--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী মানুহেই মুখত বয়স বৃদ্ধিৰ চাপ নপৰাটো বিচাৰে। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই আকাংক্ষা অধিক হোৱা দেখা যায়। মুখত যাতে বয়সৰ চাপ নপৰে তাৰবাবে মহিলাসকলে বিভিন্ন ব্যয়বহুল সামগ্ৰীৰ আশ্ৰয় লয়। 

আহাৰতো মহিলাসকল যথেষ্ট সাৱধান হয় যাতে বয়স বৃদ্ধিৰ চাপ মুখত নপৰাকৈ থাকে। স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে কয় যে তেনেই সাধাৰণ তিনি বিধ খাদ্য সামগ্ৰী গ্ৰহণ কৰি বয়স বৃদ্ধিৰ চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি। এই খাদ্য সামগ্ৰীয়ে ছালখন সতেজ, কম বয়সীয়া আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।

কি এই তিনি বিধ বিশেষ খাদ্য সামগ্রী?

১. নেমু

পুৱা মহিলাসকলে নেমুৰ ৰস কুহুমীয়া পানীত মিহলি কৰি পান কৰিব পাৰে। লগতে ইয়াক দৈনিক আহাৰৰ লগত খাব পাৰিলে ভাল। নেমুত যথেষ্ট পৰিমাণৰ ভিটামিন চি পোৱা যায়, যাক ছালৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। নেমুৰ ব্যৱহাৰে ছাল সতেজ কৰাৰ লগতে মুখৰ দাগবোৰো কমোৱাত সহায় কৰে।


২. আখৰোট

আখৰোটত থাকে মহিলাসকলৰ শৰীৰৰ বাবে আটাইতকৈ অত্যাৱশ্যকীয় অমেগা-৩ চৰ্বি। এই চৰ্বিয়ে ছালৰ কোষৰ আৱৰণ শক্তিশালী কৰি আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই আৰ্দ্ৰতা আৰু পুষ্টি আৱদ্ধ কৰি ৰাখে, যিয়ে ছাল উজ্জ্বল কৰি ৰাখে। আখৰোটত বহুতো পুষ্টি থাকে, যাৰ বাবে ইয়াক ছালৰ বাবে সৰ্বোত্তম শুকান ফল বুলি কোৱা হয়।


৩. মিঠা আলু

মিঠা আলুত বিটা-কেৰোটিন পোৱা যায়, যি চুলি, ছাল আৰু নখৰ পুষ্টিৰ বাবে কাম কৰে। ইয়াৰ লগতে, ইয়াত অমেগা-৩ ফেটি এচিড, ভিটামিন এ, বি, চি, ডি, ই আৰু কে পোৱা যায়, যিবোৰ মানুহৰ স্বাস্থ্যৰ বাবে অতি ভাল। মানুহৰ শৰীৰত থকা মুক্ত ৰেডিকেলবোৰে মুখত বয়সৰ চাপ পেলায় কিন্তু যদি মহিলাসকলে মিঠা আলু খাই তেন্তে ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে  মুক্ত ৰেডিকেলবোৰ বন্ধ কৰি বয়সৰ চাপ দূৰ কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু