--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা বৰ্ষত অনুষ্ঠিত হোৱা টকিঅ’ অলিম্পিকত ভাগ লৈ দেশলৈ গূৰি অহাৰ পিছতে ভাৰতীয় খেলুৱৈসকলক আতিথ্য দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আতিথ্য গ্ৰহণৰ সময়তে ভাৰতৰ অলিম্পিক তথা পেৰা অলিম্পিক দলৰ খেলুৱৈসকলে স্মৃতিচিহ্ন হিচাপে তেওঁলোকৰ কিছু খেলৰ সা-সঁজুলি উপহাৰ স্বৰূপে আগবঢ়াইছিল। এই উপহাৰসমূহ পিছত নিলাম কৰা হৈছিল আৰু ইয়াৰ পৰা সংগ্ৰহিত ধনৰাশি 'নমামি গংগা’ শীৰ্ষক আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজিত যোগ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছিল।

এই নিলামত টকিঅ’ অলিম্পিকত দেশৰ একমাত্ৰ স্বৰ্ণজয়ী খেলুৱৈ নীৰজ চোপ্ৰাৰ জেভলিনে সৰ্বাধিক দৰ লাভ কৰিছিল। নিলামত এই জেভলিন ১.৫ কোটি টকাত ক্ৰয় কৰিছিল সৰ্বাধিক নিবিদা আগবঢ়োৱা ক্ৰেতা গৰাকীয়ে। পিছে এই নিবিদা কোনে আগবঢ়াইছিল বা নীৰজ চোপ্ৰাৰ এই জেভলিন কোনে ক্ৰয় কৰিছিল তাৰ কোনো তথ্য প্ৰকাশ পোৱা নাছিল। শেহতীয়াকৈ পোহৰলৈ আহিছে এই সম্পৰ্কে এক বিশেষ তথ্য, জানিব পৰা গৈছে নীৰজৰ জেভলিন ক্ৰয় কৰা ক্ৰেতাৰ নাম।

প্ৰকাশিত তথ্য অনুসৰি দেশৰ ক্ৰীড়াক্ষেত্ৰৰ তাৰকা-মহাতাৰকা সকলৰ স্মৃততি বিজৰিত সামগ্ৰীৰ এই নিলামত নীৰজ চোপ্ৰাৰ জেভলিন ক্ৰয় কৰিছিল ভাৰতৰ ক্ৰীড়াক্ষেতৰে এক প্ৰভাৱশালী আৰু ধনৱন্ত সংস্থাই। এই সংস্থাট আন কোনো নহয়। দেশৰ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সংস্থা বিচিচিআই- এ ক্ৰয় কৰিছিল অলিম্পিক স্বৰ্ণ জয়ী তাৰকাগৰাকীৰ জেভলিন।

ক্ৰিকেট ব'ৰ্ডৰ এগৰাকী বিষয়াই আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে যোৱা বৰ্ষত হোৱা এই ই-নিলামৰ সময়ত অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ জেভলিনৰ বাবে ১.৫ কোটি টকাৰ বিজয়ী নিবিদা বিচিচিআইয়েই আগবঢ়াইছিল। তেওঁ লগতে উল্লেখ কৰা মতে বিচিচিআই- এ আন কেইবাবিধো সংগ্ৰহযোগ্য সামগ্ৰীৰ বাবে বীড আগবঢ়াইছিল।

বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত লগতে কয় যে গংগা পৰিষ্কৰণৰ বাবে গ্ৰহণ কৰা নমামি গংগা এক মহৎ উদ্দেশ্য আৰু দেশৰ অন্যতম প্ৰধান ক্ৰীড়া সংস্থা হিচাপে দেশৰ প্ৰতি বিচিচিআইৰ পালনীয় কৰ্তব্য আছে বুলি বিচিচিআইৰ বিষয়াসকলে অনুভৱ কৰিছিল। সেয়ে সংস্থাই কেইবাবিধো সামগ্ৰী নিলামত ক্ৰয় কৰে বুলি বিচিচিআইৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

বিগত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰত অনুষ্ঠিত হোৱা এই নিলামত চোপ্ৰাৰ জেভলিনৰ উপৰিও বিচিচিআইয়ে ভাৰতীয় পেৰা অলিম্পিক দলৰ সদস্যসকলে অটোগ্ৰাফ দিয়া এক বস্ত্ৰও ১ কোটি টকাত ক্ৰয় কৰে। উল্লেখ্য যে দেশত ক’ভিদ মহামাৰীৰ প্ৰথম ঢৌৰ সময়তো বিচিচিআইয়ে পিএম কেয়াৰ্ছ ফাণ্ডলৈ ৫১ কোটি টকাৰ বৰঙণি আগবঢ়াই বিচিচিআই- এ দেশৰ সেৱাৰ বাবে নিজৰ কৰণীয় কৰ্তব্য পালন কৰিছিল।

ইফালে খেলুৱৈসকলৰ সামগ্ৰীৰ এই নিলামত নীৰজ চোপ্ৰাৰ জেভলিনৰ পিছতে ফেঞ্চাৰ ভৱানী দেৱীৰ তৰোৱালে ১.২৫ কোটি টকা লাভ কৰি দ্বিতীয় স্থানত আছিল। আনহাতে পেৰা অলিম্পিক চেম্পিয়ন জেভেলিন থ্ৰ'ৱাৰ সুমিত এণ্টিলৰ জেভেলিন আন কোনো নিবিদাকাৰীয়ে ১.০০২ কোটি টকাত ক্ৰয় কৰিছিল। অসম সন্তান তথা টকিঅ’ৰ ব্ৰঞ্জ বিজয়ী লভলিনা বৰগোহাঁইৰ বক্সিং গ্ল’ভচ্ ৯১ লাখ টকাত ক্ৰয় কৰিছিল আন এগৰাকী নিবিদাকাৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী