--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত আৰু পাকিস্তান  আজি আকৌ এবাৰ মুখামুখী যুঁজত অৱতীৰ্ণ হ’ব। এই যুঁজ খেলৰ যুঁজ।  আজি  চুপাৰ-৪ত আকৌ এবাৰ তুমুল যুঁজ হ'ব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। দুয়োটা দলে এই খেলখনৰ আগতে আঘাতৰ সমস্যাতো ভুগি  আছে। ভাৰতৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। একে সময়তে, পাকিস্তানৰ দ্ৰুত বলাৰ শ্বাহনাৱাজ দাহানীও আঘাতপ্ৰাপ্ত হৈছে। 

আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত বহুতো ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। একে সময়তে আবেশ খান  ভাইৰেল জ্বৰত আক্ৰান্ত হৈ আছে । এনে পৰিস্থিতিত, অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে সুযোগ পাব পাৰে। তেওঁ প্ৰথম দুখন খেলত প্লেয়িং ইলেভেনৰ পৰা বাহিৰত আছিল ।

খেলুৱৈৰ আঘাত আৰু অন্যান্য কেইবাটাও কাৰণত ভাৰত-পাকিস্তান উভয় দলেই যথেষ্ট চিন্তা আৰু চাপৰমাজত  আছে! ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে চুপাৰ ফোৰৰ ভাৰত-পাক খেলৰ ফলাফলতকৈ   দলটোৰ খেলুৱৈসকলৰ আঘাতক লৈ অধিক চিন্তিত।এতিয়া প্ৰশ্ন হৈছে, এই আঘাতত ভুগি থকা ভাৰতীয় দলৰ প্ৰথম একাদশত কোন কোন থাকিব পাৰে ? ৰবীন্দ্ৰ জাদেজাৰ স্থান কোনে ল'ব? যদি আবেশে নেখেলে, ভাৰতেখেলৰ ধৰণ সলনি কৰিবলৈ বাধ্য হ'ব। কিয়নো ১৫  জনীয়া দলটোত আন কোনো পেচাৰ নাই। তদুপৰি, আৱেশৰ সলনি এতিয়ালৈকে কোনো খেলুৱৈৰ নাম ঘোষণা কৰা হোৱা নাই।

 তেনে ক্ষেত্ৰত, ঋষভ পন্তে ৰাহুল-ৰোহিত-কোহলী, সূৰ্যকুমাৰৰ পিছত বেটিং কৰিবলৈ আহিব পাৰে। কিয়নো জাদেজাৰ অনুপস্থিতিৰ অৰ্থ হৈছে বেটিং বিভাগত আৰু কোনো বাওঁহাতীয়া বেটছমেন  নাই।  দিনেশ কাৰ্তিক বা দীপক হুডাৰ ওপৰতো আজি ভালে খনি ভৰসা কৰিবলগীয়া হ’ব। ভুৱনেশ্বৰ কুমাৰে আৰ্শদীপ সিঙে আজি কি যাদু দেখুৱাবলৈ সক্ষম হয় তাৰ ওপৰতো ভাৰতীয় দলটোৰ প্ৰদৰ্শন ভালে খিনি  নিৰ্ভৰ কৰিব।। 

খেল খনত  পাকিস্তানৰ তুলনাত ভাৰতীয় বলিং বিভাগ দুৰ্বল যেন লাগিছে। অৱশ্যে   প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এই কথা স্বীকাৰ  কৰিবলৈ অনিচ্ছুক। ৰাহুল দ্ৰাবিড়ে এই প্ৰসংগত কৈছে "হয়তো আমাৰ বলিং বিভাগ তেওঁলোকৰ দৰে আশ্চৰ্যজনক নহয়। নিয়মীয়াকৈ প্ৰতি ঘণ্টাত ১৪৬-১৪৭  কিলোমিটাৰ বেগত বলিং  কৰিবলৈ আমাৰ  কোনো নাই। কিন্তু আমাৰ ওচৰত এনে  বলাৰ আছে যিয়ে সঠিক সময়ত সঠিক  কৰিব পাৰে। "আজি সন্ধিয়া ভাৰতীয় সময় অনুসৰি ৭-৩০ বজাত আৰম্ভ হ’ব ভাৰত আৰু পাকিস্তানৰ খেল খন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী