--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিখ্যাত টিভি ধাৰাবাহিক মহাভাৰতৰ কৃষ্ণ নীতিশ ভৰদ্বাজে দখল কৰিছে সংবাদ শিৰোনাম । বৃহস্পতিবাৰে (১৫ ফেব্ৰুৱাৰী) নীতিশে তেওঁৰ প্ৰাক্তন পত্নী স্মিতা গেটৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। 

এই অভিযোগ সন্দৰ্ভত নীতিশ ভৰদ্বাজে কয় যে ''মই এই গোচৰটো আইনৰ পৰিসৰৰ ভিতৰত যুঁজিব লাগিব আৰু মই তেনেকৈয়ে কৰি আছো। ভাৰতৰ আইনৰ ওপৰত মোৰ বিশ্বাস আছে।''

নীতিশ ভৰদ্বাজে কয় যে ''স্মিতা গেটে মোক মোৰ কন্যাৰ পৰা আঁতৰাই ৰাখিবলৈ ৰচনা কৰা ষড়যন্ত্ৰৰ সকলো প্ৰমাণ মই মুম্বাইৰ পৰিয়াল আদালতক দিছো। যেতিয়া কন্যাৰ তত্ত্বাৱধানৰ যুক্তি আৰম্ভ হ’ব, তেতিয়া আমি তেওঁলোকৰ প্ৰমাণক আমাৰ যুক্তিৰ ভিত্তি কৰিম। তেওঁ আৰু কয় যে আপুনি কাকো দুৰ্যোধন হোৱাত বাধা দিব নোৱাৰে। গণতান্ত্ৰিক ব্যৱস্থাত এটা সীমা আছে। এই সীমাৰ ভিতৰত থাকি জটিলতাসমূহ সমাধান কৰিব লাগিব। গতিকে আইন-শৃংখলাৰ পৰিসৰৰ ভিতৰত থাকি এই গোচৰটো যুঁজিব লাগিব।''

নীতিশৰ অভিযোগ যে স্মিতাই তেওঁক কোনোদিন কন্যা সন্তানৰ বিষয়ে একো জনোৱা নাই। মোৰ ছোৱালীকেইজনীয়ে ক’ত পঢ়ি আছে, ক’ত আছে নাজানো। এইক্ষেত্ৰত মোৰ IAS পত্নীয়ে নিজ পদৰ অপ ব্যৱহাৰ কৰিছে। সেয়েহে মুখ্যমন্ত্ৰী মোহন যাদৱক লগ কৰি সকলো তথ্য দিছিলো।'' তেওঁ আৰু কয় যে ''মই দুয়োগৰাকী ছোৱালীৰ তত্ত্বাৱধান বিচাৰিছো, কাৰণ মোৰ পত্নীৰ যি আচৰণ সেয়া মোৰ ছোৱালীকেইজনীৰ ভৱিষ্যতৰ বাবে ভাল নহয়।''

এই সন্দৰ্ভত ভূপাল আৰক্ষী আয়ুক্ত হৰিনাৰায়ণচাৰী মিশ্ৰই কয় যে এই সন্দৰ্ভত এজাহাৰ পোৱা গৈছে। বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে এগৰাকী জ্যেষ্ঠ পৰ্যায়ৰ মহিলা বিষয়াই। এই বিষয়ত বহু সমস্যাৰ সৃষ্টি হৈছে। মহিলা বিষয়াগৰাকীয়ে সকলো তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব। 

উল্লেখ্য যে নীতিশে দুবাৰ বিয়া পাতিছিল, কিন্তু তেওঁৰ দুয়োখন বিবাহ স্থায়ী নহ’ল। 

১৯৯১ চনত মনিষা পাটিলৰ সৈতে প্ৰথম বিবাহিত জীৱন আৰম্ভ কৰিছিল যদিও ২০০৫ চনত এই বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত নীতিশে স্মিতাক বিয়া কৰায়। ২০০৯ চনত নীতিশ আৰু স্মিতাৰ বিবাহ হৈছিল আৰু দুয়োৰে যমজ কন্যা সন্তান আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু