--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যাক ধৰ্ষণ কৰাৰ ভাবুকি দিয়া অভিযন্তাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ খাৰিজ কৰিছে ন্যায়ালয়ে। বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গাডকাৰী আৰু ন্যায়াধীশ পি ডি নাইকৰ বিচাৰপীঠে ১০ এপ্ৰিল সোমবাৰে এই সিদ্ধান্ত প্ৰদান কৰে৷এই গোচৰত অভিযোগকাৰীয়ে আদালতত সন্মতি শপতনামা দিছিল, য’ত অভিযুক্ত ৰামনাগেশ শ্ৰীনিবাস আকুবাথিনীৰ বিৰুদ্ধে গোচৰ চলাব নালাগে বুলি কোৱা হৈছিল।

এই গোচৰৰ অভিযোগকাৰী আছিল বিৰাট-অনুষ্কাৰ মেনেজাৰ। ইয়াৰ উপৰিও অভিযুক্তই আদালতত কয় যে তেওঁ এজন মেধাৱী আইআইটি-জেইই ৰেংক হোল্ডাৰ আছিল আৰু এই গোচৰে তেওঁৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ক্ষতি কৰিব। এই যুক্তিৰ পিছত আদালতে এফআইআৰ আৰু অভিযোগনামা খাৰিজ কৰে।

এই গোচৰত ২০২১ চনৰ ২৭ নৱেম্বৰত মুম্বাইৰ মেট্ৰ’পলিটান ক’ৰ্টে আকুবাথিনীক জামিন মঞ্জুৰ কৰে। দণ্ডাধীশ কোমল সিং ৰাজপুতে কয় যে অকুবাথিনীয়ে পোষ্ট কৰা মন্তব্য আৰু তাত ব্যৱহৃত শব্দৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেটাৰগৰাকী বা তেওঁৰ পৰিয়ালৰ বিষয়ে পোনপটীয়াকৈ লিখা হোৱা নাই।

তেওঁ আৰু কৈছিল যে ৰামনাগেশ আকুবাথিনিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বেছিভাগেই জামিনযোগ্য, আৰু কেৱল এই গোচৰটো ভাৰতীয় ক্ৰিকেট দলৰ এজন সন্মানীয় সদস্যৰ সৈতে জড়িত হোৱাৰ বাবেই তেওঁৰ জামিন বাতিল কৰিব পৰা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত