--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীৰ জীৱনীমূলক ছবিক লৈ চৰ্চা চলি আছে। কোনে ৰূপায়ন কৰিব টীম ইণ্ডিয়াৰ 'দাদা’ৰ চৰিত্ৰত? এই সন্দৰ্ভত বলিউডৰ বহু তাৰকাৰ নাম উচ্চাৰিত হৈ আহিছে। কিন্তু  এতিয়াও চূড়ান্ত হোৱা নাই।

বিচিচিআইৰ প্ৰাক্তন সভাপতি গাংগুলী সোমবাৰে কলিকতাৰ পৰা মুম্বাইলৈ উৰা মাৰিছে। পৰিচালক লাভ ৰঞ্জনৰ 'লাভ ফিল্মছ' নামৰ সংস্থাটো ছবিখনৰ প্ৰযোজনা কৰাৰ দায়িত্বত আছে। ছৱিখনৰ চিত্ৰনাট্য শুনিবলৈকে মুম্বাইলৈ উৰা মাৰিছে 'দাদা’।

সৌৰভৰ জীৱনীমূলক ছবিয়ে তেওঁৰ ক্ৰিকেট জীৱনৰ উত্থান-পতনক উপস্থাপন কৰিব। তেওঁৰ জীৱনৰ উত্থান-পতন, বিতৰ্ক, প্ৰত্যাৱৰ্তন – সকলোবোৰ ছবিখনত থাকিব। ছৱিৰ স্ক্ৰিপ্টখনৰ বিষয়ে অতি সাৱধান গাংগুলী। গতিকে যিকোনো বস্তু চূড়ান্ত কৰাৰ আগতে পৰিচালকে স্ক্ৰিপ্টখন গাংগুলীক দেখুৱাই লৈছে। সূত্ৰঅনুসৰি, মঙলবাৰৰ বৈঠকৰ পিছত স্ক্ৰিপ্টখন চূড়ান্ত কৰা হ'ব।

নিজৰ বায়োপিকৰ ওপৰত গাংগুলীয়ে টুইটাৰত এইদৰে লিখিছে- "ক্ৰিকেট মোৰ জীৱন। ই মোক আত্মবিশ্বাস দিছে, আগবাঢ়ি যোৱাৰ সামৰ্থ্য দিছে। এই যাত্ৰাৰ সোৱাদ হৈছে আনন্দ। মোৰ জীৱন ডাঙৰ পৰ্দাত দেখুওৱা হ'ব।''

উল্লেখ্য যে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কসকলৰ ভিতৰত বিতৰ্কিত অধিনায়ক মহম্মদ আজহাৰুদ্দিন আৰু মহেন্দ্ৰ সিং ধোনীৰ বায়’পিক নিৰ্মাণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু