--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত আৰু পাকিস্তান  আজি আকৌ এবাৰ মুখামুখী যুঁজত অৱতীৰ্ণ হ’ব। এই যুঁজ খেলৰ যুঁজ।  আজি  চুপাৰ-৪ত আকৌ এবাৰ তুমুল যুঁজ হ'ব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। দুয়োটা দলে এই খেলখনৰ আগতে আঘাতৰ সমস্যাতো ভুগি  আছে। ভাৰতৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। একে সময়তে, পাকিস্তানৰ দ্ৰুত বলাৰ শ্বাহনাৱাজ দাহানীও আঘাতপ্ৰাপ্ত হৈছে। 

আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত বহুতো ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। একে সময়তে আবেশ খান  ভাইৰেল জ্বৰত আক্ৰান্ত হৈ আছে । এনে পৰিস্থিতিত, অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে সুযোগ পাব পাৰে। তেওঁ প্ৰথম দুখন খেলত প্লেয়িং ইলেভেনৰ পৰা বাহিৰত আছিল ।

খেলুৱৈৰ আঘাত আৰু অন্যান্য কেইবাটাও কাৰণত ভাৰত-পাকিস্তান উভয় দলেই যথেষ্ট চিন্তা আৰু চাপৰমাজত  আছে! ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে চুপাৰ ফোৰৰ ভাৰত-পাক খেলৰ ফলাফলতকৈ   দলটোৰ খেলুৱৈসকলৰ আঘাতক লৈ অধিক চিন্তিত।এতিয়া প্ৰশ্ন হৈছে, এই আঘাতত ভুগি থকা ভাৰতীয় দলৰ প্ৰথম একাদশত কোন কোন থাকিব পাৰে ? ৰবীন্দ্ৰ জাদেজাৰ স্থান কোনে ল'ব? যদি আবেশে নেখেলে, ভাৰতেখেলৰ ধৰণ সলনি কৰিবলৈ বাধ্য হ'ব। কিয়নো ১৫  জনীয়া দলটোত আন কোনো পেচাৰ নাই। তদুপৰি, আৱেশৰ সলনি এতিয়ালৈকে কোনো খেলুৱৈৰ নাম ঘোষণা কৰা হোৱা নাই।

 তেনে ক্ষেত্ৰত, ঋষভ পন্তে ৰাহুল-ৰোহিত-কোহলী, সূৰ্যকুমাৰৰ পিছত বেটিং কৰিবলৈ আহিব পাৰে। কিয়নো জাদেজাৰ অনুপস্থিতিৰ অৰ্থ হৈছে বেটিং বিভাগত আৰু কোনো বাওঁহাতীয়া বেটছমেন  নাই।  দিনেশ কাৰ্তিক বা দীপক হুডাৰ ওপৰতো আজি ভালে খনি ভৰসা কৰিবলগীয়া হ’ব। ভুৱনেশ্বৰ কুমাৰে আৰ্শদীপ সিঙে আজি কি যাদু দেখুৱাবলৈ সক্ষম হয় তাৰ ওপৰতো ভাৰতীয় দলটোৰ প্ৰদৰ্শন ভালে খিনি  নিৰ্ভৰ কৰিব।। 

খেল খনত  পাকিস্তানৰ তুলনাত ভাৰতীয় বলিং বিভাগ দুৰ্বল যেন লাগিছে। অৱশ্যে   প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এই কথা স্বীকাৰ  কৰিবলৈ অনিচ্ছুক। ৰাহুল দ্ৰাবিড়ে এই প্ৰসংগত কৈছে "হয়তো আমাৰ বলিং বিভাগ তেওঁলোকৰ দৰে আশ্চৰ্যজনক নহয়। নিয়মীয়াকৈ প্ৰতি ঘণ্টাত ১৪৬-১৪৭  কিলোমিটাৰ বেগত বলিং  কৰিবলৈ আমাৰ  কোনো নাই। কিন্তু আমাৰ ওচৰত এনে  বলাৰ আছে যিয়ে সঠিক সময়ত সঠিক  কৰিব পাৰে। "আজি সন্ধিয়া ভাৰতীয় সময় অনুসৰি ৭-৩০ বজাত আৰম্ভ হ’ব ভাৰত আৰু পাকিস্তানৰ খেল খন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু