--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই আহাৰ গ্ৰহণৰ আগে আগে বা ঠিক পিছতে চাহ খায়। কিন্তু এটা স্বাস্থ্যৰ বাবে ভাল নহয়। এনে অভ্যাসে  ৰক্তহীনতাৰ আশংকা বহু খিনি বঢ়াই তোলে। ৰক্তহীনতা  এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ চিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ  জনসংখ্যাৰ এক-চতুৰ্থাংশ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে। 

আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱেই বেছি।   দ্য লেঞ্চেট হেমাটোলজীত প্ৰকাশিতসমীক্ষা অনুসৰি  অনুসৰি ২০২১  চনত, বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাৰ চিকাৰ  হৈছে। ১৯৯০চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১  চনত, উপ- চাহাৰা, আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে।  

মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী, ২০২১  চনত ১৭.৫  শতাংশ পুৰুষৰ তুলনাত৩১.২ শতাংশ মহিলা  ৰক্তহীনতাৰ চিকাৰ হৈছে। 

শৰীৰত  লোৰ পৰিমাণ বঢ়াবৰ বাবে ভিটামিন-চিযুক্ত  খাদ্য  যেনে আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ খাব লাগে। 
একেদৰে ফলিক এচিদ থকা খাদ্য যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় খাদ্য , তিল, আটা,  আদিখোৱা ভাল। 

বহু আহাৰে শৰীৰত  লো গ্ৰহণত বাধা দিয়ে । উদাহৰণ স্বৰূপে  চাহত থকা “টেনিনে” শৰীৰে লো গ্ৰহণত বাধা দিয়ে। সেয়ে  আহাৰ খোৱাৰ  এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা আহি পৰিব পাৰে। গৰ্ভৱতী মহিলাই  পৰিমাণৰ লোযুক্ত খাদ্য  খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা