--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা বৰ্ষত অনুষ্ঠিত হোৱা টকিঅ’ অলিম্পিকত ভাগ লৈ দেশলৈ গূৰি অহাৰ পিছতে ভাৰতীয় খেলুৱৈসকলক আতিথ্য দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আতিথ্য গ্ৰহণৰ সময়তে ভাৰতৰ অলিম্পিক তথা পেৰা অলিম্পিক দলৰ খেলুৱৈসকলে স্মৃতিচিহ্ন হিচাপে তেওঁলোকৰ কিছু খেলৰ সা-সঁজুলি উপহাৰ স্বৰূপে আগবঢ়াইছিল। এই উপহাৰসমূহ পিছত নিলাম কৰা হৈছিল আৰু ইয়াৰ পৰা সংগ্ৰহিত ধনৰাশি 'নমামি গংগা’ শীৰ্ষক আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজিত যোগ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছিল।

এই নিলামত টকিঅ’ অলিম্পিকত দেশৰ একমাত্ৰ স্বৰ্ণজয়ী খেলুৱৈ নীৰজ চোপ্ৰাৰ জেভলিনে সৰ্বাধিক দৰ লাভ কৰিছিল। নিলামত এই জেভলিন ১.৫ কোটি টকাত ক্ৰয় কৰিছিল সৰ্বাধিক নিবিদা আগবঢ়োৱা ক্ৰেতা গৰাকীয়ে। পিছে এই নিবিদা কোনে আগবঢ়াইছিল বা নীৰজ চোপ্ৰাৰ এই জেভলিন কোনে ক্ৰয় কৰিছিল তাৰ কোনো তথ্য প্ৰকাশ পোৱা নাছিল। শেহতীয়াকৈ পোহৰলৈ আহিছে এই সম্পৰ্কে এক বিশেষ তথ্য, জানিব পৰা গৈছে নীৰজৰ জেভলিন ক্ৰয় কৰা ক্ৰেতাৰ নাম।

প্ৰকাশিত তথ্য অনুসৰি দেশৰ ক্ৰীড়াক্ষেত্ৰৰ তাৰকা-মহাতাৰকা সকলৰ স্মৃততি বিজৰিত সামগ্ৰীৰ এই নিলামত নীৰজ চোপ্ৰাৰ জেভলিন ক্ৰয় কৰিছিল ভাৰতৰ ক্ৰীড়াক্ষেতৰে এক প্ৰভাৱশালী আৰু ধনৱন্ত সংস্থাই। এই সংস্থাট আন কোনো নহয়। দেশৰ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সংস্থা বিচিচিআই- এ ক্ৰয় কৰিছিল অলিম্পিক স্বৰ্ণ জয়ী তাৰকাগৰাকীৰ জেভলিন।

ক্ৰিকেট ব'ৰ্ডৰ এগৰাকী বিষয়াই আজি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে যোৱা বৰ্ষত হোৱা এই ই-নিলামৰ সময়ত অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ জেভলিনৰ বাবে ১.৫ কোটি টকাৰ বিজয়ী নিবিদা বিচিচিআইয়েই আগবঢ়াইছিল। তেওঁ লগতে উল্লেখ কৰা মতে বিচিচিআই- এ আন কেইবাবিধো সংগ্ৰহযোগ্য সামগ্ৰীৰ বাবে বীড আগবঢ়াইছিল।

বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত লগতে কয় যে গংগা পৰিষ্কৰণৰ বাবে গ্ৰহণ কৰা নমামি গংগা এক মহৎ উদ্দেশ্য আৰু দেশৰ অন্যতম প্ৰধান ক্ৰীড়া সংস্থা হিচাপে দেশৰ প্ৰতি বিচিচিআইৰ পালনীয় কৰ্তব্য আছে বুলি বিচিচিআইৰ বিষয়াসকলে অনুভৱ কৰিছিল। সেয়ে সংস্থাই কেইবাবিধো সামগ্ৰী নিলামত ক্ৰয় কৰে বুলি বিচিচিআইৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

বিগত বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰত অনুষ্ঠিত হোৱা এই নিলামত চোপ্ৰাৰ জেভলিনৰ উপৰিও বিচিচিআইয়ে ভাৰতীয় পেৰা অলিম্পিক দলৰ সদস্যসকলে অটোগ্ৰাফ দিয়া এক বস্ত্ৰও ১ কোটি টকাত ক্ৰয় কৰে। উল্লেখ্য যে দেশত ক’ভিদ মহামাৰীৰ প্ৰথম ঢৌৰ সময়তো বিচিচিআইয়ে পিএম কেয়াৰ্ছ ফাণ্ডলৈ ৫১ কোটি টকাৰ বৰঙণি আগবঢ়াই বিচিচিআই- এ দেশৰ সেৱাৰ বাবে নিজৰ কৰণীয় কৰ্তব্য পালন কৰিছিল।

ইফালে খেলুৱৈসকলৰ সামগ্ৰীৰ এই নিলামত নীৰজ চোপ্ৰাৰ জেভলিনৰ পিছতে ফেঞ্চাৰ ভৱানী দেৱীৰ তৰোৱালে ১.২৫ কোটি টকা লাভ কৰি দ্বিতীয় স্থানত আছিল। আনহাতে পেৰা অলিম্পিক চেম্পিয়ন জেভেলিন থ্ৰ'ৱাৰ সুমিত এণ্টিলৰ জেভেলিন আন কোনো নিবিদাকাৰীয়ে ১.০০২ কোটি টকাত ক্ৰয় কৰিছিল। অসম সন্তান তথা টকিঅ’ৰ ব্ৰঞ্জ বিজয়ী লভলিনা বৰগোহাঁইৰ বক্সিং গ্ল’ভচ্ ৯১ লাখ টকাত ক্ৰয় কৰিছিল আন এগৰাকী নিবিদাকাৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু