--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিলাসী বাহনৰ মালিক হোৱাটো সঁচাকৈয়ে বহুতৰে বাবে এটা সপোন। এনে কিছুমান মানুহ আছে যিয়ে সেই সপোন পূৰণ কৰিবলৈ সক্ষম হয়।  চাকৰিত বহু বছৰ কঠোৰ পৰিশ্ৰম কৰিও বহুতে  বিলাসী গাড়ী এখন কিনাৰ সপোন পূৰণ কৰিব নোৱাৰে। 

কিন্তু কেৰালাৰ এজন খেতিয়কে বিলাসী অডি গাড়ীত উঠি শাক বেচিবলৈ যোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। সুজিত নামৰ কেৰালাৰ এজন যুৱ কৃষকে কৃষিৰ জড়িয়তেও যে ধনী হ’ব পাৰি সেই কথা প্ৰমাণ কৰিছে।   তেওঁ অলপতে নতুনকৈ চপোৱা পাচলি বিক্ৰী কৰিবলৈ এখন  অডি এ ৪ বিলাসী চেডান গাড়ী ব্যৱহাৰ কৰিছে। গাড়ী খনৰ মালিকো তেঁৱেই।  এতিয়া কৃষক জনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। 
 


ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোৱে  দ্ৰুতগতিত নেটিজেনক  আকৰ্ষণ  কৰিছে। ক্লিপটোত, সুজিতক তেওঁৰ পথাৰৰ  পৰা শাক  সংগ্ৰহ কৰা দেখা গৈছে। তাৰ পিছত তেওঁ সেই শাক বিক্ৰী কৰিবলৈ তেওঁৰ সুন্দৰ অডিত  উঠি বজাৰত উপস্থিত হৈছে।

ক্লিপটো  ৮.৮ নিযুতৰো অধিক লোকে চাইছে  আৰু বহুতে বিভিন্ন ধৰণৰ  প্ৰতিক্ৰিয়া প্ৰকাশ  কৰিছে। বহুতে সুজিতক তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বাবে অভিনন্দন জনাইছে  আৰু তেওঁ আনৰ বাবে  অনুপ্ৰেৰণা বুলি অভিহিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু