এখন গাঁৱৰ মানুহে এটা অট্টালিকাৰ শৌচাগাৰত ৭ ফুট দৈৰ্ঘ্যৰ ঘঁৰিয়াল পোৱাৰ পিছত হাঁহাকাৰৰ সৃষ্টি কৰিছে৷

উত্তৰ প্ৰদেশৰ ফিৰোজপুৰ জিলাৰ নাগলা পাছি গাঁৱত এই ঘটনা সংঘটিত হয়। দেওবাৰে পুৱা অট্টালিকাৰ শৌচাগাৰত এই ৭ ফুট দীঘল কুম্ভীৰটো পাই গাঁওবাসী স্তম্ভিত হৈ পৰে আৰু লগে লগে মালিকক খবৰ দিয়ে৷ তাৰ পিছত ঘৰৰ মালিকে বন বিভাগক সহায়ৰ বাবে ফোন কৰে।

ইয়াৰ পিছত বন বিভাগে বন্যপ্ৰাণী এছ অ’ এছক এই বিষয়ে অৱগত কৰে। এন জি অ’টোৰ পৰা কমেও চাৰিজনীয়া এটা দলে সকলো প্ৰয়োজনীয় সা-সঁজুলি লৈ সেই স্থানত উপস্থিত হয়। ক্লান্তিকৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলটোৱে ফান্দৰ পিঞ্জৰা ব্যৱহাৰ কৰি সাৱধানে কুম্ভীৰটোক কোঠাৰ পৰা উলিয়াই আনে।

মানুহক সোধা-পোছা কৰাৰ পিছত গম পোৱা যায় যে কুম্ভীৰটো নিশ্চয় ওচৰৰ পুখুৰীৰ পৰা লুকাই চুৰকৈ ভিতৰলৈ সোমাই আহিছিল। উদ্ধাৰ কৰাৰ পিছত বন্যপ্ৰাণী এছ অ’ এছৰ দলটোৱে অৱশেষত কুম্ভীৰটোক এক সুস্থ জলভাগত এৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ