--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যাক ধৰ্ষণ কৰাৰ ভাবুকি দিয়া অভিযন্তাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ খাৰিজ কৰিছে ন্যায়ালয়ে। বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গাডকাৰী আৰু ন্যায়াধীশ পি ডি নাইকৰ বিচাৰপীঠে ১০ এপ্ৰিল সোমবাৰে এই সিদ্ধান্ত প্ৰদান কৰে৷এই গোচৰত অভিযোগকাৰীয়ে আদালতত সন্মতি শপতনামা দিছিল, য’ত অভিযুক্ত ৰামনাগেশ শ্ৰীনিবাস আকুবাথিনীৰ বিৰুদ্ধে গোচৰ চলাব নালাগে বুলি কোৱা হৈছিল।

এই গোচৰৰ অভিযোগকাৰী আছিল বিৰাট-অনুষ্কাৰ মেনেজাৰ। ইয়াৰ উপৰিও অভিযুক্তই আদালতত কয় যে তেওঁ এজন মেধাৱী আইআইটি-জেইই ৰেংক হোল্ডাৰ আছিল আৰু এই গোচৰে তেওঁৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ক্ষতি কৰিব। এই যুক্তিৰ পিছত আদালতে এফআইআৰ আৰু অভিযোগনামা খাৰিজ কৰে।

এই গোচৰত ২০২১ চনৰ ২৭ নৱেম্বৰত মুম্বাইৰ মেট্ৰ’পলিটান ক’ৰ্টে আকুবাথিনীক জামিন মঞ্জুৰ কৰে। দণ্ডাধীশ কোমল সিং ৰাজপুতে কয় যে অকুবাথিনীয়ে পোষ্ট কৰা মন্তব্য আৰু তাত ব্যৱহৃত শব্দৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেটাৰগৰাকী বা তেওঁৰ পৰিয়ালৰ বিষয়ে পোনপটীয়াকৈ লিখা হোৱা নাই।

তেওঁ আৰু কৈছিল যে ৰামনাগেশ আকুবাথিনিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বেছিভাগেই জামিনযোগ্য, আৰু কেৱল এই গোচৰটো ভাৰতীয় ক্ৰিকেট দলৰ এজন সন্মানীয় সদস্যৰ সৈতে জড়িত হোৱাৰ বাবেই তেওঁৰ জামিন বাতিল কৰিব পৰা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ