--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিখ্যাত টিভি ধাৰাবাহিক মহাভাৰতৰ কৃষ্ণ নীতিশ ভৰদ্বাজে দখল কৰিছে সংবাদ শিৰোনাম । বৃহস্পতিবাৰে (১৫ ফেব্ৰুৱাৰী) নীতিশে তেওঁৰ প্ৰাক্তন পত্নী স্মিতা গেটৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। 

এই অভিযোগ সন্দৰ্ভত নীতিশ ভৰদ্বাজে কয় যে ''মই এই গোচৰটো আইনৰ পৰিসৰৰ ভিতৰত যুঁজিব লাগিব আৰু মই তেনেকৈয়ে কৰি আছো। ভাৰতৰ আইনৰ ওপৰত মোৰ বিশ্বাস আছে।''

নীতিশ ভৰদ্বাজে কয় যে ''স্মিতা গেটে মোক মোৰ কন্যাৰ পৰা আঁতৰাই ৰাখিবলৈ ৰচনা কৰা ষড়যন্ত্ৰৰ সকলো প্ৰমাণ মই মুম্বাইৰ পৰিয়াল আদালতক দিছো। যেতিয়া কন্যাৰ তত্ত্বাৱধানৰ যুক্তি আৰম্ভ হ’ব, তেতিয়া আমি তেওঁলোকৰ প্ৰমাণক আমাৰ যুক্তিৰ ভিত্তি কৰিম। তেওঁ আৰু কয় যে আপুনি কাকো দুৰ্যোধন হোৱাত বাধা দিব নোৱাৰে। গণতান্ত্ৰিক ব্যৱস্থাত এটা সীমা আছে। এই সীমাৰ ভিতৰত থাকি জটিলতাসমূহ সমাধান কৰিব লাগিব। গতিকে আইন-শৃংখলাৰ পৰিসৰৰ ভিতৰত থাকি এই গোচৰটো যুঁজিব লাগিব।''

নীতিশৰ অভিযোগ যে স্মিতাই তেওঁক কোনোদিন কন্যা সন্তানৰ বিষয়ে একো জনোৱা নাই। মোৰ ছোৱালীকেইজনীয়ে ক’ত পঢ়ি আছে, ক’ত আছে নাজানো। এইক্ষেত্ৰত মোৰ IAS পত্নীয়ে নিজ পদৰ অপ ব্যৱহাৰ কৰিছে। সেয়েহে মুখ্যমন্ত্ৰী মোহন যাদৱক লগ কৰি সকলো তথ্য দিছিলো।'' তেওঁ আৰু কয় যে ''মই দুয়োগৰাকী ছোৱালীৰ তত্ত্বাৱধান বিচাৰিছো, কাৰণ মোৰ পত্নীৰ যি আচৰণ সেয়া মোৰ ছোৱালীকেইজনীৰ ভৱিষ্যতৰ বাবে ভাল নহয়।''

এই সন্দৰ্ভত ভূপাল আৰক্ষী আয়ুক্ত হৰিনাৰায়ণচাৰী মিশ্ৰই কয় যে এই সন্দৰ্ভত এজাহাৰ পোৱা গৈছে। বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে এগৰাকী জ্যেষ্ঠ পৰ্যায়ৰ মহিলা বিষয়াই। এই বিষয়ত বহু সমস্যাৰ সৃষ্টি হৈছে। মহিলা বিষয়াগৰাকীয়ে সকলো তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব। 

উল্লেখ্য যে নীতিশে দুবাৰ বিয়া পাতিছিল, কিন্তু তেওঁৰ দুয়োখন বিবাহ স্থায়ী নহ’ল। 

১৯৯১ চনত মনিষা পাটিলৰ সৈতে প্ৰথম বিবাহিত জীৱন আৰম্ভ কৰিছিল যদিও ২০০৫ চনত এই বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত নীতিশে স্মিতাক বিয়া কৰায়। ২০০৯ চনত নীতিশ আৰু স্মিতাৰ বিবাহ হৈছিল আৰু দুয়োৰে যমজ কন্যা সন্তান আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ