--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি দেশৰ আটাইতকৈ সুললিত কণ্ঠ লতা মংগেশকাৰৰ জন্মদিন। যাৰ সংগীতৰ যাদুৱে সকলো সীমা অতিক্ৰম কৰিছে।যাৰ বাবে তেওঁক সংগীতৰ সম্ৰাজ্ঞী হিচাপে গণ্য কৰা হয়। প্ৰজন্মৰ পাছত প্ৰজন্ম তেওঁৰ গীতত ডুব গৈ আছে।যাৰ সুৰত কান্দি উঠিছিল স্বয়ং জৱাহৰলাল নেহৰু৷

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰত লতা মংগেশকাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দিননাথ মংগেশকাৰ আছিল এজন প্ৰখ্যাত মাৰাঠী, কংকনী সংগীতজ্ঞ আৰু নাট্যকাৰ। ৫ বছৰ বয়সত কণমানি লতায়ে দেউতাকৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰে। ১৯৪১ চনৰ ১৬ ডিচেম্বৰত লতা মংগেশকাৰে গায়িকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। লতা মংগেশকাৰে ৩৬টাতকৈও অধিক ভাষাত ৩০ হাজাৰৰো অধিক গীত গাইছে। 

লতাজীৰ জন্মৰ নাম হেমা। সেই সময়ত পণ্ডিত দীননাথ মংগেশকাৰৰ নাটকৰ হেমা চৰিত্ৰটো অতি জনপ্ৰিয় হৈ পৰিছিল। পিতৃৰ ‘ভৱ বন্ধন’ নাটকত ‘লটিকা’ৰ চৰিত্ৰৰ প্ৰভাৱত হেমাৰ নাম সলনি কৰি লতা কৰা হয়। ১৯৪২ চনত তেওঁ প্ৰথমবাৰৰ বাবে মাৰাঠী ছবি এখনৰ বাবে কণ্ঠদান কৰে। কিন্তু সেই গীতটো ছবিখনৰ চূড়ান্ত সম্পাদনা পৰ্যায়ত বাদ পৰে। ১৯৩৮ চনত শোলাপুৰৰ নুতন থিয়েটাৰত ৯ বছৰ বয়সত তেওঁৰ প্ৰথম মঞ্চ অভিনয় কৰে। ১৯৪৯ চনত মহল চিনেমাত গীত গাই তেওঁৰ কেৰিয়াৰে এটা গতিপথ লয়। ‘আয়েগা আনেৱালা’ গীতটিৰে তেওঁ সকলোৰে খ্যাতি লাভ কৰে। 

কিন্তু সংগীতজ্ঞ হোৱাৰ উপৰিও তেওঁৰ আন এক পৰিচয় আছে। লতা মংগেশকাৰ এগৰাকী সুৰকাৰো আছিল। কেইবাটাও মাৰাঠী আৰু বাংলা গীত ৰচনা কৰিছিল। ১৯৫৫ চনত তেওঁ ৰাম ৰাম পাভহানে ছবিৰ সংগীত ৰচনা কৰে। সুৰ সম্ৰাট কিশোৰ কুমাৰৰ কণ্ঠত বাংলা আধুনিক গীতৰ সুৰ দিছিল। লতা মংগেশকাৰে 'তাৰে আম কহে ডাখিনী' গীতটিৰ সংগীত ৰচনা কৰিছিল।





১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত দেশখন কাৰ্যতঃ বিধ্বস্ত হৈ পৰিছিল। ১৯৬৩ চনত দিল্লীৰ ৰামলীলা ময়দানত আয়োজন কৰা এক অনুষ্ঠানত লতাজীক গান গাবলৈ আমন্ত্ৰণ জনোৱা হয়, য’ত ২৭ জানুৱাৰীত বলীউডে শ্বহীদ জোৱানৰ পত্নী আৰু পৰিয়ালৰ বাবে ধন সংগ্ৰহৰ আয়োজন কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লতাজীৰ কণ্ঠত 'এ মেৰে ৱাটান কে লগ’' গীতটি শুনি চকুলো টুকিবলৈ বাধ্য হয়।তদুপৰি লতা মংগেশকাৰ ৰয়েল এলবাৰ্ট হলত পৰম্পৰাগত সংগীত পৰিবেশন কৰা প্ৰথমজন ভাৰতীয় শিল্পী। আন্তঃৰাষ্ট্ৰীয় মঞ্চত সেইটোৱেই আছিল তেওঁৰ প্ৰথম উপস্থাপন। সেই বছৰতে তেওঁ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। সেই সময়ত তেওঁ ২৫ হাজাৰ গীত গাইছিল।

অৱশ্যে সংগীতৰ বাহিৰেও লতাজীৰ ক্ৰিকেটৰ প্ৰতি প্ৰবল আগ্ৰহ আছিল। ১৯৮৩ চনত তেওঁ ভাৰতৰ প্ৰথমটো ক্ৰিকেট বিশ্বকাপ জয়ৰ সাক্ষী হৈছিল। ভাৰতীয় দলটোক সহায় কৰিবলৈ ধন সংগ্ৰহৰ বাবে বিনামূলীয়া কনচাৰ্টৰো আয়োজন কৰিছিল। ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ সাক্ষীও আছিল। তেওঁ সাংসদৰ দায়িত্বও স্বম্ভালিছে। ১৯৯৯ চনত লতা ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হৈছিল।8 ভাৰতীয় সেনাবাহিনীক শ্ৰদ্ধাঞ্জলি জনাই শেষৰটো গীত ৰেকৰ্ডিং কৰিছিল। ভাৰতৰ সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সৰ্বোচ্চ সন্মান - "ভাৰত ৰত্ন", "দাদা চাহেব ফাল্কে" বঁটা লাভ কৰে৷ তেখেতৰ শেষৰটো গীত 'সুগন্ধ মুঝে ইছ মিট্টি কি',যাৰ সমাদৰ আজিও সকলো শ্ৰোতাৰ মাজত বৰ্তি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু