--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্রীয় ঘাইপথত পথৰ গাঁতৰ বাবে জনতাই জলা-কলা খোৱাটো কোনো নতুন কথা নহয়। পথৰ গাঁতৰ বাবেই যাত্ৰাৰ সময় বৃদ্ধি পায়, সৃষ্টি হয় ট্ৰেফিক জামৰ। কিন্তু অনাগত সময়ত এনে পৰিস্থিতিৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিব। কাৰণ দেশৰ সকলো ঘাইপথকে গাঁতমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুতি চলাইছে। 

লগতে, পথ নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা নতুন নীতি প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে। যি নীতিত ঠিকাদাৰসকলে কেৱল পথ নিৰ্মাণ কৰিয়েই দায়িত্ব এৰিলে নহ’ব। এই নীতিৰ অন্তৰ্গত বহুবছৰ ধৰি নিৰ্মাণকাৰী ঠিকাদাৰে চোৱাচিতা কৰিব লাগিব পথসমূহক। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বিষয়ে ঘোষণা কৰিছে। দৰাচলতে আগন্তুক সময়ত দেশৰ ঘাইপথ নিৰ্মাণত BOT পদ্ধতিক অগ্ৰাধিকাৰ দিব কেন্দ্ৰীয় চৰকাৰে। 

আগন্তুক সময়ত এই পদ্ধতিৰেই নিৰ্মাণ কৰা হ’ব দেশৰ অধিকাংশ ঘাইপথ। BOTৰ অৰ্থ হৈছে বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ। এই পদ্ধতিত নিৰ্মাণকাৰী ঠিকাদাৰে ২০-৩০ বছৰলৈকে ঘাইপথসমূহৰ চোৱাচিতা কৰিব লাগিব। এই পদ্ধতি ব্যৱহাৰ কৰিলে নিৰ্মাণকাৰী ঠিকাদাৰ অথবা ব্যক্তিগত সংস্থাই মানসন্মতভাৱে নিৰ্মাণ কৰিব ঘাইপথসমূহ। কাৰণ, নিম্নমানেৰে পথ নিৰ্মাণ কৰিলে লোকচান ভৰিব লাগিব নিৰ্মাণকাৰী ঠিকাদাৰেই। নিৰ্মাণৰ কিছুদিন পাছতেই পথৰ অংশ ভাগি পৰিলে মেৰামতিৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব ঠিকাদাৰে। 

ঘাইপথ নিৰ্মাণৰ কিছুদিন পাছতেই গাঁতৰ সৃষ্টি হ’লে মেৰামতি কৰিব লাগিব ঠিকাদাৰেই। এনে পৰিস্থিতিত অতিৰিক্ত ব্যয় কৰিব লাগিব ঠিকাদাৰ বা নিৰ্মাণকাৰী সংস্থাই। গতিকে অতিৰিক্ত ব্যয়ৰ পৰা হাত সাৰিবলৈকে নিৰ্মাণকাৰী ঠিকাদাৰে নিখুঁতভাৱে নিৰ্মাণ কৰিব ঘাইপথসমূহ। মানসম্পন্নভাৱে নিৰ্মাণ হোৱাৰ বাবেই ঘাইপথসমূহত বহু বছৰলৈকে সৃষ্টি নহ’ব গাঁতৰ। গাঁত সৃষ্টি নোহাৱাৰ বাবে জনতাই যাত্ৰাপথত ভোগ কৰিবলগীয়া নহ’ব আহুকালৰ। 

এই উপায়েৰেই এতিয়া কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাষ্ট্রীয় ঘাইপথসমূহ গাঁতমুক্ত কৰাৰ পৰিকল্পনা কৰিছে। গাডকাৰীৰ এই পৰিকল্পনাক এতিয়া আদৰণি জনাইছে দেশৰ সচেতন নাগৰিক সমাজে। গাডকাৰীৰ আঁচনি অনুযায়ী দেশৰ প্ৰতিটো প্ৰান্ততে মানসম্পন্ন ঘাইপথ নিৰ্মাণ হ’ব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু