--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্রীয় ঘাইপথত পথৰ গাঁতৰ বাবে জনতাই জলা-কলা খোৱাটো কোনো নতুন কথা নহয়। পথৰ গাঁতৰ বাবেই যাত্ৰাৰ সময় বৃদ্ধি পায়, সৃষ্টি হয় ট্ৰেফিক জামৰ। কিন্তু অনাগত সময়ত এনে পৰিস্থিতিৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিব। কাৰণ দেশৰ সকলো ঘাইপথকে গাঁতমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি চলাইছে। 

লগতে, পথ নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা নতুন নীতি প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে। যি নীতিত ঠিকাদাৰসকলে কেৱল পথ নিৰ্মাণ কৰিয়েই দায়িত্ব এৰিলে নহ’ব। এই নীতিৰ অন্তৰ্গত বহুবছৰ ধৰি নিৰ্মাণকাৰী ঠিকাদাৰে চোৱাচিতা কৰিব লাগিব পথসমূহক। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বিষয়ে ঘোষণা কৰিছে। দৰাচলতে আগন্তুক সময়ত দেশৰ ঘাইপথ নিৰ্মাণত BOT পদ্ধতিক অগ্ৰাধিকাৰ দিব কেন্দ্ৰীয় চৰকাৰে। 

আগন্তুক সময়ত এই পদ্ধতিৰেই নিৰ্মাণ কৰা হ’ব দেশৰ অধিকাংশ ঘাইপথ। BOTৰ অৰ্থ হৈছে বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ। এই পদ্ধতিত নিৰ্মাণকাৰী ঠিকাদাৰে ২০-৩০ বছৰলৈকে ঘাইপথসমূহৰ চোৱাচিতা কৰিব লাগিব। এই পদ্ধতি ব্যৱহাৰ কৰিলে নিৰ্মাণকাৰী ঠিকাদাৰ অথবা ব্যক্তিগত সংস্থাই মানসন্মতভাৱে নিৰ্মাণ কৰিব ঘাইপথসমূহ। কাৰণ, নিম্নমানেৰে পথ নিৰ্মাণ কৰিলে লোকচান ভৰিব লাগিব নিৰ্মাণকাৰী ঠিকাদাৰেই। নিৰ্মাণৰ কিছুদিন পাছতেই পথৰ অংশ ভাগি পৰিলে মেৰামতিৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব ঠিকাদাৰে। 

ঘাইপথ নিৰ্মাণৰ কিছুদিন পাছতেই গাঁতৰ সৃষ্টি হ’লে মেৰামতি কৰিব লাগিব ঠিকাদাৰেই। এনে পৰিস্থিতিত অতিৰিক্ত ব্যয় কৰিব লাগিব ঠিকাদাৰ বা নিৰ্মাণকাৰী সংস্থাই। গতিকে অতিৰিক্ত ব্যয়ৰ পৰা হাত সাৰিবলৈকে নিৰ্মাণকাৰী ঠিকাদাৰে নিখুঁতভাৱে নিৰ্মাণ কৰিব ঘাইপথসমূহ। মানসম্পন্নভাৱে নিৰ্মাণ হোৱাৰ বাবেই ঘাইপথসমূহত বহু বছৰলৈকে সৃষ্টি নহ’ব গাঁতৰ। গাঁত সৃষ্টি নোহাৱাৰ বাবে জনতাই যাত্ৰাপথত ভোগ কৰিবলগীয়া নহ’ব আহুকালৰ। 

এই উপায়েৰেই এতিয়া কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাষ্ট্রীয় ঘাইপথসমূহ গাঁতমুক্ত কৰাৰ পৰিকল্পনা কৰিছে। গাডকাৰীৰ এই পৰিকল্পনাক এতিয়া আদৰণি জনাইছে দেশৰ সচেতন নাগৰিক সমাজে। গাডকাৰীৰ আঁচনি অনুযায়ী দেশৰ প্ৰতিটো প্ৰান্ততে মানসম্পন্ন ঘাইপথ নিৰ্মাণ হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ