--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই আহাৰ গ্ৰহণৰ আগে আগে বা ঠিক পিছতে চাহ খায়। কিন্তু এটা স্বাস্থ্যৰ বাবে ভাল নহয়। এনে অভ্যাসে  ৰক্তহীনতাৰ আশংকা বহু খিনি বঢ়াই তোলে। ৰক্তহীনতা  এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ  জনসংখ্যাৰ এক-চতুৰ্থাংশ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে। 

আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱেই বেছি।   দ্য লেঞ্চেট হেমাটোলজীত প্ৰকাশিতসমীক্ষা অনুসৰি  অনুসৰি ২০২১  চনত, বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাৰ চিকাৰ  হৈছে। ১৯৯০চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১  চনত, উপ- চাহাৰা, আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে।  

মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী, ২০২১  চনত ১৭.৫  শতাংশ পুৰুষৰ তুলনাত৩১.২ শতাংশ মহিলা  ৰক্তহীনতাৰ চিকাৰ হৈছে। 

শৰীৰত  লোৰ পৰিমাণ বঢ়াবৰ বাবে ভিটামিন-চিযুক্ত  খাদ্য  যেনে আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ খাব লাগে। 
একেদৰে ফলিক এচিদ থকা খাদ্য যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় খাদ্য , তিল, আটা,  আদিখোৱা ভাল। 

বহু আহাৰে শৰীৰত  লো গ্ৰহণত বাধা দিয়ে । উদাহৰণ স্বৰূপে  চাহত থকা “টেনিনে” শৰীৰে লো গ্ৰহণত বাধা দিয়ে। সেয়ে  আহাৰ খোৱাৰ  এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা আহি পৰিব পাৰে। গৰ্ভৱতী মহিলাই  পৰিমাণৰ লোযুক্ত খাদ্য  খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব