--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি দেশৰ আটাইতকৈ সুললিত কণ্ঠ লতা মংগেশকাৰৰ জন্মদিন। যাৰ সংগীতৰ যাদুৱে সকলো সীমা অতিক্ৰম কৰিছে।যাৰ বাবে তেওঁক সংগীতৰ সম্ৰাজ্ঞী হিচাপে গণ্য কৰা হয়। প্ৰজন্মৰ পাছত প্ৰজন্ম তেওঁৰ গীতত ডুব গৈ আছে।যাৰ সুৰত কান্দি উঠিছিল স্বয়ং জৱাহৰলাল নেহৰু৷

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰত লতা মংগেশকাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দিননাথ মংগেশকাৰ আছিল এজন প্ৰখ্যাত মাৰাঠী, কংকনী সংগীতজ্ঞ আৰু নাট্যকাৰ। ৫ বছৰ বয়সত কণমানি লতায়ে দেউতাকৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰে। ১৯৪১ চনৰ ১৬ ডিচেম্বৰত লতা মংগেশকাৰে গায়িকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। লতা মংগেশকাৰে ৩৬টাতকৈও অধিক ভাষাত ৩০ হাজাৰৰো অধিক গীত গাইছে। 

লতাজীৰ জন্মৰ নাম হেমা। সেই সময়ত পণ্ডিত দীননাথ মংগেশকাৰৰ নাটকৰ হেমা চৰিত্ৰটো অতি জনপ্ৰিয় হৈ পৰিছিল। পিতৃৰ ‘ভৱ বন্ধন’ নাটকত ‘লটিকা’ৰ চৰিত্ৰৰ প্ৰভাৱত হেমাৰ নাম সলনি কৰি লতা কৰা হয়। ১৯৪২ চনত তেওঁ প্ৰথমবাৰৰ বাবে মাৰাঠী ছবি এখনৰ বাবে কণ্ঠদান কৰে। কিন্তু সেই গীতটো ছবিখনৰ চূড়ান্ত সম্পাদনা পৰ্যায়ত বাদ পৰে। ১৯৩৮ চনত শোলাপুৰৰ নুতন থিয়েটাৰত ৯ বছৰ বয়সত তেওঁৰ প্ৰথম মঞ্চ অভিনয় কৰে। ১৯৪৯ চনত মহল চিনেমাত গীত গাই তেওঁৰ কেৰিয়াৰে এটা গতিপথ লয়। ‘আয়েগা আনেৱালা’ গীতটিৰে তেওঁ সকলোৰে খ্যাতি লাভ কৰে। 

কিন্তু সংগীতজ্ঞ হোৱাৰ উপৰিও তেওঁৰ আন এক পৰিচয় আছে। লতা মংগেশকাৰ এগৰাকী সুৰকাৰো আছিল। কেইবাটাও মাৰাঠী আৰু বাংলা গীত ৰচনা কৰিছিল। ১৯৫৫ চনত তেওঁ ৰাম ৰাম পাভহানে ছবিৰ সংগীত ৰচনা কৰে। সুৰ সম্ৰাট কিশোৰ কুমাৰৰ কণ্ঠত বাংলা আধুনিক গীতৰ সুৰ দিছিল। লতা মংগেশকাৰে 'তাৰে আম কহে ডাখিনী' গীতটিৰ সংগীত ৰচনা কৰিছিল।





১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত দেশখন কাৰ্যতঃ বিধ্বস্ত হৈ পৰিছিল। ১৯৬৩ চনত দিল্লীৰ ৰামলীলা ময়দানত আয়োজন কৰা এক অনুষ্ঠানত লতাজীক গান গাবলৈ আমন্ত্ৰণ জনোৱা হয়, য’ত ২৭ জানুৱাৰীত বলীউডে শ্বহীদ জোৱানৰ পত্নী আৰু পৰিয়ালৰ বাবে ধন সংগ্ৰহৰ আয়োজন কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে লতাজীৰ কণ্ঠত 'এ মেৰে ৱাটান কে লগ’' গীতটি শুনি চকুলো টুকিবলৈ বাধ্য হয়।তদুপৰি লতা মংগেশকাৰ ৰয়েল এলবাৰ্ট হলত পৰম্পৰাগত সংগীত পৰিবেশন কৰা প্ৰথমজন ভাৰতীয় শিল্পী। আন্তঃৰাষ্ট্ৰীয় মঞ্চত সেইটোৱেই আছিল তেওঁৰ প্ৰথম উপস্থাপন। সেই বছৰতে তেওঁ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। সেই সময়ত তেওঁ ২৫ হাজাৰ গীত গাইছিল।

অৱশ্যে সংগীতৰ বাহিৰেও লতাজীৰ ক্ৰিকেটৰ প্ৰতি প্ৰবল আগ্ৰহ আছিল। ১৯৮৩ চনত তেওঁ ভাৰতৰ প্ৰথমটো ক্ৰিকেট বিশ্বকাপ জয়ৰ সাক্ষী হৈছিল। ভাৰতীয় দলটোক সহায় কৰিবলৈ ধন সংগ্ৰহৰ বাবে বিনামূলীয়া কনচাৰ্টৰো আয়োজন কৰিছিল। ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ সাক্ষীও আছিল। তেওঁ সাংসদৰ দায়িত্বও স্বম্ভালিছে। ১৯৯৯ চনত লতা ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হৈছিল।8 ভাৰতীয় সেনাবাহিনীক শ্ৰদ্ধাঞ্জলি জনাই শেষৰটো গীত ৰেকৰ্ডিং কৰিছিল। ভাৰতৰ সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সৰ্বোচ্চ সন্মান - "ভাৰত ৰত্ন", "দাদা চাহেব ফাল্কে" বঁটা লাভ কৰে৷ তেখেতৰ শেষৰটো গীত 'সুগন্ধ মুঝে ইছ মিট্টি কি',যাৰ সমাদৰ আজিও সকলো শ্ৰোতাৰ মাজত বৰ্তি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement