--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী মানুহেই মুখত বয়স বৃদ্ধিৰ চাপ নপৰাটো বিচাৰে। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই আকাংক্ষা অধিক হোৱা দেখা যায়। মুখত যাতে বয়সৰ চাপ নপৰে তাৰবাবে মহিলাসকলে বিভিন্ন ব্যয়বহুল সামগ্ৰীৰ আশ্ৰয় লয়। 

আহাৰতো মহিলাসকল যথেষ্ট সাৱধান হয় যাতে বয়স বৃদ্ধিৰ চাপ মুখত নপৰাকৈ থাকে। স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে কয় যে তেনেই সাধাৰণ তিনি বিধ খাদ্য সামগ্ৰী গ্ৰহণ কৰি বয়স বৃদ্ধিৰ চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি। এই খাদ্য সামগ্ৰীয়ে ছালখন সতেজ, কম বয়সীয়া আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।

কি এই তিনি বিধ বিশেষ খাদ্য সামগ্রী?

১. নেমু

পুৱা মহিলাসকলে নেমুৰ ৰস কুহুমীয়া পানীত মিহলি কৰি পান কৰিব পাৰে। লগতে ইয়াক দৈনিক আহাৰৰ লগত খাব পাৰিলে ভাল। নেমুত যথেষ্ট পৰিমাণৰ ভিটামিন চি পোৱা যায়, যাক ছালৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। নেমুৰ ব্যৱহাৰে ছাল সতেজ কৰাৰ লগতে মুখৰ দাগবোৰো কমোৱাত সহায় কৰে।


২. আখৰোট

আখৰোটত থাকে মহিলাসকলৰ শৰীৰৰ বাবে আটাইতকৈ অত্যাৱশ্যকীয় অমেগা-৩ চৰ্বি। এই চৰ্বিয়ে ছালৰ কোষৰ আৱৰণ শক্তিশালী কৰি আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই আৰ্দ্ৰতা আৰু পুষ্টি আৱদ্ধ কৰি ৰাখে, যিয়ে ছাল উজ্জ্বল কৰি ৰাখে। আখৰোটত বহুতো পুষ্টি থাকে, যাৰ বাবে ইয়াক ছালৰ বাবে সৰ্বোত্তম শুকান ফল বুলি কোৱা হয়।


৩. মিঠা আলু

মিঠা আলুত বিটা-কেৰোটিন পোৱা যায়, যি চুলি, ছাল আৰু নখৰ পুষ্টিৰ বাবে কাম কৰে। ইয়াৰ লগতে, ইয়াত অমেগা-৩ ফেটি এচিড, ভিটামিন এ, বি, চি, ডি, ই আৰু কে পোৱা যায়, যিবোৰ মানুহৰ স্বাস্থ্যৰ বাবে অতি ভাল। মানুহৰ শৰীৰত থকা মুক্ত ৰেডিকেলবোৰে মুখত বয়সৰ চাপ পেলায় কিন্তু যদি মহিলাসকলে মিঠা আলু খাই তেন্তে ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে  মুক্ত ৰেডিকেলবোৰ বন্ধ কৰি বয়সৰ চাপ দূৰ কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ