--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামূহিক প্ৰতিবাদৰ শক্তি। হলিউডে ইউনিয়নযুক্ত ধৰ্মঘটৰ সুফল পালে। বিগত ১৪৭ দিন ধৰি হলিউডৰ লেখক-চিত্ৰনাট্যকাৰসকলে নিজৰ উচিত দাবীক লৈ অটল আছিল। অৱশেষত তেওঁলোকে নিজৰ দাবী পূৰণ কৰিবলৈ সক্ষম হ’ল।

বুধবাৰে হলিউডৰ লেখক-চিত্ৰনাট্যকাৰৰ ধৰ্মঘটৰ অন্ত পৰিল ১৪৮ দিনত। সৃষ্টিশীল কামৰ বাবে উচিত পাৰিশ্ৰমিক বিচাৰি ৰাজপথলৈ ওলাই আহিল হলিউডৰ লেখকসকলে।

চলিত বৰ্ষৰ প্ৰথমাৰ্ধৰ পৰা লেখকৰ এই আন্দোলনে হলিউডত সঁহাৰি লাভ কৰিছিল। কেইবাখনো বিগ বাজেটৰ ছবি স্তব্ধ হৈ পৰিল। আনকি, কেইবাখনো ছবিৰ মুক্তিৰ তাৰিখ পিছুৱাই দিব লগা হৈছিল। লেখকসকলে বিগত ছয় দশকত হলিউডত আটাইতকৈ ডাঙৰ আন্দোলন সৃষ্টি কৰিছিল।

কিছুদিন পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষই বৈঠক আৰু আলোচনাৰ জৰিয়তে এক কাৰ্যকৰী চুক্তিত উপনীত হোৱা বুলি খবৰ ওলাইছিল। কিন্তু লেখকসকলে ‘ৰাইটাৰ্ছ গিল্ড অৱ আমেৰিকা’ৰ সন্মতি অবিহনে কামলৈ ঘূৰি নাযাবলৈ সিদ্ধান্ত লয়।

কিন্তু বুধবাৰে নিশা ১২.০১ বজাত ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ পিছত তেওঁলোকে যিকোনো সময়তে কামত যোগদান কৰিব পাৰিব বুলি খবৰ আহিছে।

খবৰ অনুসৰি, বৃদ্ধি পোৱা পাৰিতোষিক, কৃত্ৰিম বুদ্ধিমত্তাৰ নিয়ন্ত্ৰিত ব্যৱহাৰকে ধৰি একাধিক দাবীৰ কথা মনত ৰাখি নেটফ্লিক্স, ডিজনীৰ দৰে হলিউডৰ ষ্টুডিঅ’ৰ সৈতে এই নতুন চুক্তি কৰা হৈছে।

যোৱা ২ মে’ৰ পৰা হলিউডৰ লেখক আৰু চিত্ৰনাট্যকাৰসকলে ধৰ্মঘট কৰিছিল। কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ভিত্তিত উচিত মজুৰি দিব লাগে বুলি দাবী কৰি আন্দোলন আৰম্ভ কৰে। কেৱল সেয়াই নহয়, ছবি বা ধাৰাবাহিক বা যিকোনো সৃষ্টিশীল কামত শিল্পীৰ বিকল্প হিচাপে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিৰোধিতা কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু