--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত "অতিৰিক্ত" ৰেচন কাৰ্ড বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে গুজৰাট চৰকাৰে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যিহেতু এই পদক্ষেপ আৰ্থ-সামাজিক সমীক্ষা অবিহনে গ্ৰহণ কৰা হৈছে, সেয়েহে ইয়াৰ ফলত ৮০ হাজাৰৰো অধিক জনজাতীয় পৰিয়ালৰ পাঁচ লাখৰো অধিক লোক খাদ্যৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে।

নিজৰ এই নিৰ্দেশক ন্যায্যতা প্ৰদান কৰিবলৈ গুজৰাট চৰকাৰে কয় যে কেইবাটাও অঞ্চলত মানুহতকৈ ৰেচন কাৰ্ড বেছি। এইদৰে ই ১১খন জিলাৰ ৮৩,৫৫৬টা পৰিয়ালৰ ৰেচন কাৰ্ড বাতিল কৰিছে। কংগ্ৰেছ দলৰ মতে,অতিৰিক্ত ৰেচন কাৰ্ড বাতিলৰ বাবে লক্ষ্য কৰি লোৱা অঞ্চলসমূহত জনজাতীয় পৰিয়াল বহুলাংশে কেন্দ্ৰীভূত হৈ আছে।

ভানছাদাৰৰ কংগ্ৰেছ বিধায়ক অনন্ত পেটেলে সংবাদ মাধ্যমক কয় যে,“জনজাতীয় অঞ্চলৰ বেছিভাগ মানুহেই অতি দৰিদ্ৰ কাৰণ তেওঁলোকে নিজৰ দৈনন্দিন খাদ্য নিজেই উপাৰ্জন কৰিব নোৱাৰে,আৰু চক্ৰান্তমূলকভাৱে কোনো ধৰণৰ অৰ্থনৈতিক জৰীপ নকৰাকৈ এইসকল লোকৰ নাম কৰ্তন কৰা হৈছে। এই বাতিল প্ৰক্ৰিয়াত বৃদ্ধ, বিশেষভাৱে সক্ষম, মহিলা, আৰু বিধৱাৰ বহু ৰেচন কাৰ্ড বাতিল কৰা হৈছে। লগতে সকলো জনজাতীয় পৰিয়াল বসবাস কৰা ভান্সডা তালুকাৰ ৱাংগান গাঁৱৰ ২১৭টা পৰিয়ালৰ ৰেচন কাৰ্ড বিনা কাৰণতেই বাতিল কৰা হৈছে।আমি আগন্তুক দিনত সমগ্ৰ জনজাতীয় অঞ্চলত এক সভা অনুষ্ঠিত কৰিম, লগতে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিম। আৰু যদি চৰকাৰে নিজৰ সিদ্ধান্ত উঠাই নলয় তেন্তে আমি সমগ্ৰ গুজৰাটতে আন্দোলন চলাম।"

এজন ৰেচন দোকানৰ ব্যৱসায়ীয়েও এই সিদ্ধান্তৰ ফলত জনজাতীয় দৰিদ্ৰ লোকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে।তেওঁ কয় যে, ‘চৰকাৰৰ এই সিদ্ধান্তই মূলতঃ জনজাতীয় পৰিয়ালক প্ৰভাৱিত কৰিব, কিয়নো ইয়াৰ দ্বাৰা ভান্সডা তালুকাৰ প্ৰায় ৩৬০০ পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব।এইটো কথা  মনত ৰখা গুৰুত্বপূৰ্ণ যে ৰেচন কাৰ্ড চৰকাৰে প্ৰদান কৰে আৰু ইয়াক বাতিল কৰাৰ কৰ্তৃত্ব তেওঁলোকৰ আছে। কিন্তু তেওঁলোকৰ কামবিলাকে আমাৰ দৰে দোকানীক ইয়াৰ বিৰুদ্ধে ক’বলৈ বাধ্য কৰাইছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে