--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীৰ জীৱনীমূলক ছবিক লৈ চৰ্চা চলি আছে। কোনে ৰূপায়ন কৰিব টীম ইণ্ডিয়াৰ 'দাদা’ৰ চৰিত্ৰত? এই সন্দৰ্ভত বলিউডৰ বহু তাৰকাৰ নাম উচ্চাৰিত হৈ আহিছে। কিন্তু  এতিয়াও চূড়ান্ত হোৱা নাই।

বিচিচিআইৰ প্ৰাক্তন সভাপতি গাংগুলী সোমবাৰে কলিকতাৰ পৰা মুম্বাইলৈ উৰা মাৰিছে। পৰিচালক লাভ ৰঞ্জনৰ 'লাভ ফিল্মছ' নামৰ সংস্থাটো ছবিখনৰ প্ৰযোজনা কৰাৰ দায়িত্বত আছে। ছৱিখনৰ চিত্ৰনাট্য শুনিবলৈকে মুম্বাইলৈ উৰা মাৰিছে 'দাদা’।

সৌৰভৰ জীৱনীমূলক ছবিয়ে তেওঁৰ ক্ৰিকেট জীৱনৰ উত্থান-পতনক উপস্থাপন কৰিব। তেওঁৰ জীৱনৰ উত্থান-পতন, বিতৰ্ক, প্ৰত্যাৱৰ্তন – সকলোবোৰ ছবিখনত থাকিব। ছৱিৰ স্ক্ৰিপ্টখনৰ বিষয়ে অতি সাৱধান গাংগুলী। গতিকে যিকোনো বস্তু চূড়ান্ত কৰাৰ আগতে পৰিচালকে স্ক্ৰিপ্টখন গাংগুলীক দেখুৱাই লৈছে। সূত্ৰঅনুসৰি, মঙলবাৰৰ বৈঠকৰ পিছত স্ক্ৰিপ্টখন চূড়ান্ত কৰা হ'ব।

নিজৰ বায়োপিকৰ ওপৰত গাংগুলীয়ে টুইটাৰত এইদৰে লিখিছে- "ক্ৰিকেট মোৰ জীৱন। ই মোক আত্মবিশ্বাস দিছে, আগবাঢ়ি যোৱাৰ সামৰ্থ্য দিছে। এই যাত্ৰাৰ সোৱাদ হৈছে আনন্দ। মোৰ জীৱন ডাঙৰ পৰ্দাত দেখুওৱা হ'ব।''

উল্লেখ্য যে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কসকলৰ ভিতৰত বিতৰ্কিত অধিনায়ক মহম্মদ আজহাৰুদ্দিন আৰু মহেন্দ্ৰ সিং ধোনীৰ বায়’পিক নিৰ্মাণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক