--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামূহিক প্ৰতিবাদৰ শক্তি। হলিউডে ইউনিয়নযুক্ত ধৰ্মঘটৰ সুফল পালে। বিগত ১৪৭ দিন ধৰি হলিউডৰ লেখক-চিত্ৰনাট্যকাৰসকলে নিজৰ উচিত দাবীক লৈ অটল আছিল। অৱশেষত তেওঁলোকে নিজৰ দাবী পূৰণ কৰিবলৈ সক্ষম হ’ল।

বুধবাৰে হলিউডৰ লেখক-চিত্ৰনাট্যকাৰৰ ধৰ্মঘটৰ অন্ত পৰিল ১৪৮ দিনত। সৃষ্টিশীল কামৰ বাবে উচিত পাৰিশ্ৰমিক বিচাৰি ৰাজপথলৈ ওলাই আহিল হলিউডৰ লেখকসকলে।

চলিত বৰ্ষৰ প্ৰথমাৰ্ধৰ পৰা লেখকৰ এই আন্দোলনে হলিউডত সঁহাৰি লাভ কৰিছিল। কেইবাখনো বিগ বাজেটৰ ছবি স্তব্ধ হৈ পৰিল। আনকি, কেইবাখনো ছবিৰ মুক্তিৰ তাৰিখ পিছুৱাই দিব লগা হৈছিল। লেখকসকলে বিগত ছয় দশকত হলিউডত আটাইতকৈ ডাঙৰ আন্দোলন সৃষ্টি কৰিছিল।

কিছুদিন পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষই বৈঠক আৰু আলোচনাৰ জৰিয়তে এক কাৰ্যকৰী চুক্তিত উপনীত হোৱা বুলি খবৰ ওলাইছিল। কিন্তু লেখকসকলে ‘ৰাইটাৰ্ছ গিল্ড অৱ আমেৰিকা’ৰ সন্মতি অবিহনে কামলৈ ঘূৰি নাযাবলৈ সিদ্ধান্ত লয়।

কিন্তু বুধবাৰে নিশা ১২.০১ বজাত ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ পিছত তেওঁলোকে যিকোনো সময়তে কামত যোগদান কৰিব পাৰিব বুলি খবৰ আহিছে।

খবৰ অনুসৰি, বৃদ্ধি পোৱা পাৰিতোষিক, কৃত্ৰিম বুদ্ধিমত্তাৰ নিয়ন্ত্ৰিত ব্যৱহাৰকে ধৰি একাধিক দাবীৰ কথা মনত ৰাখি নেটফ্লিক্স, ডিজনীৰ দৰে হলিউডৰ ষ্টুডিঅ’ৰ সৈতে এই নতুন চুক্তি কৰা হৈছে।

যোৱা ২ মে’ৰ পৰা হলিউডৰ লেখক আৰু চিত্ৰনাট্যকাৰসকলে ধৰ্মঘট কৰিছিল। কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ভিত্তিত উচিত মজুৰি দিব লাগে বুলি দাবী কৰি আন্দোলন আৰম্ভ কৰে। কেৱল সেয়াই নহয়, ছবি বা ধাৰাবাহিক বা যিকোনো সৃষ্টিশীল কামত শিল্পীৰ বিকল্প হিচাপে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিৰোধিতা কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক