--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতৰ বিদায় বেলা সমাগত। লাহে লহে অসমকে ধৰি উত্তৰ  ভাৰততগৰমৰ অনুভৱ কৰিব পৰা হৈছে। বিশেষজ্ঞসকলৰ মতে এইবেলি বিশ্বৰ বিভিন্ন প্ৰান্তত গৰমৰ তীব্ৰতা বৃদ্ধি পাব। ফলত   হিট ষ্ট্ৰোক, তাপ ক্ৰেম্প, তাপ অৱসাদ, আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় জটিলতাৰ  উদ্ভৱ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে কৈ আহিছে। 

বিশেষজ্ঞৰ মতে  হিট ষ্ট্ৰোক হৈছে এক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা । ইয়াৰ তৎক্ষণাৎ চিকিৎসা অবিহনে গুৰুতৰ পৰিণাম বা মৃত্যুও হ'ব পাৰে। যোৱা কেইদিনমানত, ডায়েৰিয়া, গেষ্ট্ৰোএণ্টেৰাইটিছ, টাইফইড, হিট ষ্ট্ৰোক, আৰু ভাইৰেল জ্বৰৰ ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে। 

গ্ৰীষ্মকালত সুৰক্ষিত থাকিবলৈ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো অত্যাৱশ্যকীয়। সঠিকভাৱে পনীয়া বস্তু সেৱন কৰাৰ পৰা পাতল আৰু ঢিলা পোছাক পৰিধান কৰা, সূৰ্যৰ তাপৰ পৰা নিজকে ৰক্ষা কৰা আদি ব্যৱস্থাসমূহ এই সময়ত গ্ৰহণ কৰাটো অতি জৰুৰী। 

বিএলকে-মেক্স চুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ জ্যেষ্ঠ সঞ্চালক  ডাঃ ৰজিন্দৰ কুমাৰ সিংগলে অত্যাধিক গৰমত  সুৰক্ষিত থকাৰ পৰামৰ্শৰ কেতবোৰ আগবঢ়াইছে। 

গৰমৰ অৱসাদ 
ডাঃ সিংগলে ব্যাখ্যা কৰে যে তাপ অৱসাদ হৈছে এক মৃদু তাপ-সম্পৰ্কীয় ৰোগ, যি উষ্ণতা বৃদ্ধিৰ ফলত  হয় ।  যেতিয়া কোনো লোকে পৰ্যাপ্ত পানী বা অন্যান্য  তৰল নাখায় তেতিয়া এনে অৱসাদ হ’ব পাৰে। । গৰমৰ অৱসাদৰ সৰ্বাধিক বিপদাশংকা থকা লোকসকল হৈছে বৃদ্ধ, উচ্চ ৰক্তচাপ থকা লোক, আৰু গৰমত কাম কৰা বা ব্যায়াম কৰা লোক।

 হিট ষ্ট্ৰোক 
ডাঃ সিংগলে কয়  তাপ অৱসাদৰ ফলত হিট ষ্ট্ৰোক হ'ব পাৰে, ই এক গুৰুতৰ তাপ-সম্পৰ্কীয় ৰোগ। হিট ষ্ট্ৰোক হৈছে যেতিয়া শৰীৰৰ তাপমাত্ৰা দ্ৰুততাৰে বৃদ্ধি হয়  আৰু  শৰীৰে নিজকে শীতল কৰিব নোৱাৰে।

এনে অৱস্থাত লগে লগে চিকিৎসা কৰোৱাব লাগে । হিট ষ্ট্ৰোক হৈছে এক চিকিৎসা সম্পৰ্কীয়  জৰুৰীকালীন অৱস্থা। যদি জৰুৰী কালীন চিকিৎসা প্ৰদান কৰা নহয় তেন্তে হিট ষ্ট্ৰোকৰ ফলত মৃত্যু বা স্থায়ী বিকলাঙ্গতা হ'ব পাৰে।

গ্ৰীষ্মকালত গৰমৰ পৰা সুৰক্ষিত থাকিবলৈ কেইটামান  পৰামৰ্শ 
ডাঃ সিংগলে এই গ্ৰীষ্মকালত সুৰক্ষিত থকাৰ কেইটামান পৰামৰ্শ দিছে-

শৰীৰত পানীৰ সমতা বজাই ৰাখক
তাপ প্ৰবাহৰ লগতে প্ৰচণ্ড গৰমৰ সৈতে যুঁজিবলৈ, নিজকে ভালদৰে হাইড্ৰেটেড কৰি ৰখা আৰু শৰীৰৰ উষ্ণতা হ্ৰাস কৰাত সহায় কৰা উচিত। খাদ্য তালিকাত পনীয়া খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যাৱশ্যকীয়। ঘামৰ দ্বাৰা হেৰুওৱা তৰল পূৰণ কৰিবলৈ পৰ্যাপ্ত পানী গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ ।  

সতেজ ফল-মূল, খাদ্য খাওক
সতেজ ফল আৰু পাচলি বাছনি কৰাটো হাইড্ৰেটেড হৈ থকাৰ এক উৎকৃষ্ট উপায়।  কিয়নো সেইবোৰ কেৱল পানীৰ পৰিমাণেৰে সমৃদ্ধ নহয় ,  লগতে অত্যাৱশ্যকীয় পুষ্টিৰেও ভৰা। ভাৰতীয় ৰন্ধনপ্ৰণালীয়ে বিভিন্ন ধৰণৰ খাদ্যবিকল্প প্ৰদান কৰে যিবোৰ গৰমৰ দিনবোৰৰ বাবে আদৰ্শ খাদ্য হ’ব পাৰে। 

ঢিলা পোছাক পিন্ধিব
গ্ৰীষ্মৰ মাহবোৰত জীৱনশৈলীৰ সালসলনি কৰাটো গুৰুত্বপূৰ্ণ। অত্যাধিক ঘাম প্ৰতিহত কৰিবলৈ ঢিলা আৰু পাতল ৰঙৰ পোছাক বাছনি কৰিব। পাতল ৰঙৰ  কাপোৰযেনে হাত বিহীন বা ঢিলা হাতৰ পোছাক।আদিয়ে  বায়ু সঞ্চালনত সহায় কৰে। 

গৰম জাতীয়  পানীয় গ্ৰহণ সীমিত কৰক
চাহ, কফি আৰু সুৰা সেৱন সীমিত কৰক। পাতল আহাৰ বাছনি কৰক আৰু সংসাধিত আৰু নিমখীয়া খাদ্যৰ পৰা আঁতৰি থাকক।

গ্ৰীষ্মকালীন আহাৰ
আপোনাৰ আহাৰত তৰমুজ,  শাক, বাটাৰমিল্ক, আম, নেমু, দৈ, নাৰিকল আৰু পুদিনা আদিৰ দৰে সতেজ খাদ্য অন্তৰ্ভুক্ত কৰক। আনহাতে, পৰাপক্ষত কফি, আচাৰ, চডা, অত্যাধিক ফলৰ ৰস, সুৰা, উচ্চ নিমখ গ্ৰহণ, মিল্কশ্বেক, ভজা খাদ্য আৰু জাংক ফুড পৰিহাৰ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement