--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্য খোৱাৰ সময়ত কেতিয়াবা খাদ্য পৰি যোৱাৰ ফলত কাপোৰত হালধিৰ দাগ লাগিব পাৰে৷ কেতিয়াবা আহাৰ খোৱাৰ পিছত হাতৰ নখতো হালধিৰ দাগ ৰৈ যায়৷  কেতিয়াবা খাদ্য কাৰ্পেটত পৰাৰ ফলতো হালধিৰ দাগ লাগিব পাৰে। কাঁচ, কাঠ, কাপোৰৰ পৰা হালধীয়া দাগ আঁতৰাবলৈ সৰল ঘৰুৱা উপায় আছে। 

১) বাচন-বৰ্তনত হালধীয়া দাগ লাগিলে

বেকিং চডা আৰু পানীৰে ডাঠ মিশ্ৰণ এটা বনাওক।

মিশ্ৰণটো হালধীয়া ৰং পৰা  ঠাইত ১৫ মিনিটৰ বাবে লগাই থওঁক। তাৰ পিছত ঠাই খিনি হাতেৰে ঘঁহি থাকক।

এইবাৰ চাবোন পানীত  তিয়াই থোৱা কাপোৰেৰে সেয়া  পৰিষ্কাৰ কৰক।
পিছত আপুনি  বাচনবোৰ শুকান কাপোৰেৰে মচিব পাৰে।


 ২) কাৰ্পেটত হালধিৰ দাগ লাগিলে

কাৰ্পেটত হালধিৰ দাগ থকা ঠাইখিনি শুকান বেকিং চডাৰে ডাঠকৈ ঢাকি দিয়ক।  পাঁচ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ দিয়ক।

যেতিয়া বেকিং চডাৰ ৰং সলনি হয়, ইয়াক আঁতৰাই পেলাওঁক৷

এইবাৰ চাবোন পানীত  দাগ থকা অংশটো তিয়াই থৈ পৰিষ্কাৰ কৰক।

৩) নখত হালধিৰ দাগ লাগিলে

 হাত আৰু নখৰ হালধিৰ  দাগবোৰ আঁতৰাবলৈ এটা ঘৰুৱা পদ্ধতি আছে। নেমুৰ ৰস আৰু বেকিং চডাৰ সৈতে মিশ্ৰণ এটা বনাওক। হালধীয়া দাগ লগা  হাত আৰু নখৰ অংশত বেকিং চডাৰ মিশ্ৰণটো ঘঁহি দিয়ক। পিছত সেয়া গৰম পানীৰে ধুই দিলে দাগ নোহোৱা হ’ব৷

৪) কাপোৰত হালধিৰ দাগ লাগিলে

প্ৰথমে দাগ থকা ঠাইখিনি ঠাণ্ডা পানীত তিয়াই দিয়ক।

চাবোন পোনপটীয়াকৈ সেই তিতা, দাগ যুক্ত স্থানত ঘঁহি  দিয়ক।

ইয়াক অলপ সময়ৰ বাবে তেনে অৱস্থাতে থাকিবলৈ দিয়ক। তাৰ পিছত ঠাইখিনি হাতেৰে ঘঁহি থাকক।এনেদৰে ঘঁহিলে দাগ উঠি যাব৷ 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু