--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত "অতিৰিক্ত" ৰেচন কাৰ্ড বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে গুজৰাট চৰকাৰে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যিহেতু এই পদক্ষেপ আৰ্থ-সামাজিক সমীক্ষা অবিহনে গ্ৰহণ কৰা হৈছে, সেয়েহে ইয়াৰ ফলত ৮০ হাজাৰৰো অধিক জনজাতীয় পৰিয়ালৰ পাঁচ লাখৰো অধিক লোক খাদ্যৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে।

নিজৰ এই নিৰ্দেশক ন্যায্যতা প্ৰদান কৰিবলৈ গুজৰাট চৰকাৰে কয় যে কেইবাটাও অঞ্চলত মানুহতকৈ ৰেচন কাৰ্ড বেছি। এইদৰে ই ১১খন জিলাৰ ৮৩,৫৫৬টা পৰিয়ালৰ ৰেচন কাৰ্ড বাতিল কৰিছে। কংগ্ৰেছ দলৰ মতে,অতিৰিক্ত ৰেচন কাৰ্ড বাতিলৰ বাবে লক্ষ্য কৰি লোৱা অঞ্চলসমূহত জনজাতীয় পৰিয়াল বহুলাংশে কেন্দ্ৰীভূত হৈ আছে।

ভানছাদাৰৰ কংগ্ৰেছ বিধায়ক অনন্ত পেটেলে সংবাদ মাধ্যমক কয় যে,“জনজাতীয় অঞ্চলৰ বেছিভাগ মানুহেই অতি দৰিদ্ৰ কাৰণ তেওঁলোকে নিজৰ দৈনন্দিন খাদ্য নিজেই উপাৰ্জন কৰিব নোৱাৰে,আৰু চক্ৰান্তমূলকভাৱে কোনো ধৰণৰ অৰ্থনৈতিক জৰীপ নকৰাকৈ এইসকল লোকৰ নাম কৰ্তন কৰা হৈছে। এই বাতিল প্ৰক্ৰিয়াত বৃদ্ধ, বিশেষভাৱে সক্ষম, মহিলা, আৰু বিধৱাৰ বহু ৰেচন কাৰ্ড বাতিল কৰা হৈছে। লগতে সকলো জনজাতীয় পৰিয়াল বসবাস কৰা ভান্সডা তালুকাৰ ৱাংগান গাঁৱৰ ২১৭টা পৰিয়ালৰ ৰেচন কাৰ্ড বিনা কাৰণতেই বাতিল কৰা হৈছে।আমি আগন্তুক দিনত সমগ্ৰ জনজাতীয় অঞ্চলত এক সভা অনুষ্ঠিত কৰিম, লগতে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিম। আৰু যদি চৰকাৰে নিজৰ সিদ্ধান্ত উঠাই নলয় তেন্তে আমি সমগ্ৰ গুজৰাটতে আন্দোলন চলাম।"

এজন ৰেচন দোকানৰ ব্যৱসায়ীয়েও এই সিদ্ধান্তৰ ফলত জনজাতীয় দৰিদ্ৰ লোকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে।তেওঁ কয় যে, ‘চৰকাৰৰ এই সিদ্ধান্তই মূলতঃ জনজাতীয় পৰিয়ালক প্ৰভাৱিত কৰিব, কিয়নো ইয়াৰ দ্বাৰা ভান্সডা তালুকাৰ প্ৰায় ৩৬০০ পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব।এইটো কথা  মনত ৰখা গুৰুত্বপূৰ্ণ যে ৰেচন কাৰ্ড চৰকাৰে প্ৰদান কৰে আৰু ইয়াক বাতিল কৰাৰ কৰ্তৃত্ব তেওঁলোকৰ আছে। কিন্তু তেওঁলোকৰ কামবিলাকে আমাৰ দৰে দোকানীক ইয়াৰ বিৰুদ্ধে ক’বলৈ বাধ্য কৰাইছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু