--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ২৪ ছেপ্টেম্বৰত পিচোলা হ্ৰদৰ পাৰত সংসাৰৰ বান্ধোনত আৱদ্ধ হৈছিল অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধা। ৰাজস্থানৰ উদয়পুৰত প্ৰায় তিনিদিন ধৰি তেওঁলোকৰ ৰাজকীয় বিবাহৰ আয়োজন কৰা হৈছিল। বিয়াৰ খৰচ কোটি টকাৰ ওপৰত বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত দেশৰ দুখন ডাঙৰ চহৰত উদযাপন কৰা হয়।

ইয়াৰ মাজতে পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য। ৰাঘৱ-পৰিনীতিৰ বিয়াত মনোৰঞ্জন, ৰাজনীতি, ক্ৰীড়া জগতৰ তাৰকাসকলে অংশগ্ৰহণ কৰে। বিয়াত দৰা-কইনা কি কি উপহাৰ পালে তাক লৈ সকলোৱে আগ্ৰহী হৈ পৰিছে। ৰাঘৱ আৰু পৰিণীতিয়ে নিবিচাৰিছিল যে অতিথিসকলে তেওঁলোকৰ জীৱনৰ ইমান গুৰুত্বপূৰ্ণ দিনটোত কোনো ধৰণৰ উপহাৰ লৈ আহিব। সকলোকে আগতীয়াকৈ অনুৰোধ কৰা হৈছিল উপহাৰ নানিবলৈ। 

পাঞ্জাৱী বিবাহৰ 'মিলনি’ নিয়ম অনুসৰি এই অনুষ্ঠানত মাত্ৰ ১১ টকাহে লোৱা হৈছিল উপহাৰ হিচাপে।। ই এক বিবাহ অনুষ্ঠান য'ত দৰা-কইনা ইজনে সিজনৰ লগত চিনাকি কৰাই দিয়ে। এই সময়ছোৱাত কইনাৰ ঘৰৰ আত্মীয়ই দৰাক উপহাৰ হিচাপে কিবা এটা দিব লগা হয়। আকৌ এই একেই কথা দৰাৰ ফালেও প্ৰযোজ্য। অৱশ্যে এইবাৰ তাৰকা দম্পতীয়ে উচ্চ মূল্যৰ উপহাৰৰ সলনি মাত্ৰ ১১ টকাহে লৈছিল।

শুনা গৈছে যে বিবাহ শেষ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে নিজৰ আগন্তুক ছবিখনৰ প্ৰচাৰলৈ ঘূৰি আহিব। সেইবাবেই 'ৰঘনীতি' বৰ্তমান হানিমুনলৈ যোৱা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক