--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ দাবাংগ ছলমান খানে লাভ কৰা ধাৰাবাহিক ভাবুকিৰ পিছত যোৱা নিশা ছলমান খানে আন এক মৃত্যুৰ ভাবুকি লাভ কৰিছে৷ কিন্তু এইবাৰ তেওঁক ভাবুকি দিয়া ব্যক্তিজনে মুম্বাই আৰক্ষীৰ কণ্ট্ৰল ৰুমত ফোন কৰে। তেওঁক ধৰিবলৈ মুম্বাই আৰক্ষীয়ে ৮ ঘণ্টাৰ দীঘলীয়া অভিযান চলায়। প্ৰায় ১০ কিলোমিটাৰ খেদি অপৰাধীক ধৰিবলৈ সক্ষম হয়। তাৰপাছতহে গম পোৱা যায় যে ভাবুকি দিয়া ব্যক্তিজন নাবালক।

মুম্বাই আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা নিশা ৯.১৫ বজাত মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এই ফোন আহিছিল। ইয়াত ফোন কৰাজনে ৩০ এপ্ৰিলত ছলমান খানক হত্যা কৰিব বুলি কয়। ইয়াৰ পিছত মুম্বাই আৰক্ষীয়ে ফোন কৰাজনক ধৰিবলৈ তিনিটা দল গঠন কৰিলে, ৮-১০ জন সদস্যৰে গঠিত, এটা দল কাৰিকৰী কামৰ বাবে ৰখা হ’ল আৰু ফোন কৰাজনক ধৰিবলৈ দুটা দলক ফিল্ডত ৰখা হয়৷এটা দলক  জাহাজেৰে পঠিওৱা হয়৷


আৰক্ষীয়ে ফোন কৰাজন থানেৰ পদঘা অঞ্চলত থাকিব পাৰে বুলি তথ্য লাভ কৰাৰ পিছত ৮জন আৰক্ষীয়ে তেওঁক ধৰিবলৈ তাত উপস্থিত হয় যদিও তাত উপস্থিত হোৱাৰ পিছত সেই অঞ্চলত বহু ঘৰ থকাৰ বাবে আৰক্ষীয়ে স্তম্ভিত হৈ পৰে। কাৰিকৰী দলটোৱে স্থান নিৰ্ণয় কৰাত ঘনিষ্ঠভাৱে জড়িত হৈ থকাৰ লগতে ফিল্ড বিষয়াসকলে তেওঁলোকে দিয়া স্থান পৰীক্ষা কৰি থকাৰ সময়তে ৰাতিপুৱা ৭:৩০ বজাত দুজন সন্দেহযুক্ত লোকক বাইকত বহি ক’ৰবালৈ যোৱা দেখিবলৈ পায়।ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক খেদিবলৈ ধৰিলে আৰু কিছু দূৰ যোৱাৰ পিছত আৰক্ষীয়ে চিঞৰ-বাখৰ কৰি ৰখাবলৈ ক’লে যদিও বাইকখন আৰু বেগেৰে চলাই পলাই যাবলৈ ধৰে৷

আৰক্ষীৰ সূত্ৰই জনোৱা মতে,  প্ৰায় ১০ কিলোমিটাৰ খেদি যোৱাৰ পিছত আৰক্ষীয়ে তেওঁৰ বাইকখন অভাৰটেক কৰি ৰখাই দিয়ে। আৰক্ষীয়ে যেতিয়া তেওঁৰ মোবাইলটো চেক কৰে, তেতিয়া এজনৰ মোবাইলত আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰাৰ কল হিষ্ট্ৰী পোৱা যায় আৰু জেৰাৰ সময়ত দেখা গ’ল যে ফোন কৰা ব্যক্তিজন নাবালক আৰু ঠিক তেনেকৈয়ে আৰক্ষীক ভাবুকি দি ফোন কৰাৰ ঘটনা পোহৰলৈ আহে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ