--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলিপুৰ আদালতে সোমবাৰে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে। ফাষ্ট বলাৰগৰাকীৰ  বিৰুদ্ধে তেওঁৰ পত্নী হাছিন জাহানে এটা গোচৰ দাখিল কৰিছিল। সেই গোচৰৰে ৰায় ঘোষণা কৰিছে আদালতে। বিচাৰকৰ মতে, ছামীয়ে এতিয়াৰে পৰা হাছিনক মাহে পঞ্চাশ হেজাৰ টকা পৰিশোধ কৰিব লাগিব।

আলিপুৰ আদালতৰ এই ৰায়ৰ পিছতে ফাষ্ট বলাৰগৰাকীয়ে আকৌ এবাৰ শিৰোনাম দখল কৰিছে। হাছিনে ছামীৰ স’তে বিবাহ বিচ্ছেদৰ সময়ত তেওঁৰ পৰা প্ৰতি মাহে ১০ লাখ টকা দাবী কৰিছিল। কিন্তু বিচাৰকজনে পঞ্চাশ হেজাৰ টকাৰ ৰায় দিয়ে।

ছামীৰ তেওঁৰ পত্নীৰ সৈতে বিবাদ ২০১৮ চনত আৰম্ভ হৈছিল। হাছিনে ঘৰুৱা হিংসাকে ধৰি কেইবাটাও অভিযোগত তেওঁৰ স্বামীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল।

অৱশ্যে আৰম্ভণিতে দুয়োজনে প্ৰেমত পৰিয়েই বিবাহপাশত আৱদ্ধ হৈছিল। ছামী আৰু হাছিনৰ মাজত বয়সৰ পাৰ্থক্য ১০ বছৰ। হাছিন ছামীতকৈ ১০ বছৰ ডাঙৰ। কিন্তু এই বয়সৰ পাৰ্থক্যই তেওঁলোকক প্ৰেমত পৰাত বাধা দিয়া নাছিল। দুবছৰৰ ঘনিষ্ঠ বন্ধুত্বৰ পিছত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়।

ছামীয়ে ২০১২ চনত আই পি এলৰ সময়ত হাছিনক লগ পাইছিল। দ্ৰুত বলাৰজনে সেই সময়ত কলকাতা নাইট ৰাইডাৰ্ছ দলত খেলিছিল। তেওঁ মডেল হাছিনৰ সৈতে বন্ধুত্ব কৰিছিল।

তেওঁলোক দুবছৰ ধৰি প্ৰেমত আছিল। তাৰ পিছত তেওঁ ২০১৪ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ ছোৱালী আয়ৰাৰ জন্ম ২০১৫ চনৰ জুলাইত হৈছিল।

কিন্তু বিবাহৰ চাৰি বছৰৰ পিছত ছামী-হাছিনৰ সম্পৰ্কলৈ তিক্ততা আহিছিল। হাছিনে স্বামীৰ ওপৰত ঘৰুৱা হিংসাৰ অভিযোগ তুলি আৰক্ষী চকীলৈ গৈছিল।

হাছিনে অভিযোগ কৰিছিল যে ছামী মেচ ফিক্সিংতো জড়িত আছিল। তেওঁ এগৰাকী পাকিস্তানী মহিলাৰ পৰা টকা লৈছিল। হাছিনে এইটোও অভিযোগ কৰিছিল যে তেওঁ কেইবাগৰাকীও মহিলাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত আছিল।

তেওঁৰ অভিযোগৰ পিছত বিচিচিআইয়ে ভাৰতীয় দলৰ সৈতে ছামীৰ চুক্তি বাতিল কৰিঠিস। অৱশ্যে পিছত ক্ৰিকেট বোৰ্ডে পুনৰ ছামীৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। মেচ ফিক্সিং তদন্তত দ্ৰুত বলাৰগৰাকীয়ে ক্লিন চিট পাইছিল।

হাছিনে ছামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰিছিল। তেওঁ আৰক্ষীক কৈছিল যে ছামীৰ পৰিয়ালৰ সদস্যসকলে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। হাছিনে আনকি ছামীৰ ভায়েকৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

হাছিনে লগতে অভিযোগ কৰিছিল যে ছামীৰ বাংগালুৰু, পুনে আৰু নাগপুৰৰ কেইবাজনীও মহিলাৰ সৈতে সম্পৰ্ক আছিল। তেওঁ দাবী কৰিছিল যে ছামীয়ে লণ্ডনৰ এজন ব্যৱসায়ীৰ জৰিয়তে এই মহিলাসকলক লগ পাইছিল।

হাছিনে ছামীৰ সৈতে হোৱা কথোপকথনৰ স্ক্ৰীণশ্বট আৰু প্ৰমাণ হিচাপে আৰক্ষীক ফোন কলৰ ৰেকৰ্ডিং দিছিল। তেওঁ দাবী কৰিছিল যে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পিছত ছামীয়ে ডুবাইত এগৰাকী মহিলাক লগ পাইছিল।

দ্ৰুত বলাৰজনে তেওঁৰ পত্নীৰ দ্বাৰা উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে তেওঁক বদনাম কৰিবলৈ আৰু ক্ৰিকেট কেৰিয়াৰ নষ্ট কৰিবলৈ এই মিছা অভিযোগবোৰ কৰিছিল।

হাছিন পশ্চিম বংগৰ বীৰভূমৰ এটা বঙালী মুছলমান পৰিয়ালৰ জীয়ৰী। ২০০২ চনত তেওঁ তাত থকা এজন ক্ষুদ্ৰ ব্যৱসায়ী শ্বেখ চৈফুদ্দিনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তানো আছে। দীৰ্ঘদিন একেলগে থকাৰ পিছত ২০১০ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।

হাছিনে মডেলিং জগতত কেৰিয়াৰ গঢ়িব বিচাৰিছিল। উচ্চ শিক্ষাও গ্ৰহণ কৰিবলৈ উলাইছিল। কিন্তু প্ৰথম স্বামী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ ইচ্ছাক প্ৰতিৰোধ কৰিছিল। সেইকাৰণে তেওঁলোকৰ বিবাহ ভাঙি গৈছিল। হাছিন বীৰভূমৰ পৰা কলকাতালৈ আহিছিল।

হাছিন কলকাতালৈ আহিছিল আৰু মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০১৮ চনত তেওঁক 'দুঃখিত' নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰা দেখা গৈছিল। তেতিয়াই আই পি এলৰ সময়ত হাছিন ছামীৰ ঘনিষ্ঠ হৈ পৰিছিল।

সোমবাৰে হাছিনৰ গোচৰত আলিপুৰ জিলা আৰু সত্ৰ আদালতৰ দ্বাৰা প্ৰদান কৰা আদেশত হাছিন সুখী নহয়। তেওঁ প্ৰতি মাহে ১০ লাখ টকাৰ পৰিৱৰ্তে মাত্ৰ ৫০,০০০ টকা লাভ কৰি সন্তুষ্ট হ'ব নোৱাৰিলে। তেওঁৰ উকীলে কৈছে যে অতিশীঘ্ৰে উচ্চ ন্যায়ালয়ৰ কাষ চপা হ’ব।

আলিপুৰ আদালতৰ ন্যায়াধীশ অনিন্দিতা গংগোপাধ্যায়ে ছামীক প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত হাছিনক ৫০,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। ২০১৮ চনত গোচৰটো আৰম্ভ হোৱাৰ সময়ৰ পৰা আদেশটো কাৰ্যকৰী হ'ব। অৰ্থাৎ, সেই বছৰৰ মাৰ্চ মাহত গোচৰ ৰুজু হোৱাৰ সময়ৰ পৰা ছামীয়ে বকেয়া পৰিশোধ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?